খংমো খাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

খংমো খাম

 খংমো খাম 

পূৰৱী মৰাং



     প্ৰাকৃতিক সম্পদেৰে চহকী এখন ৰাজ্য অৰুণাচল ৷ ব্ৰিটিছৰ আমোলৰ NEFA ৰ এটা অংশ অৰুণাচলে পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে ১৯৮৭ চনত৷ বৰ্তমানৰ অৰুণাচল প্ৰদেশত জিলা আছে ২৫ খন৷ ইয়াৰেই এখন জিলা নামচাই৷ নামচাইত অৱস্থিত এটি আটকধুনীয়া বৌদ্ধমন্দিৰ গল্ডেন পেগ’দা ( Golden Pagoda)৷ এই বৌদ্ধ মন্দিৰটি  “খংমো খাম্‌” ( Khongmu Kham) নামেৰেও পৰিচিত৷ খংমো খাম্‌ শব্দটি খাম্‌টি ভাষাৰ শব্দ ৷ থাই বা বাৰ্মিজ  শৈলীৰ এই  চমৎকাৰী বৌদ্ধ মন্দিৰটো ২০১০ চনত মুকলি কৰা হৈছিল৷


         শান্তি আৰু প্ৰশান্তিৰ বাতাবৰণেৰে চাৰিওপিনে সেউজীয়া বাগিচাৰে আগুৰি থকা ৰাজকীয় বৌদ্ধ মন্দিৰটোত বুদ্ধৰ সুন্দৰ স্বৰ্ণমণ্ডিত শিলামূৰ্তি এটি বিৰাজমান ৷  যিটো নালন্দাত প্ৰাপ্ত কালা বুদ্ধৰ ভাস্কৰ্য সদৃশ৷ লগতে উক্ত মন্দিৰৰ পৰিসৰত টাই-খাম্‌তি, চিংফৌ জনজাতিসকলৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, এখন পুথিভঁৰাল আৰু এখন বিহাৰ অৱস্থিত৷ কিছুমান স্থান এতিয়াও নিৰ্মীয়মাণ অৱস্থাত আছে৷ অতি বিতোপন ফুলনি বাগিছা আৰু ইয়াৰ চৌপাশ৷ মন্দিৰৰ ওচৰতে এখন পৰ্য্যটকৰ স্থান অৱস্থিত৷ এই পৰ্য্যটক স্থলীত পৰ্য্যটক সকলে থকা, খোৱা কৰিব পাৰে৷ পৰ্য্যটকসকলে ইয়াৰ সেউজীয়া সৌন্দৰ্য উপভোগ কৰি গ’ল্ডেন পেগ’দাৰ প্ৰাকৃতিক সৌন্দৰ্য পান কৰিব পাৰে৷ 

      গ’ল্ডেন পেগ’দাৰ উচ্চতা ১৭.৬০ মিটাৰ৷ ১২ টা উপ গম্বুজ আছে আৰু একেবাৰে প্ৰধান আৰু ডাঙৰ পবিত্ৰ গম্বুজটো আছে মাজৰ অংশত৷ ওপৰৰ চূড়াঁটো ছাতিসদৃশ আলংকাৰিক৷ প্ৰধান দুৱাৰখন কাঠৰ আৰু চিত্ৰিত কৰা৷ গোটেই মন্দিৰটো সোণৰ ৰঙেৰে প্ৰলেপ দিয়া আছে৷ সেয়েহে ইয়াৰ নাম গ’ল্ডেন পেগ’দা৷ পবিত্ৰ মন্দিৰটোৰ ভিতৰত ধ্যানৰত অৱস্থাত মিশ্ৰধাতুৰে (Bronze )  নিৰ্মিত বুদ্ধ মূৰ্ত্তি অৱস্থিত৷ মন্দিৰটোৰ প্ৰৱেশ দুৱাৰ পুব- পশ্চিম, উত্তৰ-দক্ষিণ এই চাৰিও দিশত অৱস্থিত৷ ইয়াৰে প্ৰধান দুৱাৰখন আছে উত্তৰ দিশত৷ বুদ্ধ মূৰ্ত্তিটো উত্তৰদিশে মুখ কৰি আছে৷


          সোমাই যোৱা প্ৰৱেশদুৱাৰৰ ওচৰত এটা পুখুৰী আৰু  পুখুৰীৰ পূৱ দিশে অশোকস্তম্ভ আছে৷ এই বোৰ মন্দিৰৰে কিছুমান কাৰুকাৰ্য৷ তদুপৰি বাহিৰত গাড়ী ৰখাব পৰা সুন্দৰ সুবিধাৰ লগতে চাফচিকুণতাৰ ক্ষেত্ৰত  মন্দিৰ কৰ্তৃপক্ষই যথেষ্ট ব্যৱস্থা লৈছে৷ প্ৰৱেশ দুৱাৰৰ পৰা সোমাইয়েই দুখনমান দোকান আছে য’ত পৰম্পৰাগত সাজপাৰ ক্ৰয় কৰাৰ সুবিধা আছে আৰু বিভিন্ন থলুৱা সামগ্ৰী বিক্ৰী কৰা দেখা যায়৷ 

          অৰুণাচলৰ নামচাইৰ এই বৌদ্ধ মন্দিৰলৈ অসমৰ ডিব্ৰুগড় জিলাৰ মহনবাৰী এয়াৰপৰ্টৰ পৰা ১২৩ কি.মি. দূৰত্ব৷ সেইদৰে তিনিচুকীয়া ৰে’লৱে ষ্টেচনৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৮০ কি. মি. আৰু গাড়ীৰেও নামচাইলৈ যোৱাৰ পথ সুন্দৰ৷ 

          ওখ টিলা এটিত সুউচ্চ বৌদ্ধ মন্দিৰটো অতি মনোমোহাকৈ জিলিকি থাকে৷ ইয়াৰ আকৰ্ষণ অনন্য৷

পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নামচাইৰ গ’ল্ডেন পেগ’দাৰ বহুল প্ৰচাৰ হ’লে বহু লোকে ইয়াৰ বিষয়ে গম পাব৷ সেয়েহে ইয়াৰ প্ৰচাৰ ব্যাপক হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ এখন সুন্দৰ আৰু ব্যস্ত পৰ্যটন থলী হৈ পৰিব৷ থলুৱা লোকসকলৰ বাবে এক আয়ৰ থলী হৈ পৰিব৷ পৰ্যটকৰ বাবে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে বৌদ্ধ মন্দিৰটো আছে যদিও ইয়াত এতিয়াও পৰ্যটকৰ আগমন কম বুলিবই পাৰি৷ সেয়েহে ভাৰত চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে যদি ইয়াৰ ব্যৱস্থা কৰে লগতে জনতা যদি সজাগ হয় তেতিয়া এই পৱিত্ৰ তীৰ্থস্থান বহু লোকৰ চাহিদাৰ আধাৰ হৈ পৰিব৷


             আমাৰ ৰূপহী অসমো প্ৰকৃতিৰ অপৰূপ ৰূপেৰে পৰিপূৰ্ণ৷ আমাৰ নদ-নদী , পাহাৰ-পৰ্বত তথা বিভিন্ন কীৰ্তিচিহ্নসমূহক লৈ পৰ্যটনৰ যথেষ্ট থল আছে৷ আহোম যুগৰ বিভিন্ন কীৰ্তিচিহ্ন, পুৰণি ঐতিহাসিক কীৰ্তিচিহ্ন আদিৰ বিজ্ঞানভিত্তিক ভাৱে সংৰক্ষণ কৰি প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰাটো খুবেই দৰকাৰ৷ তাৰ বাবে চৰকাৰী পৰ্যটন বিভাগে সময়োপযোগী পদক্ষেপ তথা যথোচিত পৰিকল্পনা কৰাটো অতিকৈ প্ৰয়োজন৷ প্ৰত্যেক বছৰ পৰ্যটনৰ শিতানত চৰকাৰী বাজেটত সৰহসংখ্যক ধন ধাৰ্য কৰা দেখা যায়  যদিও যেন  আমি আমাৰ ৰূপহী অসমক পৰ্যটনৰ অভূতপূৰ্ব সম্ভাৱনাৰ থলী হিচাপে উন্নীত কৰিব পৰা নাই৷ যোৱা দুবছৰ মান আগতে বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক  অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ ৰূপে নিয়োগ কৰা খবৰ সকলোৱে পাইছিলো৷ কিন্তু পিছৰ কালছোৱাত যিমান প্ৰচাৰ -প্ৰসাৰ হ’ব লাগিছিল ইমান নহ’ল যেন অনুভৱ হয়৷ বিভিন্ন সামাজিক মাধ্যম আৰু টেলিভিছনৰ পৰ্দাত দুই এটা বিজ্ঞাপনত যেন সকলো সমাপ্ত হ’ল৷ উল্লেখ্য যে আমাৰ অসমৰ তুলনাত সাতভনীৰ ৰাজ্যকেইখনৰ বিশেষকৈ  অৰুণাচল, মিজোৰাম, মণিপুৰ আদি ৰাজ্যৰ পৰ্যটনৰ বলিষ্ঠ পদক্ষেপ তথা পৰ্যটনৰ এক নিশ্চিত উদ্যোগ ভালকৈ গঢ় লৈ উঠা দেখা গৈছে৷ কিন্তু তাৰ তুলনাত আমাৰ ৰাজ্যখন যেন বহুত পিছ পৰি আছে বুলি ক’ব পাৰি৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages