সৰাপাতত ফাগুনৰ উৎসৱ
নেহেৰু পেগু
ফাগুন শব্দটোৱে কিবা মোহলগা শব্দ। শুকান খৰখৰীয়া বতাহজাকৰ মাজতো কবিতাৰ দৰে অইনিঃতমৰ দৰে কিবা এটা লুকাই থাকে । হয়, হয় সেয়া ফাগুণৰ আত্মা। গছৰ পাতবোৰ কঁপি থকা দেখোঁ, পলাশ শিমুল মদাৰৰ ডালত ফাগুনে হেনো জুই জ্বলাই, কিন্তু ফাগুনক দেখা নাপাওঁ; ফাগুনক চুই চাব নোৱাৰোঁ।
নৈপৰীয়া শিমলু জোপাত পৰশ ফাগুনৰ
উচপিচ ৰক্তাভ আলোড়ন
লহৰিয়া বেলিটো লাজুকীয়া হয় ওৰণি টানি
এয়া যে কবিতা সিঁচি উন্মনা ফাগুন।
(ফাগুন-ৰাজীৱ কোঁৱৰ)
ফাগুন বৰ অভিমানী, কাৰো স'তে চুপতি মাৰিবলৈ ফাগুনৰ হেনো সময় নাই। কিন্তু ফাগুনে সকলোকে চুই যায়- কবি, লেখক, গীতিকাৰ , কন্ঠশিল্পী সকলোকে; মৈয়াই থৈ যায় অনুভৱৰ জীপাল বুকুৰ সাৰুৱা পথাৰ। সেই সাৰুৱা পথাৰত সৃষ্টিৰ মেলা বহে। সেইবাবেইতো ফাগুনক লৈ অত কবিতা, অত গীত, অত কাহিনী। ইমানেইনে? নহয়, আৰু আছে। ফাগুনে মিচিং কনেঙৰ বুকুতো আল ফুলে ৰুই যায় সপোনৰ বীজ। সেয়েহে কনেঙৰ হেঁপাহৰ তাঁতশাল, সবল বাহুৰ আতিশয্যত ডেডা-উৰি পাৰি উঠে- গেটাং টাং টাং। কিয়নো বুকুৰ ভিতৰত কনেঙে ইতিমধ্যে প্ৰিয় কাৰোবাৰ ছবি আঁকি থৈছে। এইবাৰ ন'হলে অহাবাৰ সৰুকৈ হলেও এখন সংসাৰ তৰিব লাগিব।
Bo:bi lo:lin ésardo
A:né abung bogragdo
Ajjou daggom okumko
Annyé mojon sula:pé.
( ভাৱাৰ্থ: মুকলি বতাহে চুই যোৱা কোনোবা এখন নদীৰ পাৰত, সৰুকৈ হ'লেওঁ ঘৰ এখন তৰিম)
ফাগুনে বয়সীয়া বিদ্বান জনকো এৰা নাই। তলৰ কবিতাটি চাওঁক-
শুকান বতাহজাকে পাতবোৰ উৰুৱাই নিয়ে
ৰাংঢালী চৰাইবোৰে গছৰ ডালত পৰি নাচে
জুনুকাৰ জুনজুননিত সাৰ পায় কুঁহিপাতে
শিমলুগুৰি সৌ ৰঙা পাহিত
তুমি আহি মাৰিলা হাঁহি।
( ফাগুনৰ গান-হীৰেণ ভট্টাচার্য)
তাহানি শৈশৱত একো নুবুজাকৈ গুনগুনাইছিলো সুকন্ঠী গায়িকা নমিতা ভট্টাচার্য আৰু দ্বীপেন বৰুৱাৰ কন্ঠৰ এই গীতটি।
ফাগুনৰে বা বলে লিহিৰী লিহিৰী বনতে
কিয় জানো মন সৰে কাৰোবাৰ হাঁহিতে।
এই হাঁহিত মন সৰা কথাটো আগেয়ে বুজি পোৱা নাছিলোঁ। কাৰোবাৰ হাঁহিত কোনোবাৰ মন সৰে বুলি পিছতহে বুজি পাইছিলোঁ। হাঁহি আৰু প্ৰেম যেন ফাগুন আৰু শিমলু। হাঁহিয়ে যেনেকৈ প্ৰেমক সজাই তুলি প্ৰেমক সৰগীয় সুষমা প্ৰদান কৰে ঠিক তেনেকৈ শিমলুৰ ৰঙা ৰঙেও সজাই তোলে ফাগুনক, ফাগুনৰ আকাশক। চৰাই চিৰিকতিৰ উলাহ আৰু উশ্বাসত বুকুৰ আকাশ পোহৰ হৈ উঠে। এই গীতটি শুনক
ফাগুন আহিলে বই
হিয়াৰ দুয়োপাৰ উপচায়,
ফাগুন আহিলে বই
বুকুৰ আকাশ পোহৰায়।
কন্ঠ- মহালক্ষ্মী আয়াৰ
বসন্তৰ ফুলাম বাতৰি লৈ , সৰাপাতৰ মাজে মাজে বৈ অহা ফাগুনে কেতিয়াবা হৃদয়ৰ মাজলৈ ৰিক্ততাও আনে। শৈশৱ পাৰ হৈ, পিছলৈ আৰু পিছলৈ , পিছুৱাই আহোঁতে কেতিয়াবা জীৱন হৈ পৰে শূন্য।বাস্তৱৰ টনা আজোৰাত ৰিক্ত হৈ পৰে জীৱন।কোনোবা মুহূর্তত ফাগুনৰ ধেমালি ভাল নলগা হয়। কন্ঠ শিল্পী সবিতা চৌধুৰীয়ে গোৱা ফাগুনৰ তেনে এটা গীত
অ' ফাগুনৰ উতলা বা
গুচি যা, গুচি যা, গুচি যা.....
নজগাবি ফুল কলি
উতলাটোৰ পাখি মেলি....... ।
হয়, ফাগুন দুষ্ট। ই মানুহৰ সুপ্ত অনুভূতিক জগাই তোলে ঠিক কৈশোৰত ভৰি দিয়া কিশোৰ কিশোৰীৰ দৰে। ফলাফল নজনাকৈ অনুভূতিৰ স'তে খেলে।
তথাপিও, ফাগুন যি ভাবেই নাহক কিয় হৃদয়ত ই খলখনি তুলিবই। বুকুৰ মাজত অনুভূতিৰ উজান পৰিবই। মিচিং সকল আৰু এখোপ চৰা। কিয়নো এইমাহতেই পৰে কৃষি উৎসৱ আলি আঃয়ে লিগাং। সেয়েহে মিচিং সকলৰ মন দলদোপ হেন্দোলদোপ। আমাৰ প্ৰিয় কবি ত্ৰিৰঞ্জন টাইদৰ এটি সুন্দৰ কবিতাৰ কিছু পংক্তি তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ-
লৃগাং !
তোমাৰ ওঁঠৰ উপকূলেদি বাগৰি আহে মোৰ বুকুৰ হাঁহিৰ উদ্যান
তোমাৰ ওঁঠৰ চিৰিয়েদি লৱৰি আহে মোৰ বুকুৰ সেউজীয়া মৈদান ।
লৃগাং, তুমি আহা মোৰ বুকুৰ উপত্যকালৈ আহা
ডেউকা মেলি আহা
ৰ'দৰ কুহুমীয়া গাল হৈ,
তোমাৰ স'তেই মোৰ আয়োজন চলে
আনন্দ উৎসৱ হাঁহিৰ উৎসৱ সুখৰ উৎসৱ
তুমি মোৰ তেজৰ অনাদি উৎসৱ অনাবিল উৎসৱ ।
তোমাৰ কথা কৈ
মোৰ গাত সেউজীয়া ৰঙবোৰে পোহৰৰ বাট বিচাৰি ফুৰিছে
তোমাৰ কথা কৈ
মোৰ গাত ফাগুনে সুখৰ কুহুমীয়া কুঁহিপাত মেলিছে
দুখবোৰ সুখৰ ধান সিঁচিছে
সুখবোৰ অই-নিঃতমৰ গাল চেপিছে
লৃগাং তুমি আহা
হয়তো আজি ৰাতিয়েই আকৌ এবাৰ হ'ব পাৰে তোমাৰ সতে মোৰ আনন্দৰ যুৰীয়া বিয়া।
লৃগাং তুমি আহা মোৰ বুকুৰ মাটি ডৰালৈ আহা অৰণ্য সিঁচি আহ
সজাল কৰো ভোগৰ ধৰনি ।!
সৌৱা চোৱা
তুমি অহাৰ বাতৰি পাই কেনেকৈ শিমলু ফুলবোৰে থোপা থোপে আকাশত সেন্দূৰ সানিছে ,
হয়তো আজিয়েই আকৌ এবাৰ হব পাৰে তোমাৰ সতে মোৰ বিবাহ উৎসৱ
লৃগাং ,তোমাৰ ওঁঠৰ উপকূলেদি বৈ আহে মোৰ অনাবিল আনন্দ ।
তোমাৰ ওঁঠেদি উদিত হোৱা বেলি মূখৰ হাঁহি চাই চাই
মোৰ কলিজাত বাহৰ পাতিছে ভালপোৱাৰ বিবাহ উৎসৱ
তোমাৰ গালেদি লৱৰি অহা বেলি মুখৰ বৰণ চাই চাই
মোৰ গাত বাহৰ পাতিছে তাঃচুগেদি নিগৰি অহা (ভাগৰ নিৰুৱা)পঃৰ আপঙৰ উপত্যকা.......
(লৃগাং, তোমাৰ সতে আয়োজন হয় মোৰ সুখৰ
উদ্যান - ত্ৰিৰঞ্জন টাইড)
আৰু লিগাঙৰ এই শুভক্ষণত ফাগুনৰ কবিতা, গীত আৰু প'ৰঃ আপঙৰ স'তে নিচুকাই আছোঁ কেচেলুৱা হৃদয়। আহক ফাগুনৰ শিমলু ফুলাৰ বতৰত হৃদয়ৰ দুৱাৰ খুলি দিওঁ , বৈ আহক হিল দল ভাঙি তেজৰঙী আশাৰ সপোন।
বৰ্ণিল অনুভৱ👌
ReplyDelete