প্ৰকৃতিৰ সন্তান মিচিংসকলৰ জীৱন চৰ্যা
ৰয়েল পেগু
বৰ্ণিল সংস্কৃতি, জীৱন চৰ্যাৰে বৰ্ণময় মিচিং সমাজ। মিচিংসকলক প্ৰকৃতিৰ সন্তান বুলি কোৱা হয়। কোৱা হয় মিচিংসকলক নৈপৰীয়া বুলি। মিচিংসকলৰ জনজীৱন গভীৰভাৱে সম্পৃক্ত হৈ আছে অসমৰ কেঁচা মাটি আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ বোৱঁতী জীপাল সংস্কৃতিৰ ধাৰা সৈতে। নৈৰ পাৰত শাৰী শাৰীকৈ কাঠ, বাঁহ, বেত, খেৰেৰে নিৰ্মিত চাং ঘৰত জীৱন চৰ্যা কৰি অহা মিচিংসকল মূলত কৃষিজীৱী। কৃষি আৰু পশুপালনেই জীয়াই থকাৰ প্ৰধান সম্বল। নৈ পাৰৰ সেউজীয়া জীপাল ধৰা কৃষিপথাৰ। বছৰৰ বিভিন্ন বতৰ অনুযায়ী শস্যৰে শ্যামলা হয় সপোনৰ পথাৰ। সোণোৱালী ধাননি পথাৰত মিচিং জীয়ৰী-বোৱাৰীয়ে চপাই সোণগুটি। হালধীয়া সৰিয় ফুলৰ অনাবিল হাঁহিত সৰগৰ জোনাক সাৱটে মিচিং ডেকা-গাভৰু। সন্ধিয়া বেলা হাঁহ-কুকুৰা, গাহৰি, গৰু-ম'হেৰে ৰজনজনাই মিচিংসকলৰ গ্ৰাম্য পৰিৱেশ।
নৈপৰীয়া নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা পৰিৱেশত বাস কৰা সহজ-সৰল তথা কৃষিজীৱী মিচিং লোকৰ জীৱনৰজোৰা শ্ৰমক এফাঁকি অই-নি:তম আৰু এপাক নাচোনে মহীয়ান কৰি ৰাখিছে।
অসমৰ অন্যতম ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় জনগোষ্ঠী মিচিংসকলে নিজে দঃঞি-প:ল অৰ্থাৎ সূৰ্য্য-চন্দ্ৰৰ সন্তান বুলি কয়। নিজকে আবতানিৰ বংশধৰ বুলি গৌৰৱবোধ কৰে।
মিচিংসকল নৃতাত্ত্বিক দিশৰ পৰা মংগোলয়দ বা মংগলীয় জনগোষ্ঠীৰ অন্তৰ্গত। ভাষাতত্ত্বৰ ফালৰ পৰা বৃহত্তৰ চীন-তিব্বতীয় পৰিয়ালৰ অন্তৰ্গত। মিচিংসকলৰ আছে স্বকীয় ভাষা। যাক কোৱা হয়- 'মিচিং ভাষা'। মিচিংসকলে দক্ষিণ চীনৰ পৰা তিব্বত হৈ দীঘলীয়া সময় ধৰি প্ৰব্ৰজন কৰি আহি অৰুণাচল প্ৰদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল। জনপ্ৰৱাদমতে মিচিংসকলে 'কিলিংকাংগৌ বা কিলিংলৃতৌং নামৰ সু-উচ্চ পৰ্বতৰ পৰা সোণ-ৰূপৰ জখলাৰে নামি আহিছিল। মিচিংসকলৰ লোকগীত কা:বান, আ:বাং, অই-নি:তম আদিত মিচিংসকলৰ প্ৰব্ৰজনৰ ইতিহাস পোৱা যায়। মিচিংসকল উজনিৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ লগতে গুৱাহাটী মহানগৰীটো বসবাস কৰি আহিছে।
মিচিংসকলৰ সামাজিক জীৱন সৰল পদ্ধতিৰে পৰিচালিত। পৰিয়ালেই মিচিংসকলৰ সামাজিক গাঁথনিৰ প্ৰথম স্তৰ। যৌথ পৰিয়াল ব্যৱস্থা মিচিংসকলৰ অন্যতম বৈশিষ্ট্য। কিন্তু পৰিবৰ্তিত সমাজ ব্যৱস্থাত একক বা সৰু পৰিয়ালৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। মিচিংসকলৰ গাঁৱৰ মুৰব্বীজনক গা:ম বোলে।
শস্য-মৎস্যৰে সমৃদ্ধ নৈপৰীয়া গ্ৰাম্য মিচিং সমাজ জীৱন। নৈ-বিলত উভৈনদী কৈ পোৱা মাছ-কাচ বহু মিচিং পৰিয়ালৰ জীৱিকাৰ বিকল্প সম্বল। বহু মিচিং পৰিয়ালে পশু পালনকো বিকল্প জীৱিকা হিচাপে গ্ৰহণ কৰি আহিছে।
মিচিংসকলৰ পৰম্পৰাগত সাজপাৰৰ সুকীয়া পৰিচয় আৰু সমাদৰ আছে। হস্ত-তাঁত আৰু বয়নশিল্পত পাকইত-নিপুন মিচিং মহিলা-জীয়ৰী। ভিন্নৰঙী ফুলবছা পৰম্পৰাগত মিচিং সাজপাৰৰ জনপ্ৰিয়তাৰ তুলনা নাই। মিচিং ছোৱালীয়ে সৰুৰে পৰাই নিজৰ ঘৰত বয়নশিল্পৰ প্ৰশিক্ষণ লয়। জাতীয় চানেকী বহন কৰা বয়নশিল্পই মিচিংসকলক অনন্য শিল্পীজাতি হিচাপে পৰিচয় দিছে। মিচিংসকলৰ বস্ত্ৰ সম্পদৰ ভিতৰত গাদু, ৰিবি গাচেং, মিবু গালুগ, তঙানি দুমেৰ, য়াম্ব গাচৰ, তাপুমগাচৰ, উগন, গনবৰ, এগে, গাজগ এগে, গাচৰ, ৰি:বি, গেৰ আদিয়ে প্ৰধান।
পৰম্পৰাগত খাদ্য সম্ভাৰেৰে অতিকৈ চহকী মিচিংসকল। পোৰাং আপিন (তৰা পাতত সিজোৱা ভাত), জুশালত দিয়া গাহৰি মাংস, পুৰা মাছৰ পিটিকা, প:ৰ আপং আদি পৰম্পৰাগত তথা স্বকীয় খাদ্য সম্ভাৰেৰে চহকী মিচিং সমাজ।
শিমলু-কম্বং ফুলৰ ৰঙে ৰঙিয়াল কৰি তোলে পৃথিৱী। শিমলু-কম্বঙৰ ফুলৰ আঁৰে আঁৰে বিভিন্ন চৰাই-চিৰিকটিৰ সুৰীয়া গীত। চৰাই-চিৰিকটিৰ কলৰৱত উৎসৱ মুখৰ পৰিৱেশ গছে-ডালে, চৌপাশে। প্ৰকৃতিয়ে বৰণ সলাইছে। এয়া ফাগুন। ফাগুন মানেইটো প্ৰকৃতিৰ সন্তান কৃষিজীৱী নৈপৰীয়া মিচিংসকলৰ হেঁপাহৰ আলি-আয়ে লৃগাঙ। আলি-আয়ে লৃগাং মিচিংসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ। স্বকীয় কৃষ্টি-সংস্কৃতিৰ লগতে কৃষিজীৱী নৈপৰীয়া মিচিংসকলৰ কৰ্ম-সংস্কৃতিক আলি-আয়ে লৃগাঙে সমৃদ্ধ, চহকী, জীপাল কৰি ৰাখিছে। আলি-আয়ে লৃগাঙৰ বতৰত ৰিবি গাচেং, মিবু গালুগ, তঙানি দুমেৰ আদি বোৱাত ব্যস্ত মিচিং কনেং। ৰজনজনাই তাঁত মাকোৰ শব্দত। এই লৃগাঙৰ বতৰতে গুমৰাগ নৃত্য আৰু লোকবাদ্য ডেনদুন, দুমপাগ, ডেনতুকৰ ছেৱে ছেৱে ব্যস্ত মিচিং ডেকা-গাভৰু। লৃগাঙত মিচিং জাতিৰ মন ৰঙেৰে ভৰে, প্ৰতিভাত হৈ স্বকীয় কৃষ্টি-সংস্কৃতি। প্ৰতিগৰাকী সংস্কৃতিৱান মিচিংৰ হৃদয়ত গভীৰভাৱে প্ৰোথিত হৈ আছে আলি-আয়ে লৃগাং। সেয়া কোৱা হয়- লৃগাং যেতিয়ালৈকে থাকিব তেতিয়ালৈকে থাকিব মিচিং সমাজ।
মুৰংঘৰ মিচিংসকলৰ এক বিশেষ স্বকীয় শৈলীৰে নিৰ্মাণ কৰা বিশেষ চাংঘৰ। মুৰংঘৰ তলত পাঁচ তৰপ আৰু ওপৰত পাঁচ তৰপ কৈ বিশেষ শৈলীৰ নিৰ্মাণ কৰা হয়। মৰং অৰ্থাৎ মুকলি ঠাইত নিৰ্মাণ কৰা বাবেই হয়তো মুৰংঘৰ নাম ৰখা হ'ল। মুৰংঘৰত মিচিংসকলৰ জাতীয় উৎসৱ প:ৰাগ উদযাপন কৰা হয়। মুৰংঘৰত গাঁৱৰ সমূহীয়া পূজা আদি কৰা হয়। তদুপৰি গাঁৱৰ সকলো সামাজিক বিষয়, সমস্যা আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুৰংঘৰক মিচিং সমাজে পৱিত্ৰ স্থান হিচাপে জ্ঞান কৰে।
মিচিংসকলৰ বহু বিধ আপুৰুগীয়া সম্পদ আছে। ইয়াৰে উল্লেখযোগ্য কেইবাটামান হ'ল ক্ৰমে- য়কচা, লৌ:নং, আজুক তাপুং, দৌৰকি তাপুং, বয়নশিল্পৰ ভিতৰত গাদু, তাপুমগাচৰ আদি । ইয়াৰে বহু কেইটা আপুৰুগীয়া সম্পদ বিলুপ্তিৰ গৰাহত। বহু আপুৰুগীয়া সম্পদ নতুন প্ৰজন্মই চিনি নোপোৱা হৈছে। জাতীয় পৰিচয় বহন কৰা এই আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণৰ গুৰুত্ব অপৰিসীম।মিচিংসকলৰ স্বকীয় বস্ত্ৰ সম্পদ, পৰম্পৰাগত খাদ্য সম্ভাৰে বিশ্ব দৰবাৰত মিচিংসকলক সুকীয়া পৰিচয় তথা স্থান প্ৰদান কৰাৰ লগতে ব্যৱসায়িক দিশটো যথেষ্ট চাহিদা থকা পৰিলক্ষিত হৈ আহিছে।মিচিং স্বায়ত্তশাসিত পৰিষদেও মিচিংসকলৰ স্বকীয় বস্ত্ৰ সম্পদ, পৰম্পৰাগত খাদ্য সম্ভাৰক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ প্ৰতি বছৰে মিচিংসকলৰ বয়নশিল্পৰ বিশেষ মেলা আয়োজন কৰি আহিছে।
প্ৰকৃতিৰ ওমাল বুকুত জীৱন যাপন কৰা মিচিংসকলৰ বহু সম্পদ আৰু সম্ভাৱনা আছে। একেদৰে সন্মুখত আছে বহু প্ৰত্যাহ্বান। মিচিংসকলৰ ভূমি অধিকাৰ, ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন, মিচিং ভাষা শিক্ষা, স্বকীয় কৃষ্টি-সংস্কৃতি সুৰক্ষা, সংৰক্ষণ তথা বিকাশ, গ্ৰামাঞ্চলত গুণগত শিক্ষা, নিবনুৱা সমস্যা, শিশু আৰু নাৰী সবলিকৰণ, বান-গৰাখহনীয়া আদি বহু জাতীয় সমস্যা আছে।
ভাষা, কৃষ্টি-সংস্কৃতিয়েই এটা জাতিৰ অস্তিত্বৰ প্ৰথম পৰিচয়। মিচিংসকলে এক পূৰ্ণাংগ জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে আৰ্থ-সামাজিক, ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ উপৰি নিজৰ স্বকীয় ভাষা, কৃষ্টি-সংস্কৃতি, পৰম্পৰ, লোকাচাৰ, ধৰ্মীয় বিশ্বাস আদি জীয়াই ৰাখিব লাগিব। মিচিং দোৱানক 1985 চনতে অসম চৰকাৰে ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। কিন্তু আজি আনুষ্ঠানিক মিচিং ভাষা শিক্ষা অতি পুতৌজনকভাৱে চলা পৰিলক্ষিত হৈছে। ই জাতিৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক।
মিচিং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে। মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানীক মৰ্যাদা প্ৰদান কৰিলেহে জাতিটোৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ লগতে সৰ্বাংগীণ উন্নয়ন সাধন হ'ব বুলি সংগ্ৰামী মিচিং ৰাইজৰ দৃঢ় বিশ্বাস। লক্ষ্য উপনীত হ'বলৈ হ'লে মিচিং ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰামী সত্তাক সুদৃঢ় কৰিব লাগিব। সংগ্ৰামত সফল হ'বলৈ হ'লে বিচক্ষণ নেতৃত্ব, আপোচহীন চৰিত্ৰ, সু-নিপুণ ৰণকৌশল, পৰিকল্পিত ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই। ৰাজনীতিৰ উৰ্ধত জাতিৰ স্বাৰ্থক আগস্থান দিব পাৰিলেহে সুৰক্ষিত হ'ব জাতিৰ ভৱিষ্যত।
শিক্ষাই হৈছে সভ্যতাৰ সোপান বগোৱাৰ প্ৰধান মাধ্যম, চালিকা শক্তি। শিক্ষা হৈছে সমাজ গঠনৰ প্ৰধান মাপকাঠি। শিক্ষা অবিহনে মানুহ চকু থাকিবও অন্ধৰ নিচিনা। সভ্য সমাজৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ হ'লে গুণগত শিক্ষা আহৰণ কৰিবই লাগিব। কিন্তু আজিও গ্ৰাম্য মিচিং সমাজত শৈক্ষিক পৰিবেশ উদ্বেগজনক। ইপিনে আজি একবিংশ শতিকাটো মিচিং সমাজক অন্ধবিশ্বাস-কু-সংস্কাৰে আগুৰি ৰাখিছে। এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰবোৰ উপযুক্ত শিক্ষা আৰু সজাগতামূলক কাৰ্যসূচীৰে দূৰ কৰি সমাজক অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত কৰিব লাগিব।
মিচিংসকল অসমৰ ভূমিপুত্ৰ। কিন্তু এই ভূমিপুত্ৰ খিলঞ্জীয়াৰ জনজাতি জনগোষ্ঠীটোৰ আজি বহু পৰিয়াল ভূমিহীন। বানপানী আৰু গৰাখহনীয়াৰ লগতে বিভিন্ন কাৰণত কৃষিজীৱী নৈপৰীয়া মিচিং ৰাইজে ভূমিহীন হ'বলগা হৈছে। তদুপৰি প্ৰজন্ম প্ৰজন্ম ধৰি বনাঞ্চল বসবাস কৰা প্ৰকৃতিৰ সন্তান মিচিংসকলে বিভিন্ন ঠাইত ভূমি অধিকাৰ পৰা বঞ্চিত। ফলত ভূমিপুত্ৰ মিচিংসকলৰ ভূমি অধিকাৰ সাব্যস্ত কৰিলেহে ভৱিষ্যত সুৰক্ষিত হ'ব, অন্যথাই অঘৰী, ভূমিহীন জাতিলৈ প্ৰয়বহিত হ'ব।
নৈপৰীয়া মিচিংসকলৰ বান-গৰাখহনীয়া প্ৰধান সমস্যা। চিয়াং, লোহিত, ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিহিং, দিচাং, দিখৌ, ধনশিৰি, জীয়া ভৰলী আদি নদীৰ অববাহিকাত মিচিংসকলৰ সভ্যতা গঢ়লৈ উঠিছে। কিন্তু আজি বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ অবাধ জয়যাত্ৰাৰ সময়ত তথা পৃথিৱীৰ সভ্য সমাজে চন্দ্ৰত বসবাস কৰাৰ চিন্তা-চৰ্চা কৰি থকাৰ সময়ত নৈপৰীয়া বহু মিচিং ৰাইজে বছৰি বানপানী আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হৈ উদ্বাস্ত্ত জীৱন যাপন কৰিবলগা হৈছে। আধুনিক প্ৰযুক্তিৰে বিজ্ঞানসন্মত বাবে বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিলেহে নৈপৰীয়া মিচিং ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হ'ব।
প্ৰকৃতিৰ সন্তান স্বৰূপ মিচিংসকলক জীয়াই থাকিবলৈ প্ৰকৃতিয়ে বহু সমল যোগাই আহিছে। বাসগৃহ নিৰ্মাণৰ বাবে কাঠ, খেৰ, বেতৰ পৰা আৰম্ভ কৰি জাতীয় উৎসৱ আলি-আয়ে লৃগাং উদযাপনৰ বাবে পুৰাং আপিন সিজাবলৈ তৰাপাত, খৰি, খাদ্যজাত পাত-লতা আদি প্ৰকৃতিয়ে অকৃপানভাৱে দান কৰিছে। বিভিন্ন ঔষধি গছ-লতাৰ উপৰি প্ৰাকৃতিক নৈ-বিল আদিয়ে দিছে প্ৰচুৰ পৰিমাণে বিধে বিধে মাছ-কাচ। কিন্তু সম্প্ৰতি জনসংখ্যা বাঢ়ি অহাৰ লগে লগে মানুহৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ উপৰি আধুনিক সভ্যতাৰ লগে লগে নগৰিকৰণ, উদ্যোগীকৰণৰ ফলত অবাধে ধ্বংস হৈছে প্ৰাকৃতিক পৰিবেশ। টুটি আহিছে অৰণ্যভূমি। বিনষ্ট হৈ নৈ-বিলৰ স্বাভাৱিক প্ৰাকৃতিক পৰিবেশ। চিনাকি চৰাইবোৰ নোহোৱা হৈছে। গাঁৱৰ কাষৰ নৈ-বিলবোৰৰ পৰা হেৰাই গৈছে বিধে বিধে থলুৱা মাছ-কাছ। এই পৃথিৱীখন কেৱল মানুহৰ বাবে নহয়। এই পৃথিৱীত সকলো জীৱ আৰু উদ্ভিদ প্ৰজাতিৰে মানুহৰ সমান জীয়াই থকাৰ অধিক আছে। মানুহ নহ'লেও এই পৃথিৱী হয়তো বৰ্তী থাকিব। কিন্তু নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহ বৰ্তী থাকিবলৈ হ'লে এইখন পৃথিৱী আৱশ্যক। ফলত মানুহে পৃথিৱীৰ ভৱিষ্যতকলৈ চিন্তা কৰিব লাগিব। এখন পৃথিৱী, প্ৰায় সাতশ কোটিৰো অধিক জনসংখ্যা। ফলত ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পৃথিৱীখনক বাসোপযোগী কৰি ৰাখিবলৈ হ'লে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। বহনক্ষমতা উন্নয়নত গুৰুত্ব দিব লাগিব। অৱক্ষয় ৰোধ কৰি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত প্ৰতিগৰাকী মানুহে সহায় হাত আগবঢ়াব লাগিব। বিশেষকৈ প্ৰকৃতিৰ সন্তান নৈপৰীয়া মিচিং ৰাইজৰ পৰিবেশ সংৰক্ষণত দূৰদৰ্শী ভূমিকা অতন্ত্য কাম্য।
ম'বাইল : 9954638967
No comments:
Post a Comment