সম্পাদকীয় (Nébíngké Lupénam) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, January 4, 2022

সম্পাদকীয় (Nébíngké Lupénam)

 Tapan Lal




Anu Dítaglok Pesu:nam (নৱ বৰ্ষৰ প্ৰতিজ্ঞা)


Kumríksudung Kumríksudung

Anu dítagnom kumríksudung

Po:lo: yi:la:nyiko akido jo:bomge:l

Ainam aimang mépagge:l

Tani: ainam léga:pé

Mé:po mé:nying mé:ma:pé

Lékoda aíwém badyuksuna:n

Longéko bila: nom

Narététtén asinki

Anu dítagnom kumríksudung


(স্বাগতম স্বাগতম

নৱ বৰ্ষ তোমাক স্বাগতম

বাৰটা মাহ তোমাৰ গৰ্ভত লৈ

কাকো আক্ষেপ নকৰাকৈ

আকৌ নিজক সলনি কৰাৰ

নতুন সুযোগ দিয়াৰ বাবে

তোমাক বিশুদ্ধ মনৰ পৰা

জনাইছোঁ আন্তৰিক স্বাগতম)


প্ৰতিটো সময়, প্ৰতিটো ঘটনা সকলোৰে বাবে হয়তো বিশেষ দিন নহব পাৰে। কিন্তু "নৱ বৰ্ষ" সকলোৰে বাবে এটা বিশেষতকৈও বিশেষ দিন। যি দিনৰ অন্তৰালত লুকাই থাকে নিজক সলনি কৰাৰ সহস্ৰ সপোন। সেই বিশেষ দিনটোত আমি সকলোৱে সৰু সুৰাকৈ হলেও সংকল্প লওঁ। নতুন উদ্যোমেৰে কাম কৰাৰ পৰিকল্পনা কৰোঁ। আগতকৈ আৰু অলপ বেলেগ হব খোজোঁ। সৃষ্টিশীল মনক সজীৱ কৰি দৃঢ়তাৰে আগুৱাব বিচাৰোঁ। কিন্তু সময়ে কেতিয়াবা বাধা দিয়ে। যাৰ বাবে আমি নি:শব্দে থমকি ৰৈ দিওঁ। তেতিয়াই দিনে ভাগৰ সলাই বছৰ বাগৰি যায়। ঠিক একেদৰেই ২০২১ বৰ্ষটোও আমাৰ পৰা মেলানি মাগিছে আৰু ২০২২ বৰ্ষই নতুন দিনৰ নতুন সুযোগ লৈ আগমন ঘটিছে।

     নৱ বৰ্ষই অতীতৰ ঘাত-প্ৰতিঘাত, কলংকিত কাহিনীৰ দস্তাবেজ পাহৰি নিজক সলনি কৰাৰ সুযোগ সুবিধা দিছে।

      আমি আগুৱাবই লাগিব। সেয়া চিৰন্তন সত্য। কিছুমান কথা - কাহিনী, ঘটনা-পৰিঘটনাক লৈ নেতিবাচক চিন্তাৰে সুন্দৰ জীৱনৰ সময় নষ্ট কৰিলে জীয়াই থকাৰ মূল্যই নাথাকিব। যোৱা দুটা বছৰে আমি জীৱনৰ অৰ্থ খুউব ভালকৈ বুজি পাই উঠিছোঁ। টকা পইচা, মান সম্মানতকৈও কিমান মধুৰ, সহজ সৰল মানুহ হিচাপে জীয়াই থকাটো। আমি মানু্হ যেতিয়া মানুহৰ বাবেই জীয়াই থাকিব লাগিব। কাজেই এই বিশেষ দিনটোত সকলোৱে মিলি সৎ মানুহ হোৱাৰ সংকল্প লওঁ।


                      তপন লাল

               সম্পাদক, Doksiri দকচিৰি



1 comment:

Post Bottom Ad

Responsive Ads Here

Pages