চিনাকি চোতাল অচিনাকি সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 2, 2022

চিনাকি চোতাল অচিনাকি সুবাস

 



চিনাকি চোতাল অচিনাকি সুবাস

                                                                                                    জুৰিতি মিলি পেগু

                                                                                                     তিনিচুকীয়া


     মেঘালীয়ে জীয়েক পাৰ্চীক গা-পা ধুৱাই-মেলি আজৰি হৈ ঘৰৰ আগফালৰ বাৰাণ্ডাতে চকীত অলসভাৱে বহি পৰিল। পাৰ্চীক গা ধুৱাই থাকোঁতে তাই চাৱাৰৰ পানীৰে তাইক মূখ কুল-কুলাবৰ বাবে  কওতে তাই কৈছিল-মা,মই হলে পানীখিনি নিগিলো দেই,মোৰ বাথৰুমৰ পানী খাবলৈ ভাল নালাগে।আৰু যে মোক হাত-মূখ ধোৱা বেচিনৰ পানী খিনিও খাবলৈ নকবা কেতিয়াও। তাই একে উশাহেৰে কথাখিনি কলে। মেঘালীয়ে মাথোঁ কলে- ঠিক আছে নকওঁ চুনিমুনি মাইনাটো । পাৰ্চী মেঘালীৰ দৰেই বৰ পৰিপাতি,লেতেৰা একেবাৰে সহিব নোৱাৰে । মনে-মনে তাইৰ হাঁহি ও উঠিল, লগতে চাৰি-পাঁচ বছৰৰ আগৰ কথা এটা মনত পৰি গ'ল। তেতিয়াৰ পৰাই তাইৰ বুকুত অবুজ সেমেকা বতাহ এচাতিয়ে চুই আছে। ফৰকাল আকাশত হঠাৎ মেঘে চানি ধৰাৰ দৰেই তাইৰ বুকুখন সেমেকিয়ে ৰল। 

        তেতিয়া পাৰ্চী চাৰি বছৰীয়া।আজিৰ দৰে কৰণা ভাইৰাছৰ উপদ্ৰৱবোৰ নাছিল।নিৰ্ভয়ে যলৈকে যাবলৈ মন যায় বাছেৰে অহা-যোৱা কৰিব পাৰিছিল।তাইৰ স্বামী এগৰাকী কাৰ্য্যালয়ৰ ব্যস্ত বিষয়া,সেয়েহে স্বামী নীহাৰক আমনি নকৰাকৈ তাই মন গলেই শাহুমাকৰ ঘৰলৈ বা মাকৰ ঘৰলৈ বাছেৰে পাৰ্চীক লৈ অকলে  গুছি গৈছিল। ঠিক তেনকুৱাএটা দিনতে মাকৰ ঘৰলৈ আহিছিল তাই।বাছ আস্থানৰপৰা মাকৰ ঘৰলৈ দুই কিলোমিটাৰ দূৰ।তেতিয়া অটৰিক্মা বা ৰিক্মাৰ ব্যৱস্থা হোৱা নাছিল । সেয়ে খোজ-কাঢ়ি অহা-যোৱা কৰিব লগা হৈছিল। তাই পাৰ্চীক লৈ খোজকাঢ়ি আহি থাকোঁতে ৰদজাক সিহঁতৰ মূৰৰ ওপৰতে পৰিছিল।গৰমদিনৰ প্ৰশৰ ৰদ,পাৰ্চীয়ে গৰম সহিব নোৱাৰি অসস্তি প্ৰকাশ কৰিছিল। ছাটিটো ননাৰ বাবে নিজৰ ওপৰতে খং এটাই উজাই আহিছিল মেঘালীৰ মনত। তাই কি কৰোঁ-নকৰোঁ ভাবি থাকোঁতেই গীতিকা খুৰীৰ ঘৰটো দেখি তাইৰ মনটো ভাল লাগি গৈছিল।পাৰ্চীক লৈ তাই ৰদজাক কমালৈকে খুৰীৰ ঘৰতে জিৰণি লয় লব বুলি সোমাই গৈছিল।সিহঁতক দেখা পাই খূৰীয়ে আথে-বেথে বাৰাণ্ডাতে বহুৱালে।ভাল-বেয়াৰ খা-খবৰ লোৱাৰ পাছত খুৰীয়ে কৈ উঠিছিল যে সিহঁতে বৰ বেয়া দিনত আহি ওলালেহি কাৰণ খূৰীৰ  তেতিয়া মাহেকীয়া চলি আছিল। মাহেকীয়া চলি থাকোঁতে খূৰীয়ে পৰাপক্ষত ঘৰৰ কোনো বস্তুৱে নুচুৱে।পাকঘৰত ৰন্ধা-বঢ়া কৰাতো দূৰৰে কথা।মেঘালীয়ে জানিছিল খূৰীয়ে অন্ধ ভাবে বৰ নিয়মবোৰ মানি চলে। পাৰ্চীয়ে ৰদৰ তাপ সহিব নোৱাৰাৰ বাবেহে অসময়ত আমনি দিলোঁ বুলি তাই খুৰীয়েকক বুজাই দিলে।অলপ দেৰি বহাৰপাছত পাৰ্চীয়ে লগত লৈ অহা কেচা বাৰ মিছল চানাৰ টোপোলাৰপৰা চানা খাই থাকোঁতে জলকীয়াৰ টুকুৰা চুবাই পালে ছাগৈ !তাই সেহাই-সেহাই লগত লৈ অনা বটলৰ পানী খাই শেষ কৰিলে। পাৰ্চী অলপ শান্ত হৈছিলগৈ।তাৰ অলপ দেৰিৰ পাছত পাৰ্চীৰ আকৌ পিয়াহ লাগিল।মেঘালীয়ে খূৰীয়েকৰপৰা পানী অলপ খুজিলে।কিন্তু খুৰীয়েকে তাইক ফিলতাৰৰ  পানী নিদি হাত-মূখ ধোৱা বেচিনৰ টেপৰপৰাই বটলটোত পানী ভৰাই লবলৈ কলে।য'ত নেকি থু-খেকাৰ পেলাই মূখ ধোৱা হয়,মেঘালী বাকশূণ্য হৈ পৰিল। কাৰণ তাই দেখিলে বেচিন থকা কোঠালিটোত গিলাছ আৰু পানীৰ জাৰেৰে সজাই ৰখা ডাইনিং টেবুলখন ।তাইৰ এনে লাগিল এয়া চিনাকি আপোন বুলি ভবা ঘৰখন নহয়,এয়া এক অচিনাকি। ইফালে পাৰ্চী য়ে পানীৰ কাৰণে কান্দি-কান্দি হাহাকাৰ কৰি উঠিছিল।তাইৰ ফিলতাৰ নকৰা বেচিনৰ পানী খিনি লবলৈ মন নাছিল যদিও পাৰ্চীৰ কান্দোন দেখি ৰবলৈ নোৱাৰিলে ।তাই বিনা প্ৰতিবাদে নিৰুপায় হৈ পানীখিনি লৈ পাৰ্চীক খুৱাই দিলে।  পাৰ্চীয়ে তেতিয়া নাজানিছিল ভাল-বেয়াৰ কথা,মাথোঁ জানিছিল সকলোখিনিয়েই নিষ্পাপ তাইৰ দৰে।


         গীতিকাখূৰীৰপৰা তেনেকুৱা অৱহেলাৰ স্পৰ্শ এটা পাম বুলি তাই সপোনতো কল্পনা কৰা নাছিল।খূৰীৰ লগত মেঘালীহঁতৰ তেজৰ সম্পৰ্ক নাছিল যদিও এসময়ত বৰ আত্মিক সম্পৰ্ক আছিল।নতুনকৈ বিয়া পাতি খূৰা-খূৰী বেলেগ এখন গাঁৱৰ পৰা সিহঁতৰ গাঁৱত মাটি কিনি ঘৰ সাজি থাকিবলৈ লৈছিল।প্ৰথম চিনাকিতে মেঘালীৰ ঘৰৰ মানুহে তেওঁলোকক আপোন কৰি লৈছিল।মেঘালীহঁতৰ ঘৰলৈ আহিলে মেঘালী আৰু ভনীয়েকে বৰ আগ্ৰহেৰে বিধে-বিধে ৰান্ধি খুৱাইছিল।মাক-দেউতাকে ও বাৰীত হোৱা সকলো বস্তুৰেই টোপোলা দি পঠিয়াইছিল ।মেঘালীহঁতকো বৰ মৰম কৰিছিল।খুৰীৰ যেতিয়া লৰা-ছোৱালী দুটা হৈছিল মেঘালীহঁতেও মাজে-মাজে কোঁচত ডাঙি লৈ ফুৰাইছিল,বহুত মৰম কৰিছিল। তাইৰ আজিও ভালকৈ মনত আছে বাবলি-মাইনাৰ এবাৰ জ্বৰ ভাল হোৱাৰ পাছত মেঘালীৰ ভণ্টি ভিতালীৰ হাতৰ বনোৱা পিঠা খাবলৈ মন যোৱা বুলি জানি সিহঁত দুয়ো জনীয়ে খুৰীৰ পাকঘৰত পিঠা ভাজি খুৱাইছিল।কিমান যে আহ-যাহ আছিল।তেতিয়া টো জাতি-ধৰ্মৰ পাৰ্থক্যৰে অস্পৃশ্য জ্ঞান কৰা নাছিল । সেই বোৰ তাইৰ এতিয়া সপোনৰ দৰে লাগে। বৰ্তমান খুৰীহঁতৰ ধুনীয়া পকাঘৰ হল, ফলে-গছে বাৰী উপচি পৰিল,বাবলি-মাইনাহঁত ডেকা-গাভৰু হ'ল। আনফালে মেঘালীৰ মা-দেউতাৰ বাৰীখন আগৰ দৰে নোহোৱা হল।সময়ে সকলো পৰিৱৰ্তন কৰে,গতিকে চিনাকি আপোন মানুহৰ মন পৰিৱৰ্তন হোৱাটো একো ডাঙৰ কথা নহয়। 


         তাই কিমান সময় তেনেকৈ ভাবোক হৈ বহি আছিল গমেই নাপালে।পাৰ্চীয়ে মা মা কৈ ওচৰলৈ আহি চিঞৰি দিয়াতহে তাই সাৰ পোৱা মানুহৰ দৰে খকমকাই সাৰ পাই উঠিল।তাই টাবত ৰুৱা সৰু গছবোৰলৈ চকু ফুৰালে।তাৰে এটা টাবত তাইৰ চকু পৰিল,কেইদিনমানৰ আগতে তাই এই টাবটোত পিয়াঁজ দুটা ৰুই দিছিল।এতিয়া লহপহীয়াকৈ পুলি দুটা ওলাই আহিছে।তাকে দেখি মেঘালীৰ বুকুত ছানি ধৰা বিষাদৰ কুঁৱলী ফালি ফৰকাল ৰদজাক ওলাই আহিল।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages