Mising Agom Kébangৰ সোণালী জয়ন্তী আৰু মুখ্যমন্ত্ৰীৰ পদাৰ্পণত আমাৰ আশা
খগেন পেগু
বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা মিচিং ভাষা কথিত অৱস্থাতে চলি আহিছিল৷ সেয়ে ইয়াক লিখিবৰ বাবে লিপি নোহোৱাত পঃৰাগ আদি উৎসৱ পাতোঁতে মৃৰং ঘৰৰ চ'তিবিলাকত অসমীয়া বা ইংৰাজী আখৰেৰে দঃঞি, পঃল, ৰুঃনৌ পৃনৌ, কাৰচৃং কাৰতাং আদি শব্দ লিখিবলগীয়া হৈছিল আৰু তেনেকৈ বহুত শব্দৰ উচ্চাৰণৰ বিকৃতিও ঘটিছিল৷ যেনে—দঞি, পল, ৰুনে পিনে, কাৰচিং কাৰ্তাং ইত্যাদি৷ তেনেকৈ মুৰং, মৰং আদি, যিবিলাক আচল উচ্চাৰণৰ কিছুমান অপ্ৰভ্ৰংশহে৷ সেইবোৰ প্ৰকৃততে মৃৰং, মৌৰং(েকাৰ কাটি দিব লাগে) আদিহে৷
সি যি কি নহওক, যিকোনো ভাষা কেৱল কথিত অৱস্থাত থাকিলে ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নতি অসম্ভৱ৷ তাৰ উপৰি কথিত অৱস্থাত থাকিলে ভাষা এটা সময়ত বিলুপ্ত হোৱাৰো সম্ভাৱনাও অধিক; সেয়ে সুযোগ্য আৰু দূৰদৰ্শী মিচিং সন্তান কিছুমানে মিচিং ভাষা সংস্থা গঠন কৰাৰ মনস্থ কৰে৷ সেইমতে 1972 চনত শিৱসাগৰৰ সমীপৰ দিচাংমুখত 17 এপ্ৰিলৰ পৰা দুদিনীয়াকৈ এখন ৰাজহুৱা সভাৰ আহ্বান কৰা হয়৷ 18 এপ্ৰিলৰ দিনা উক্ত সভাতে মিচিং ভাষা সংস্থা গঠন কৰা হ'ল, যাৰ নাম দিয়া হ'ল Mising Agom Kébang, অৰ্থাৎ মিচিং ভাষা সংস্থা৷
অৱশ্যে মিচিং আগম কৌবাং কেনেকৈ গঠন হ'ল তাৰ এটা বুৰঞ্জীও আছে৷ 1965 চনৰ পৰা গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানত পঢ়ি থকা মিচিং ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আদিয়ে মিলি ক'ৰবাত দূৰত গৈ বনভোজ(Picnic) খোৱাৰ পৰম্পৰা সৃষ্টি হৈছিল৷ বনভোজ খাবলৈ যাওঁতে খাওঁতাসকলৰ পৰস্পৰ ভাব বিনিময়ৰ লগতে চা-চিনাকি হোৱাৰো সুবিধা হৈছিল৷ তেনেকৈ পিছলৈ হয়তো কাংকিন কৌবাং, অৰ্থাৎ ন-পুৰণি চা-চিনাকি অনুষ্ঠানৰ সৃষ্টি হৈছিল৷ পিছে তাৰ আগতে সৃষ্টি হৈছিল গুৱাহাটী মিচিং কৌবাঙৰ৷ তাত মিচিং ভাষা চৰ্চাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছিল, যিটোৱে পিছলৈ মিচিং ভাষা চৰ্চাৰ বাবে মিচিং আগম কৌবাং গঠন কৰাৰ প্ৰথম ধাৰণা তৈয়াৰ কৰিছিল৷ তেনেকৈ গুৱাহাটীত পঢ়ি বা চাকৰি কৰি থকা ব্যক্তিসকলৰ প্ৰচেষ্টা আহ্বানতে জোনাইত 1971 চনত অসম-অৰণাচল(NEFA) মিচিং ছাত্ৰসন্থাৰ জন্ম হৈছিল; আৰু 1972 চনৰ 18 এপ্ৰিলৰ দিনা দিচাংমুখত মিচিং আগম কৌবাঙৰ৷
উল্লেখযোগ্য, 1972 চনৰ পৰাই মিচিং ভাষাক লিখিত ৰূপ দিয়াৰ পূৰ্ণ প্ৰয়াস আৰম্ভ হৈ যায়৷ পিছে মিচিং ভাষাক লিখিত ৰূপ দিবলৈ ইয়াৰ নিজা লিপি নাছিল৷ কথিত আছে, সৃষ্টিৰ আৰম্ভনিতে সৃষ্টিকৰ্তাই পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীক তেওঁলোকৰ নিজা নিজা ভাষা লিখিবৰ বাবে লিপি প্ৰদান কৰিছিল৷ মিচিংসকলে তেওঁলোকৰ লিপি হৰিণাৰ ছালত লিখি ৰাখিছিল৷
মিচিংসকল বৰ মাংসপ্ৰিয় আছিল৷ তেওঁলোকে এদিন চিকাৰত এটাও পহু ধৰিব নোৱাৰিলে৷ সেয়ে ৰাতি ঘৰৰ জুহালৰ কাষত বহি কেনেকৈ শুদা ভাত খাওঁ বুলি ওপৰলৈ মুখ কৰি চিন্তা কৰি থাকোঁতে জুহালৰ ওপৰত শুকাই থোৱা হৰিণাৰ ছালখনলৈ চকু পৰে৷ লগে লগে মানুহজনে ছালখন নমাই আনে আৰু টুকুৰা টুকুৰকৈ কাটিলৈ জুইত পৰে৷ সেই সময়ত তেওঁৰ সেইকথা ঘূণাক্ষৰেও মনত নপৰিলযে তাতে লিখি থোৱা আছিল মিচিং লিপি৷ তেওঁ সপৰিয়ালে সেইদিনা ছালখন সিজাইলৈ উদৰ পুৰাই ভাত খালে যদিও তেতিয়াৰ পৰাই পৃথিৱীৰ পৰা মিচিং লিপি নোহোৱা হ'ল৷ গতিকে নিজা লিপিৰ অভাৱত পৰীক্ষামূলকভাৱে অসমীয়া আৰু ৰোমান লিপিৰে মিচিং ভাষা লিখাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল৷
বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত দেখা গ'ল, অসমীয়া লিপিত যুক্তাক্ষৰৰ সমস্যা আছে৷ তাৰ তুলনাত ৰোমান লিপিৰে লিখিলে, মিচিং ভাষাৰ শব্দ আৰু বাক্যবোৰ সহজ-সৰলভাৱে প্ৰকাশ কৰিব পৰা যায়৷ সেয়ে প্ৰায় সুদীৰ্ঘ আঁঠ বছৰৰ মূৰত, অৰ্থাৎ 1980 চনৰ খেৰকটামুখ,জাঁজীত অনুষ্ঠিত চতুৰ্থ অধিবেশনত মিচিং আগম কৌবাঙে মিচিং ভাষাৰ বাবে ৰোমান লিপি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ 1981 চনত জেংৰাইমুখত অনুষ্ঠিত পৰৱৰ্তী, অৰ্থাৎ পঞ্চম অধিবেশনত ৰোমান লিপিৰে মিচিং ভাষা লিখাৰ সিদ্ধান্ত চূড়ান্ত কৰা হয়৷
অৱশ্যে ৰোমান লিপিৰে মিচিং ভাষা লিখাৰ ক্ষেত্ৰতো কেইটামান অসুবিধা দেখা দিছিল৷ সেইবোৰ হ'ল, ৰোমান লিপিত নথকা মিচিং ভাষাৰ দুটা মৌলিক ধ্বনি (অৌ আৰু অৃ) আৰু দীৰ্ঘস্বৰ প্ৰকাশৰ বাবে ধ্বনিপ্ৰতীক বা আখৰৰ অভাৱ৷ দ্বিতীয়তে, সেই সময়ত ৰোমান লিপিত ব্যৱহৃত c, f, q, v, x, z আদিৰ আমাক বৰ এটা দৰকাৰ নাছিল৷ তৃতীয়তে, বেঙ্গলী, অসমীয়া আদিত থকাৰ দৰে মিচিং ভাষাতো ঙ আৰু ঞৰ দৰে উচ্চাৰণ অনুভৱ কৰা যায়; কিন্তু ঙ আৰু ঞ ধ্বনি প্ৰকাশৰ বাবে ৰোমান লিপিত তেনে উচ্চাৰণৰ সমকক্ষ একক ধ্বনিপ্ৰতীক পোৱা নাছিল৷ সেয়ে সাতে-সোতৰই মিলি সেই সকলোখিনিৰ সমাধানৰ বাবে কিছুমান আলোচনাচক্ৰ অনুষ্ঠিত হ'ল৷
উল্লেখযোগ্য, প্ৰথমে অৌ আৰু অৃৰ কাৰণে ৰোমানৰ e আৰু iৰ লগত ওপৰ ৰেপ(') প্ৰয়োগ কৰা হ'ল৷ অৰ্থাৎ e' আৰু i' লিখা হ'ল আৰু দীৰ্ঘস্বৰ প্ৰকাশৰ বাবে :(কলন চিহ্ন) প্ৰয়োগ কৰা হ'ল৷ কিন্তু মবাইল, কম্পিউতাৰ নোহোৱা অৱস্থাত তাতো আহিল কাৰিকৰী অসুবিধা(Technical disadvantage)৷ যেনে, টাইপ কৰোঁতে e আৰু i লিখি ৰেপ(')টো বেলেগকৈ লিখোঁতে সময় এটা অতিৰিক্তকৈ প্ৰয়োজন হ'ল; আৰু তাৰ বাবে অতিৰিক্ত পৰিশ্ৰমৰো দৰকাৰ হ'ল৷ সেয়ে, সেই কাৰিকৰী অসুবিধাবোৰ দূৰ কৰিবলৈ বুৰৈত অনুষ্ঠিত মিচিং আগম কৌবাঙৰ সপ্তম অধিবেশনত অনুষ্ঠিত কৰা আলোচনাচক্ৰত অৌ আৰু অৃৰ বাবে ৰোমান লিপিৰ c আৰু v ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ তেনেকৈ ঙ আৰু ঞৰ বাবে Ng আৰু Ny গ্ৰহণ কৰি মিচিং ভাষাৰ বাবে কৌবাঙে 'সংশোধিত ৰোমান লিপি' প্ৰকাশ কৰে৷ সেইমতে আখৰবিলাক ৰোমান লিপিৰ হ'লেও পঢ়োঁতে অসমীয়াৰ দৰে উচ্চাৰণ কৰাৰ পৰামৰ্শ দিয়ে৷
অৱশ্যে তৃতীয় আৰু চতুৰ্থমান শ্ৰেণীত ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তন কৰাত অৌ আৰু অৃৰ বাবে c আৰু v-কলৈ মিচিং ভাষা পঢ়োৱাত আকৌ এটা নতুন সমস্যাৰ উদ্ভৱ হয়৷ কিয়নো একেটা শিক্ষাৰ্থীৰ বাবে মিচিং পঢ়োঁতে c আৰু v অৌ আৰু অৃ হ'ল; আকৌ ইংৰাজীৰ বাবে অৌ আৰু অৃ নহৈ c আৰু v হ'ল৷ ফলত উঠি অহা ল'ৰা-ছোৱালী মনত পৰস্পৰ মানসিক দ্বন্দ্বৰ সৃষ্টি হ'ব৷ সেয়ে 2005 চনত অনুষ্ঠিত 17 সংখ্যক বৰমুকলি অধিৱেশনৰ আগে আগে দেৰগাঁৱৰ ধৰমশালাত অনুষ্ঠিত এখন ৰাজহুৱা বৈঠকৰ যোগেদি অৌ আৰু অৃৰ বাবে é আৰু í লোৱাৰ কথা ঘোষণা কৰে৷ তেনেকৈ মিচিং ভাষা চৰ্চ্চাও আগবাঢ়ি গৈ থাকে৷
বৰ্তমান মিচিং বৰ্ণমালাৰ পঠন পদ্ধতিও সলনি কৰা হৈছে৷ আগতে আছিল পানিনিয়ান পঠন পদ্ধতি; এতিয়াৰটো ইংৰাজী পঠন পদ্ধতি৷ আগতে অ আ ই এ...ক গ ঙ...; এতিয়া A B D E ...
আজি মিচিং আগম কৌবাং পঞ্চাছ বছৰ পাৰ কৰি যাব৷ সেই উপলক্ষে কৌবাঙৰ 24 সংখ্যক সাধাৰণ অধিবেশন আৰু সোণালী জয়ন্তী সামৰণি অনুষ্ঠানলৈ আমাৰ আশাৰ বতৰা লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব৷ তেখেতে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলক সাংবিধানিক ৰক্ষাকৱচ Six Schedule, অৰ্থাৎ ষষ্ঠ অনুসূচী প্ৰদান কৰক৷
দ্বিতীয়তে, মিচিং সংস্কৃতিৰ মেৰুদণ্ড আলিঃ আঃয় লৃগাঙৰ বাবে ফাগুন মাহৰ প্ৰথম বুধবাৰটো চৰকাৰী বন্ধ তথা কৃষি দিৱস হিচাপে ঘোষণা কৰক৷
তৃতীয়তে, মিচিং অধ্যুষিত অঞ্চলত পঢ়াবৰ বাবে 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুযায়ী মিচিং ভাষাক Medium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰক৷
তাৰ উপৰি মিচিং জনগোষ্ঠীৰ এশ এবুৰি সমস্যা তথা অভাৱ-অভিযোগ আছে৷ আমি আশা কৰিছোঁ, এই জনগোষ্ঠীটোৱে সন্মুখীন হোৱা সকলোখিনি অভাৱ-অভিযোগ আৰু সমস্যাবোৰ একাধিকক্ৰমে সমাধান কৰাত মনোযোগ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ বলিষ্ঠ চৰকাৰে মনোযোগ দিব৷
No comments:
Post a Comment