ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ

 


ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ ড° বুলজিৎ বুঢ়াগোহাঁই


       ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ হিচাপেও অসমৰ যুৱক-যুৱতীসকলে এক সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে । বৰ্তমান সময়ত হাতৰ আখৰৰ ব্যৱহাৰ কমি অহাৰ হেতু ডি টি পি ৰ যোগেদি অধিক সংখ্যক কাম সম্পন্ন কৰা দেখা গৈছে । তদুপৰি, ৰাজ্যখনত ছপাশালৰ সংখ্যা বৃদ্ধিৰ লগে লগে কিতাপ প্রকাশৰ সংখ্যাও অধিক হোৱা দেখা গৈছে । ফলস্বৰূপে,ডি টি পি অপাৰেটৰ সকলৰ চাহিদাও দিনে দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ডি টি পি অপাৰেটৰ সকলে গ্রাহকৰ চাহিদা অনুসৰি ‘ডেক্সটপ পাব্লিচিং চফ্টৱেৰ’টো বিভিন্ন প্রিন্ট মিডিয়া যেনে- বাতৰি কাকত, কিতাপ,আলোচনী আদিত সঠিক ৰূপত আৰু দক্ষতাৰে ইয়াৰ প্রয়োগ কৰে । ডি টি পি অপাৰেটৰ হ’বলৈ নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ প্রয়োজন নাই যদিও স্বীকৃতিপ্রাপ্ত অনুস্থানৰ পৰা প্রশিক্ষণ গ্রহণ কৰিলে চৰকাৰী খণ্ডত নিযুক্তিৰ সুবিধা লাভ কৰে। তদুপৰি, শিক্ষাগত অৰ্হতা অধিক থকা ব্যক্তিসকলে ব্যক্তিগত খণ্ড তথা নামী প্রকাশকৰ তত্বাবধানত কাম কৰাৰ অধিক সুযোগ লাভ কৰে । ইয়াৰোপৰি, ডি টি পি অপাৰেটৰ হ’বলৈ কোনো শিক্ষানুস্থানত পাঠ্যক্ৰম গ্রহণ কৰিব লাগিব বুলিও কোনো ধৰাবন্ধা নিয়ম নাই,যিকোনো অভিজ্ঞ ডি টি পি অপাৰেটৰৰ অধীনতো আগ্রহী ব্যক্তিয়ে প্রশিক্ষণ গ্রহণ কৰিব পাৰে। ডি টি পি অপাৰেটৰ সকল ব্যৱহৃত চফ্টৱেৰটোৰ শেহতীয়া তথ্য সম্বলিত সংস্কৰণৰ সম্পৰ্কে জ্ঞাত হ’ব লাগে। ইয়াৰোপৰি, কম্পিউটাৰৰ প্রাথমিক জ্ঞান, স্থানীয় আৰু ইংৰাজী ভাষাৰ জ্ঞান থকাৰ প্রয়োজন । ডি টি পি অপাৰেটৰ সকলৰ ‘ডেক্সটপ পাব্লিচিং চফ্টৱেৰ’টোৰ ব্যৱহাৰিক জ্ঞানৰ উপৰিও সময়মতে কাম সম্পন্ন কৰিব পৰা ক্ষমতাৰ লগতে কষ্টসহিষ্ণু তথা সৃজনশীল মনৰ অধিকাৰী হ’ব লাগিব । ছাত্র-ছাত্রীৰ লগতে গৃহিনী সকলেও ঘৰতে বহি ডি টি পি অপাৰেটৰৰ কাম কৰিব পাৰে । ইয়াৰোপৰি, যুৱক-যুৱতীসকলে কম অৰ্থ ব্যয়ৰে ডি টি পি চেণ্টাৰ খুলি স্ব-নিয়োজনৰ বাট মুকলি কৰিব পাৰে ।

     সেইদৰে , শিল্পীসুলভ, সৃজনশীল মনৰ ,ছবি আঁকি ভালপোৱা ব্যক্তিসকলে গ্রাফিক ডিজাইনাৰ কেৰিয়াৰটি নিৰ্বাচন কৰিব পাৰে । যিকোনো কিতাপৰ এক সুন্দৰ বেটুপাত তথা বিভিন্ন উৎপাদিত সামগ্রীৰ সুন্দৰ ৰূপাংকনে গ্রাহকক বিশেষভাবে আকৰ্ষিত কৰিব পাৰে । সেয়েহে,ডিজাইনাৰসকলে বিভিন্ন কৌশল অৱলম্বন কৰি আখৰ আৰু ছবিৰ সংযোজন ঘটাই অংকনৰ মাধ্যমেৰে গ্রাহকৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্রয়াস কৰে । গ্রাফিক ডিজাইনাৰ হ’বলৈ কম্পিউটাৰ চফ্টৱেৰৰ জ্ঞান,টাইপ’গ্রাফি অৰ্থাৎ অক্ষৰ বিন্যাস শৈলীৰ জ্ঞান,ফটোগ্রাফিৰ লগতে ৰং নিৰ্বাচন কৰাৰ দক্ষতা থকাটো প্রয়োজনীয় । গ্রাফিক ডিজাইনাৰ হ’বলৈ নূন্যতম শিক্ষাগত অৰ্হতা দশম শ্রেণী উত্তীৰ্ণ হলেও হয় যদিও শিক্ষাগত অৰ্হতা অধিক থকা ব্যক্তি সকলে নিয়োগৰ ক্ষেত্রখনত অধিক সুবিধা লাভ কৰিবলৈ সক্ষম হয় । এতিয়া পঢ়ুৱৈ সকলৰ মনত প্রশ্নৰ উদয় হ’ব পাৰে যে, গ্রাফিক ডিজাইন আৰু ডি টি পি অপাৰেটৰৰ প্রশিক্ষণ অসমৰ ক’ত ক’ত গ্রহণ কৰিব পাৰিব ? অসমৰ সকলো জিলাতে NIC (National Informatics Centre) ৰ কেন্দ্র আছে । এই কেন্দ্রসমূহত ডি টি পি, গ্রাফিক ডিজাইন আদি কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ প্রশিক্ষণ প্রদান কৰে। সেইদৰে, কিছুমান ITI (Industrial Training Institute)তো ডি টি পি, গ্রাফিক ডিজাইন আদিৰ প্রশিক্ষণ প্রদান কৰে । তদুপৰি, আমাৰ ৰাজ্যখনৰ প্রায় সকলোকেইখন জিলাৰে কিছুসংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ত কম্পিউটাৰ প্রশিক্ষণ দিয়া হয় । অসমৰ সকলো জিলাতে বৰ্তমান বহু সংখ্যক ব্যক্তিগত কম্পিউটাৰ প্রশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠা দেখা গৈছে । কিন্ত, মন কৰিবলগীয়া এইয়ে যে, যিকোনো অনুস্থানতে এই পাঠ্যক্ৰম সমূহৰ নাম ভর্তি কৰাৰ পূৰ্বে অনুস্থানটোৰ প্রশিক্ষণ প্রদানৰ সবিশেষ জানি ল’ব লাগে। গ্রাফিক ডিজাইনাৰ আৰু ডি টি পি অপাৰেটৰ সকলে অতি কম ব্যয়েৰে স্বনিৰ্ভৰশীল হ’ব পাৰে যদিও দুয়োটা বৃত্তিতে যথেষ্ট অনুশীলনৰ প্রয়োজন হয় । গ্রাফিক ডিজাইন আৰু ডি টি পি অপাৰেটৰৰ প্রতি আগ্রহী ব্যক্তিসকলে দেৱজ্যোতি বৰাৰ অসমীয়া ভাষাত প্রকাশিত “ডি টি পি অপাৰেটৰৰ পূৰ্ণাংগ ব্যৱহাৰিক হাতপুথি” আৰু “গ্রাফিক্স ডিজাইনাৰৰ ব্যৱহাৰিক হাতপুথি”নাম কিতাপ দুখনৰ সহায়ো ল’ব পাৰে ।




ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

https://www.youtube.com/user/Buljit/videos


বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages