ঐচেঙৰ সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

ঐচেঙৰ সপোন

 


ঐচেঙৰ সপোন

                                                                         

জুৰিতি মিলি পেগু

তিনিচুকীয়া

                                                                                      

        

             কিনকিনিয়া বৰষুণজাক এৰাৰ পাছত ঐচেঙে খৰধৰকৈ চাংঘৰৰ জখলাৰে নামি গৈ বাৰীত সোমালেগৈ।এতিয়াই তাই পাচলি খিনি চিঙি নাৰাখিলে কাইলৈ তাইৰ যোৱাৰ পৰত বৰ খৰখেদা হব।ইফালে হাঁহ-কুকুৰা, গৰু-ছাগলী এইবোৰ আছেই চম্ভালিবলৈ।তাইৰ সন্ধিয়া সময় খিনি কেৱল সিহঁতৰ বাবেই।নহবনো কিয়!জীৱন সংগ্ৰামৰ কঠিন বাটত সিহঁতেইতো জোনাকী পৰুৱা হৈ দেখা দিয়ে।আৰু যে এই বাৰীখন তাইৰ বৰ মৰমৰ। বাৰীৰ প্ৰতিটো গছতে দেউতাকক বিচাৰি পায়।শাৰী-শাৰীকৈ থকা নুনিগছবোৰ দেউতাকে তাইৰ মাকৰ বাবে ৰুই দিছিল।নুনিপলোৰ বাবে পাত বিচাৰি কষ্ট হয় বুলি।মাকে আজিও নুনিপলো পুহি সূতা ওলিয়াই আৰু ঐচেঙে এযোৰ-দুযোৰকৈ বৈ বেপাৰীক দি দিয়ে।কাপোৰৰ পৰাও তাইৰ ভাল উপাৰ্জন হয়। মুঠতে দেউতাকৰ দেহৰ ঘামেৰে গঢ়ি উঠা এখন ধুনীয়া সমভ্ৰান্ত বাৰী। এই বাৰীখনৰ পৰাই তাই বতৰৰ সকলো ধৰণৰ পাচলি আৰু ফলমূল চাইকেল এখনত ওলমাই লৈ গাঁৱৰ ওচৰে-পাজৰে থকা অন্য গাওঁলৈ সপ্তাহত এবাৰ বিক্ৰীৰ বাবে যায়। বৰ্তমান তাই গাঁৱৰ ওচৰৰ কলেজ এখনত স্নাতক প্ৰথম বাৰ্ষিকত পঢ়ি আছে।তাই বুকুত সপোন এটা পুহি ৰাখিছে ভালকৈ পঢ়া-শুনা কৰি শিক্ষয়িত্ৰীৰ ৰূপত নিজকে দেখাৰ লগতে বেপাৰ-বাণিজ্যৰে মাকক সহায় কৰাৰ। তাই যেতিয়া চুৰিদাৰযোৰৰ ওপৰত দেউতাকৰ স্মৃতি ৰূপে ৰয় যোৱা ডাঙৰ চাৰ্টখন পিন্ধি,মূৰত কাপোৰ এখন মেৰিয়াই টিলিঙ-টিলিঙ কৈ চাইকেলৰ বেল বজাই পাচলি বিক্ৰীৰ বাবে ওলাই যায় তেতিয়া গাঁৱৰ পিলিঙা তাচপাত খেলি গা-গেলাই থকা লৰাবোৰে তাইক জুকাই।তাই এইবোৰলৈ মন-কাণ নিদিয়ে যদিও কেতিয়াবা খঙতে কয় দিব বিচাৰে।কিন্তু তাই নকয়।দেউতাকৰ উপাৰ্জনৰে ৰঘুমলাৰ দৰে খাই থকা এলেহুৱা মানুহ এইবোৰ।নিজেটো হাত-সাৱটি বহি সময়ৰ সৎ ব্যৱহাৰ নকৰে আনে কিবা এটা কৰিলেও চকু জ্বলে সিহঁতৰ।সহজতে জীৱনৰ সুখবোৰ আলাসতে বুটলিবলৈ বিচাৰে।চাইকেলৰ পেডেল মাৰোতে ঐচেঙৰ কষ্ট হলেও যেতিয়া তাই খালি মোনাৰে ঘৰলৈ বুলি চাইকেলৰ পেডেল মাৰে তেতিয়া তাইৰ দেহ-মনৰ ভাগৰ কৰবালৈ উৰি যায়।মনৰ ওলাহত তাই নিজান পথবোৰত ঐনিতম এফাঁকি গুণগুণাই।মাজে-মাজে দুখীয়া পঁজা কিছুমান চাই ৰয় যোৱা দুই-তিনিটা পাচলি ও বিলাই থৈ আহে।

     ঐচেঙৰ ঘৰখনত মাক আৰু তাই দুয়ো-দুয়োৰে সূখ-দূখৰ লগৰীয়া।মাকক আপোন কৰাৰ সপোন দেখুৱাই তাইক পৃথিৱীলৈ অনা দেউতাকক তাই আজিলৈকে দেখা নাই।আৰু তাইৰ দেখাৰ হেঁপাহো নাই।মানুহে ঘুনুক-ঘুনাককৈ পাতি থকা এদিন শুনিছিল দেউতাকৰ সংসাৰৰ কথা।তাই সেইবোৰলৈ মনকান নিদিয়ে।মাকক তাই দুখ-কষ্টৰ ছাঁটোৰ পৰা দূৰত ৰাখিব বিচাৰে।দেউতাক ঢুকুৱাৰ পাছত তাইক মাকে সকলো কথাই কৈছিল কিদৰে জীৱনৰ প্ৰায়শ্ছিতবিহীন ডাঙৰ ভুল এটাই মাকক আন্ধাৰ পথলৈ ঠেলি দিছিল।তাইৰ মাক ঘৰৰ সকলোৰে বৰ মৰমৰ জীয়ৰী আছিল।ককায়েক দুজনৰ আলাসৰ লাৰু আছিল।মাকৰ দুখতে ককা-আইতাকেএকেটা বছৰতে এই সংসাৰৰ পৰা আঁতৰি গল।মামাকহঁতৰ ঘৰত থকা বিশ্বাসী হালোৱা লৰাজনে ঘৰখনক সমাজৰ বদনামৰপৰা বচাবলৈ মাকক আপোন কৰি ঐচেঙক পিতাকৰ ছাঁ নিদিয়া হলে মাক আৰু ঐচেং ৰংবিহীন জীৱন এটা যাপন কৰিব লগা হলহেঁতেন।ককায়েক দুয়োজনে নিজৰ ভনীয়েকক আটোল-টোলকৈ ঘৰখন গঢ়ি দিলে আৰু মাকৰ বাবে অংগনবাদী চাকৰি এটাও যোগাৰ কৰি দিলে। তাইৰ দেউতাক বহুত পৰিশ্ৰমী  মানুহ আছিল।সেয়ে ঘৰে-বাৰীয়ে সিহঁতৰ সোনকালে নদন-বদন হল।তেনেকৈয়ে ঐচেং ডাঙৰ হৈছিল মাক-দেউতাকৰ মৰমত। কিন্তু সিহঁতৰ সুখবোৰ বেছিদিনলৈ নাথাকিল।সিহঁতক কন্দুৱাই দেউতাকো জণ্ডিচ ৰোগত আক্ৰান্ত হৈ দুবছৰ মান আগতে ঢুকাই থাকিল।মাকৰ পৰা তাইৰ জীৱনৰ সত্য জনাৰ পাছত তাইৰ দেউতাকক জোৰকৈ সাৱটি ধৰি কান্দিবলৈ বৰ মন গৈছিল।কিন্তু তেতিয়া দেউতাক বহুত দূৰত।আকাশৰ তৰা এটি চাই তাই চকুৰ পানীৰে জুৰুলি-জুপুৰি হৈ কৈছিল- দেউতা যদিও তুমি মোৰ জন্মদাতা নোহোৱা, তথাপি মই তোমাকে  অহাজনমটো দেউতা হিচাপে পাব বিচাৰো ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages