মিচিং শব্দকোষ í é : é í - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, January 4, 2022

মিচিং শব্দকোষ í é : é í

 

মিচিং শব্দকোষ

í é : é í

জাতিৰাম কামান



      বহু কবি সাহিত্যিকে গল্প-কবিতা,উপন্যাস,নাটক আদি সুন্দৰভাৱে ৰচনা কৰিব পাৰিলেও এগৰাকী ভাষাতত্ববিধ বা ভাষাবিদ হোৱাটো সম্ভৱপৰ নহয়।ভাষাবিজ্ঞান বা ভাষাশাস্ত্ৰৰ পণ্ডিত হবলৈ প্ৰথমেই যিকোনো এটা ভাষাৰ বিষয়ে গভীৰ অধ্যয়ন আৰু জ্ঞানৰ প্ৰয়োজন।মুঠতে ভাষাতত্ত্ববিদ হোৱাটো একপ্ৰকাৰ সুকঠিন কাম।সাহিত্যজগতৰ অধিকাংশ লেখক লেখিকাই শুদ্ধৰূপত ভাষাটো লিখিব নোৱাৰে।আজিকালি সংবাদসেৱা বা বৈদ্যুতিন মাধ্যমতটো শব্দই প্ৰতি ভুল,বানানে প্ৰতি ভুল;আনকি উচ্ছাৰণতো দৃষ্টিকটুভাৱে ভুল ধৰা পৰে বাতৰি দিওঁতা ঘোষক-ঘোষিকাসকলৰ।

     প্ৰয়াত ড০ মহেশ্বৰ নেওগ,ড০ নগেন শইকীয়া সমন্বিতে মাত্ৰ মুষ্টিমেয় কেইগৰাকীমান বৰেণ্য সাহিত্যিক আছে যিসকল ভাষা আৰু ভাষাৰ প্ৰয়োগক লৈ অত্যন্ত সচেতন।সাম্প্ৰতিক কালৰ এগৰাকী লেখত লবলগীয়া উপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ অন্যন্য সৃষ্টি 'মেৰেং' খনৰো শব্দ, বাক্য আৰু বানানৰ বাৰেপাচি ভুল ধৰি পাতনি লিখিছে শ্ৰদ্ধেয় দেবেন দত্ত চাৰে।মুঠতে ভাষাৰ ক্ষেত্ৰত অপ্ৰমাদী হোৱাটো সুকঠিন কাম।

     লেখনিৰ শিৰোনামটোতেই আলোচনাৰ  বিষয়টোযে ভাষাৰ ওপৰত হব ইয়াৰ মুটামুটি ধাৰণা এটা পাঠকে কৰিব পাৰিছে নিশ্চয়।"মিচিং শব্দকোষ"অৰ্থাৎ Mising Gompir Kumsungৰ কথাটো প্ৰথমে আমি "মিতভাষ"খ্যাত ড০ নগেন শইকীয়া চাৰৰ মুখৰ পৰাই গম পালো।আমাৰ অসম কাকতৰ 'স্বনিৰ্বাচিত' শিতানৰ নিয়মীয়া স্তম্ভলেখনত মাজে সময়ে ড০ শইকীয়া চাৰে লেখা দিয়ে।প্ৰথমেই ড০ নগেন শইকীয়া দেৱৰ মিত্ভাষনো কি তাৰ আভাস এটা দিছোঁ।মিতভাষ হল ড০ নগেন শইকীয়াদেৱে সৃষ্টি কৰা একক আৰু মৌলিক ৰচনাশৈলী।মিতভাষৰ প্ৰকাশভংগী গদ্যও নহয় পদ্যও নহয়।মিতভাষৰ গদ্যৰীতি সুকীয়া,স্ববৈশিষ্ট্যৰে সমৃদ্ধ কথনৰীতি।

   সেই মিত্ভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়াদেৱে শ্ৰদ্ধেয় টাবুৰাম টাইদদেৱে ৰচনা কৰা MISING GOMPIR KUMSUNG,মিচিং শব্দকোষ(A Dictionary of the Mising Language(Mising to Mising,Assamese,English) অভিধানটিৰ বিষয়ে বৰ সুন্দৰ টোকা এটা লিখি দিছিল।জ্ঞানীয়েহে জ্ঞানীৰ মূল বুজা কথাটো ড০ শইকীয়া চাৰ আৰু প্ৰয়াত টাবু টাইদদেৱৰ ক্ষেত্ৰত খাপ খাইছিল।ড০ শইকীয়া চাৰে শব্দকোষখন এটা অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ বুলি অভিহিত কৰা কাৰণে নিজেই বিচাৰি গৈছিলো টাবু টাইদদেৱৰ ওচৰলৈ।তেতিয়া তেওঁ জীৱিত আছিল।তেওঁ আমাক 'আনন্দৰাম বৰুৱা ভাষা,কলা কৃষ্টি কেন্দ্ৰ'ৰ পৰা কপিটো যোগাৰ কৰিবলৈ কলে কিন্তু আমি নাপালো।আজি দুদিনমানৰ আগতে সম্পৰ্কীয় মানুহ এঘৰৰ পৰা ধাৰলৈ আনি চকু ফুৰাই আছোঁ।

     ড০ নগেন শইকীয়াই শব্দকোষখন এনেয়ে কোৱা নাই যে গ্ৰন্থখন বিজ্ঞানসন্মতভাৱে লিখা সুন্দৰ ব্যাকৰণ সমৃদ্ধ এখন গ্ৰন্থ বুলি!তেওঁৰমতে সকলোৱে বুজিব পৰাকৈ,সুন্দৰকৈ বিস্তৰভাৱে,পুংখানুপুংখৰূপে সাৱলীলভাৱে বিশ্লেষণ কৰা এখন অভিধান।

     আমি Oxford Advanced Learners  Dictionary বা হেমকোষ দুয়োটাই চকু ফুৰোৱাৰ লগতে কিছু কিছু অধ্যয়নো কৰিছোঁ।আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে আমি ইয়াকেই কব পাৰোঁ যে Mising Gompir Kumsungখন Oxford Advanced Learners Dictionary বা 'হেমকোষ'ৰ মানদণ্ডতকৈ কোনোগুণে কম নহয়।মিচিং ভাষাটো লিখিব আৰু পঢ়িব পৰাকৈ সম্যকভাৱে বৰ সুন্দৰকৈ উদাহৰন সহকাৰে বিশ্লেষণ কৰা হৈছে।আখৰ চিনাকি,শব্দৰ জোঁটনি,ধব্নি,উচ্ছাৰণৰ লগতে প্ৰয়োজনীয় সকলো দিশ সামৰি শব্দকোষখন ৰচনা কৰা হৈছে।শব্দকোষখন পঢ়িলে বেলেগে মিচিং ব্যাকৰণ(grammar)পঢ়াৰ প্ৰয়োজনবোধ নহব।যিকোনো অনা মিচিং বা বিদেশী ছাত্ৰ ছাত্ৰীয়ে Gompir Kumsung খন অধ্যয়ন কৰিলে সহজে শিকিব পাৰিব।অৱশ্যে একানপতীয়াকৈ মনোযোগ দি পঢ়িব লাগিব।

    মিচিং শব্দকোষখন Oxford Dictionaryৰ অাৰ্হিতকৈ এধাপ ওপৰলৈ গৈ মিচিং ব্যাকৰণটো শব্দকোষতেই সন্নিৱিষ্ট কৰা আছে বিস্তৃতভাৱে।ব্যাকৰণৰ ৰীতি,ধ্বনি,উচ্ছাৰণ পদ্ধতি,ধাতু,পদ,শব্দৰ গাঁথনি,বাক্য বিন্যাস,বচন,কাল প্ৰত্যয় আদি নতুনকৈ লিখি সন্নিৱিষ্ট কৰিব লাগে বুলি আমাৰ মনে নধৰে।পৰৱৰ্তী সম্পাদনত,মাত্ৰ থাকি যোৱা ন ন শব্দহে সংযোজন কৰিব পাৰিব।বাকী "শব্দকোষ"খন প্ৰণয়ন কৰাৰ বুনিয়াদী ধাৰাটো ৰদ বদলৰ প্ৰয়োজন মুঠেও নাই।

     এক কথাত কবলৈ গলে মিচিং শব্দকোষ বা Mising Gompir Kumsung হল মিচিং ভাষাৰ "হেমকোষ"স্বৰূপ।গমপিৰ কুমচুঙক বুনিয়াদ হিচাপে লৈয়েই আমাৰ ভাষাটো পুৰাদমে চৰ্চা কৰিব পৰাৰ থল আছে।ইয়াত কোনো সন্দেহ নাই যে Mising Gompir Kumsung খন আন্তৰ্জাতিক ষ্টেণ্ডাৰ্ডৰ শব্দকোষ।এই অভিধানখন বিশ্বৰ  যিকোনো কলেজ বিশ্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অনায়াসে অধ্যয়ন কৰিব পাৰিব।আনকি অন্য বিদেশী ছাত্ৰ ছাত্ৰীয়ে মিচিং ভাষাৰ গৱেষণাৰ কামতো ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হব এই গ্ৰন্থৰ যোগেদি।

    Mising Gompir Kumsung ৰ editorial board ত আছে সৰ্ব্বশ্ৰী -

শ্ৰীযুত নাহেন্দ্ৰ পাদুন

ড০ বসন্ত কুমাৰ দলে

ডিঃৰাম কুম্বাং(প্ৰয়াত)

চন্দ্ৰকান্ত লাচন(প্ৰয়াত)

প্ৰফেছৰ টাবুৰাম টাইদ(প্ৰয়াত)

আৰু চেঙাৰাম মৰাং(প্ৰয়াত) সভাপতি মিঃ আঃ কৗ

         ডা০ ঘনকান্ত লাগাছু সভাপতি  মিঃ আঃ কৗ



"MISING GOMPIR KUMSUNG"

Prof.Taburam Taid,

                   Editor

              Jayanta Kaman,Asst.Editor

 

মিচিং গমপিৰ কুমচুঙখন সকলোৱে লৈ ৰাখিব পাৰে।পুথিখন মিচিং ভাষা সাহিত্যৰ লাইখুটাৰ লগতে মাইলৰ খুটিস্বৰূপ।

   অৱশ্যে অভিধানখনত ন ন শব্দ সংযোজনৰ বাবে বলিষ্ঠ সম্পাদনা মণ্ডলীৰ দ্বাৰা সময়ে সময়ে ইয়াৰ কলেৱৰ বৃদ্ধি কৰিব পৰা যায়।

     শেষত এই ছেগতে কৈ থওঁ যে অকল কবিতা নাটক গল্প উপন্যাস লিখিয়েই ভাষাটোৰ সমৃদ্ধি সাধন কৰিব নোৱাৰি।লগতে লাগিব আৰু অধিক মৌলিক গ্ৰন্থ।গনিতশাস্ত্ৰ,বিজ্ঞান,সমাজশাস্ত্ৰ,প্ৰযুক্তিবিদ্যাকে আদি কৰি আৰু বহুতো বিষয়ত মিচিং ভাষাৰ মৌলিক গ্ৰন্থৰ অভাৱ।সেইসমূহ নহলে বিদ্যাতনিক দিশত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন পুৰণ কৰিব নোৱাৰিব।কাজেই সুধীসমাজে,যিকোনো বিষয়ত ব্যুত্পত্তি থকা বিদ্বান সকলে,মৌলিক ৰচনাৰাজিত অধিক মনোনিবেশ কৰি মিচিং ভাষাটো চহকী কৰাৰ লগতে উঠি অহা ছাত্ৰ ছাত্ৰীক জ্ঞানাৰ্জনত অধিক সুচল কৰাত অৰিহণা যোগাওক।যিহেতু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি(National Education Policy চমুকৈ NEP)মতে পঞ্চম শ্ৰেনীলৈকে নিজৰ মাতৃভাষাত শিক্ষাগ্ৰহন কৰাৰ ব্যৱস্থা কৰা হৈছে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages