প্রাপ্তি
বিশ্বেশ্বৰ মজুমদাৰ
প্রধান শিক্ষক
দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়
আস্! প্রচণ্ডভাৱে বুকুখন বিষাই উঠাত বিৰাজ বৰুৱাই বুকুখন হেঁচা মাৰি ধৰি বিচনাত পৰিল। কাষতে শুই থকা পত্নী মাধৱীয়ে খক্মক্কৈ সাৰ পাই উঠি বৰুৱালৈ পানী এগিলাচ আগবঢ়াই দিলে। ভয়াত চাৱনিৰে বিৰাজ বৰুৱালৈ চাই লাহে লাহে বুকুখন পিহি পিহি কৈ উঠিল – হেৰি কি হৈছে আপোনাৰ? ভাল পাইছেনে এতিয়া?
চমুকৈ হমম বুলি কৈ তেওঁ পুনৰ বিচনাত দীঘল দি পৰিল। বৰ্তমান ঘৰত বৰুৱা আৰু পত্নীহে। একমাত্র পুত্ৰ গৌৰবে বাংগালুৰুত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে। বেছিকৈ গা-বেয়া লাগিলে হস্পিতাললৈ নিবলৈও ড্ৰাইভাৰ অৰুণৰ ঘৰৰ যথেষ্ট দূৰত। কথাবোৰ বেছিকৈ নাভাবো বুলি ভাৱিও পুনৰ তেওঁৰ দুচকুৰে দুধাৰি চকুলো ওলাই আহিল। আন্ধাৰতে মচি ল'লে তেওঁৰ পত্নীয়ে দেখে বুলি। বৰুৱাই মনৰ কথাবোৰ কাক ক’ব? ক'লেও যদি এই বয়সত এইবোৰ কি কেঁচুৱামি বুলি মানুহে তেওঁক ইতিকিং কৰি হাঁহে! মাজত মাথো আৰু এমাহ ... তাৰ পাছত আৰু তেওঁ আৰু তেওঁ হৈ নাথাকিব ... তেওঁ বাৰু বিস্মৃতি হৈ পৰিব নেকি... আস্। মানুহৰ মাজৰ মানুহ তেওঁ... মানুহৰ মনৰ পৰা আঁতৰাই পঠিয়ালে তেওঁৰ অস্তিত্ব ক’ত থাকিব....!
পুৱা কিছু পলমকৈ সাৰ পালে বিৰাজ বৰুৱাই। ইতিমধ্যে পত্নী মাধৱীয়ে পুৱাৰ কামবোৰ কৰি শেষ কৰিলেই। বৰুৱাই লৰালৰিকৈ গৈ বাথৰূমত সোমাই কাপোৰ সাজ পিন্ধি ডাইনিং টেবুলত বহিল। বৰুৱাৰ সম্প্ৰতিভ ৰূপ দেখি বিমলাই স্বস্তিৰ নিঃশ্বাস এৰিলে। তেঁৱো ঘৰুৱা কাপোৰ সাজ সলাই স্কুললৈ যাবলৈ সাজু হ’ল। ওচৰৰে এল.পি. স্কুলখনৰ তেওঁ প্ৰধান শিক্ষয়িত্ৰী। বহুত দায়িত্ব। বৰুৱাতকৈ ৫ বছৰৰ পাছতহে তেওঁৰ অৱসৰৰ সময় আহিব। দুয়ো একেলগে চোতাললৈ আহিল। ঘৰুৱা ড্রাইভাৰ অৰূপে প্ৰথমে বৰুৱানীক স্কুলত নমাই বৰুৱাক স্কুলত থৈ আহিবগৈ। বৰুৱাৰ স্কুলখন ঘৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত।
: ছাৰ পালেহি।
চদীকাৰ পৰেশে দুহাত ঘুৰি বিনয়ী ভারত বৰুৱাক আগবঢ়াই নিলেহি। বৰুৱাই মন কৰিছে বিদ্যালয়ৰ সকলোৱে এইকেইদিন তেওঁৰ প্ৰতি যেন বেছি সম্ভ্রম ব্যৱহাৰ, বিনয়ীভাৱ প্ৰদৰ্শন কৰিছে। অফিচ কমত সোমাই ফাইলত মূৰ গুজি থকাতকৈ কিছু সময় বাহিৰত অকলে থকাৰ কথাহে ভাৰিলে তেওঁ। যিটো কাম বিগত দুকুৰি বছৰে কৰিবলৈ তেওঁ সময় উলিয়াব নোৱাৰিলে। সময় উলিয়াব হয়তো পাৰিলেহেঁতেন কিন্তু সম্ভৱত তেওঁৰ ইচ্ছাৰহে অভাৱ আছিল তেতিয়া। তেওঁ স্কুল ঘৰটোৰ পিছফালৰ বাৰীখনলৈ সোমাই গ'ল... সৌজোপা বগীজামুকৰ গছ, শিক্ষক দিৱসত তেওঁ নিজহাতে বোপণ কৰিছিল। নিমগছ, কেইজোপামান জাহাজী কলৰ গছ, নৰসিংহ, বগৰী, জলফাই, কঁঠাল, তামোল গছ দুজোপামান, শিলিখা, সোণাক, আমলখিৰ দৰে মূল্যৱান গছেৰে ভৰপূৰ হৈ আছে বাৰীখন প্রত্যেক জোপা গছতে তেওঁ লাহে লাহে হাত ফুৰাই দিলে। যেন সন্তানক শেষ বিদায়হে জনাইছে তেওঁ। শোক এটা বুকুৰ পৰা চকুলৈ উজাই আহিল। দুটোপাল চকুপানী তুলসী জোপাৰ ওপৰতে পৰিল। আৰু এমাহৰ পাছত এইখন বাৰীত তেওঁৰ উপস্থিতি অপ্ৰাসংগিক হৈ পৰিব। উস্.....তহঁতে পাহৰি নাযাবি অ' মোক। তহঁত মোৰ বৰ আপোন। মোৰ সপোনৰ বিদ্যালয়খনৰ হেঁপাহৰ ফচল তহঁত। তাৰ পৰা ধীৰে ধীৰে পৰা ওলাই আহি এইবাৰ তেওঁ স্কুলগৃহৰ সন্মুখৰ ডাঙৰ বাগিচাখনৰ মাজলৈ সোমাই গ'ল ... যত ছাত্রছাত্রীসকলে খেলিবৰ বাবে তিনিখন ঝুলনাও আছে। অপৰাজিতা, জবা, পাতাবাহাৰ, নাৰ্জি, নয়নতৰা আদি ফুলৰ লগতে বেঙেনা, ৰহৰ দালি আদি গছবোৰে সগৌৰৱে মুৰ তুলি ঠিয় দি আছে। গছবোৰ চাই চাই, চুই চুই দুখৰ মাজতো তেওঁৰ এটা কথা ভাবি হাঁহি উঠি গ'ল৷ কোনোবাই ফুলবোৰৰ অলপ হানি-বিঘিনি ঘটালে অলপ খঙ উঠিছিল নে তেওঁৰ। এবাৰ কোনোবাই নাৰ্জি ফুলৰ বুঢ়া গুটিবোৰ ছিঙি নিয়াৰ বাবে তেওঁৰ হুলস্থুলৰ কোবত সকলো শিক্ষক-শিক্ষয়িত্রী ভয়তে তাপ মাৰিছিল। সহকর্মীসকলে তেওঁক সমীহ কৰাৰ এটা কাৰণ তেওঁ প্রধান শিক্ষক আছিল যদিও আন এটা মুখ্য কাৰণ আছিল তেওঁৰ আপোচহীন ব্যক্তিত্ব। ৯ বাজি ১৫ মিনিটৰ ভিতৰত শিক্ষক শ্ৰেণীকোঠাত উপস্থিত হ'ব লাগিব মানে লাগিবই। ২ মিনিট পলম হ'লেই সেই শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীক দিনটোৰ বাবে কোনো ক্লাছলৈ নপঠিয়াই ‘অলপ আৰাম কৰি লওঁক' বুলি দিনটো কমন ৰূমত বহুৱাই ৰাখিছিল। তেওঁৰ এই নিয়মানুবর্তিতা তথা নেতৃত্ব দিব পৰা গুণৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল খেলা-ধূলা, ৷ গান-নাচ, আবৃত্তি আদিতো আগৰণুৱা আছিল। অৱশ্যে তেওঁৰ খঙতো খেৰৰ জুইৰ দৰে আছিল এই ভমক্কৈ দপ্দপাই জ্বলি উঠিছিল আৰু অলপ সময়ৰ ভিতৰতে নুমাই ছাই হৈ শীতল হৈ পৰিছিল। কাৰোবাৰ যিকোনো বিপদত সাহস, ভৰসা বিচাৰি সকলো তেওঁৰ কাষেই চাপিছিল।
এইবাৰ গেটখনৰ ঠিক কাষতে থকা ইউকেল্পিটাছ জোপাক প্রায় সাৱটি ধৰাৰ দৰে কৰিলে বৰুৱাই। এদিন এই জোপাৰ দৰে ওখ সপোন এটা লৈ তেওঁ ২৫ বছৰ বয়সত এই বিদ্যালয়ত শিক্ষক হিচাপে প্রবেশ কৰিছিল। বুকুত ভৱিষ্যতৰ নাগৰিক গঢ়াৰ দৃঢ় সপোন আৰু ল'ৰাটোক মানুহ কৰাৰ স্বাৰ্থত মহাজনৰ পথাৰত হালবাই থাকোতেই কষ্টৰ ফলত মূৰ ঘূৰাই পৰি একাংগী হৈ পৰ৷ দেউতাকৰ পথাৰৰ প্ৰাণঘোলা হাঁহিটো ঘূৰাই অনাৰ স্বপ্ন।
: ছাৰ
হঠাতে কাৰোবাৰ মাতত তেওঁ মুৰ তুলি দেখিলে দুজন ভব্য-গব্য ডেকা ল'ৰা তেওঁৰ পৰা কিছু আঁতৰত নমস্কাৰসহ এক বিনয়ী ভংগীত ঠিয় দি আছে। তেওঁ বহু যত্ন কৰিও ল’ৰা দুজন কোন মনত পেলাব নোৱাৰিলে।
: ছাৰ ভালে আছে?
হুমম............ভাল মোৰ কিন্তু তোমালোক?
: ছাৰ আমি আপোনাৰ ছাত্ৰ আছিলো ....আজিৰ পৰা ১৫ বছৰৰ আগত ইয়াতেই পঢ়িছিলো। মোৰ নাম ৰোহিত আৰু ই মনোজ।
: মনত পেলাবলৈ কিছু সহায় লাগিব বুজিছা। আৰু কোৱাচোন কি কৰা এতিয়া, ক’ত থাকা তোমালোক?
: ছাৰ, মই মুম্বাইত থাকো। মেকানিকেল ইঞ্জিনিয়াৰ আৰু ই ৰোহিত বেংগালুৰুত থাকে গাইন 'কল'জিষ্ট।
বিৰাজ বৰুৱাৰ বুকুখন আনন্দত উত্থালি উঠিল ...চৰকাৰী স্কুলৰ পৰা ক’তনো ডাক্তৰ, ইঞ্জিনিয়াৰ ওলাব বুলি সততে শুনি থকা ইতিকিং সুচক কথাষাৰ মিছা প্ৰমাণ হোৱা দেখি তেওঁ চকুহাল চল্চলীয়া হৈ উঠিল।
: ছাৰ ...আপোনালৈ সদায় মনত পৰে, লগৰবোৰৰ লগত ফোনত কথা পাতিলেই আপোনাৰ জ্ঞান গভীৰ কথাবোৰ, খঙৰ আঁৰত লুকাই থকা মৰম আৰু দায়িত্ববোধৰ কথাবোৰ মনত পেলাওঁ... প্রতিদিনে আপোনাৰ প্রতি কৃতজ্ঞাবোধ বঢ়াই তোলে। ছাৰ, আপোনাৰ ছাগে মনত নাই.....মই স্কুলত বৰ দুষ্টামি কৰি ফুৰিছিলো। দেউতাই বাছত হেণ্ডিমেনৰ কাম কৰিছিল, ৰাতিপুৱাই ওলাই যায়। মায়ে ৰাতিপুৱাই মোক গৰম ভাত মুঠি দি স্কুললৈ যাবলৈ কৈ দিনটোৰ বাবে মানুহ এঘৰত কেঁচুৱা ৰখা-মেলা কৰে। মা-দেউতাই মোক একো শিকার নোৱাৰে.. দিনটো মা-দেউতা নথকাৰ সুবিধাতে ডাঙৰ ল'ৰাবোৰ লগত আড্ডা পিটি গুট্খা খোৱা, চুলি দীঘলকৈ ৰখা, ফুলি পিন্ধা ইত্যাদি য’র্তমানে বেয়া অভ্যাস গঢ় লৈ উঠিছিল। কিন্তু এদিন আপুনি মোক বান্দাত আঁঠুকঢ়াই এজাৰণ দিছিল ক্লাছ এইটত থাকোতে। তাৰ পাছত আপুনি মোক এঘণ্টামান আপোনাৰ অফিচ ৰূমত বহুৱাই এষাৰ কথা কৈছিল।
... বুজিছ সকলোৱে নিজৰ ভাগ্য লগত লৈ আহে কোনেও কাৰো ভাগ্য গঢ়ি দিব নোৱাৰোঁ। তই এতিয়া নিজে চিন্তা কৰি ল – কেইবছৰমান ভালকৈ পঢ়ি তই তোৰ ভাগ্যখন সুন্দৰকৈ গঢ়িবি নে কেইবছৰমান হাঁহি ধেমালি, দুষ্টামি কৰি গোটেই জীৱন দুর্ভাগ্য কঢ়িয়াই লৈ ফুৰিবি ছাৰ, তাৰ পাছত আমি হাইস্কুলত পঢ়িবলৈ আহিলো... কিন্তু আপোনাৰ সুভাগা গঢ়া কিপিটটোও লগতে লৈ আহিলো আৰু পাছৰবোৰ নকওঁ আৰু ছাৰ বহু দীঘলীয়া কাহিনী হ’ব এটা কথাই কওঁ আপোনাৰ কষ্টৰ ফচল আমিবোৰ। এমাহৰ পাছত আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব বুলি লগৰ ৰাতুলে এদিন ক’লে। ছাৰ আমি সেইদিনাই আপোনাৰ নামত বিদ্যালয়ৰ খেলপথাৰৰ এটা কোণত এটা পুথিভঁৰাল আৰম্ভ কৰাৰ কথা ভাবিছো.. আপোনাৰ দৰে জ্ঞানৰ পূজাৰী গৰাকীৰ নামত প্ৰজন্মৰ পাছত প্ৰজন্মই জ্ঞানৰ সাগৰত সাঁতুৰিব পাৰিব। এতিয়া ছাৰ আপোনাৰ অনুমতি লাগে।
উস্... ইমান সুখ তেওঁ ক'ত ৰাখে... বুকুখন উপচি পৰিছে আজি তেওঁৰ। কোনোবা আছে নেকি চালে তেওঁৰ আশে-পাশে ইমান প্রাপ্তি তেওঁ অকলে গ্রহণ কৰিব নোৱাৰে। তেওঁ দেখিলে সমস্ত বিদ্যালয়খনেই তেওঁৰ কাষত ভিৰ কৰি আছেহি ৰোহিতে কথাবোৰ কৈ থাকোতেই মনোজে শিক্ষক ছাত্র-ছাত্রীসকলোকে তালৈ মাতি আনিলে। তেওঁ ওপৰলৈ মূৰ তোলাৰ লগে লগে সমস্বৰে সকলোৱে হাত চাপৰি বজাই উঠিল। বিৰাজ বৰুৱাই মন কৰিলে তেওঁৰ বুকুত শিলটো এতিয়া নাই.... মানুহবোৰে তেওঁক স্মৃতিৰে জীয়ন দি ৰাখিব।
No comments:
Post a Comment