ঘৰমুৱা
ইনু দত্ত
গুৱাহাটী
আজি কেইদিনমানৰ পৰা বৰুৱানীৰ এটা কথাই মনলৈ আহি আছে আজি কালি শইকীয়ানীৰ মনটো কিয় ইমান মৰা ৷যিজনী মানুহৰ মূখত সদায় হাঁহি নুগুচে পুতেকৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকে, আনৰ আগত পুতেকৰ ফূটনি মাৰিয়েই অন্ত নাই সেইজনী মানুহৰ মূখত এতিয়া হাঁহি নাই ৷ morning walk কৰিবলৈ যাওঁতে আনে একো কথা ক’বলৈকে সুবিধা নাপায় ৷তেওঁৰেই কথা শেষ নহয় ৷পুতেকৰ কথা কৈয়ে অন্ত নাই ৷ আমাৰ প্ৰাণটো অমুক, আমাৰ প্ৰাণটো তমুক, প্ৰাণটোৱে এইটোহে কৰিলে ৷মুঠতে আনে একো কথা ক’ব নোৱাৰে । বৰুৱানীয়ে এদিন তাৰ মাজতে তেওঁৰ ল’ৰা অভিজিতৰ কথা ক’লে ৷ বুজিছে শইকীয়ানী আমাৰ ইমান ধন নাই ৷ ঘৰৰ ল’ৰা ঘৰতে থাকি পঢ়িব ৷ কি হয় পিচত দেখা যাব ৷সিদিনা হাজৰিকানীৰ লগত morning walk কৰি থাকোতে তেওঁৰ মূখৰ পৰাহে উৰহি গছৰ উৰটো ওলাল। এই বৰুৱানী আপুনি গম পাইনে নাপাই শইকীয়ানীহতঁৰ প্ৰাণটো ঘৰলৈ ঘূৰি আহিল নহয় ৷ বেয়াও লাগে ল’ৰাটোলৈ ৷বিদেশত ডাক্তৰী পঢ়িম বুলি গৈ আধাতে গুছি আহিব লগা হ’ল ৷ ইউক্ৰেইনৰ পৰা সকলো ভাৰতীয় ঘূৰি আহিব লগা হৈছে নহয় ৷ প্ৰাণটোও সেইকাৰণে ঘূৰি আহিবলগা হ’ল ৷গোটেই মানুহ ঘৰ জয় পৰাদি পৰিলে ৷ বুজিছে বৰুৱানী বিদেশত পঢ়িবলৈ পঠোৱাতকৈ নিজৰ দেশতেই পঢ়া ভাল ৷ নহ’লে কেতিয়াবা এই প্ৰাণটোৰ দৰে আধাখনিয়াকৈ ঘৰমুৱা হ’ব লগা হ’ব পাৰে ৷
বৰুৱানীৰ নিজৰ পুতেক অভিজিতৰ ৰঙিয়াল মুখখনলৈ মনত পৰিল৷ একে সময়তে বৰুৱানীৰ পুত্ৰ প্ৰাণটোৰ সপোনবোৰ কিবাৰকমে পূৰণ কৰিবলৈও মনতে ভগৱানক প্ৰাৰ্থনা জনালে৷
ফোন - ৬৯০০৫২৩৯২৯
No comments:
Post a Comment