বিশ্বাসৰ অপমৃত্যু
মিনাক্ষী কলিতা
নলবাৰী
খবৰটোৱে নিমিষতে স্তব্ধ কৰি পেলাইছে ঘৰখনক। মাক বাপেক হালটো একেবাৰে জঠৰ হৈ গৈছে। মানুহ নহয় যেন দুয়ো একো একোটুকুৰা শিলহে।
কমখন মৰম তথা বিশ্বাস কৰিছিল নে মাক বাপেকহালে তাইক।
অভাৱে আৱৰা ঘৰখনত আন সকলো বস্তুৰ অভাৱ হ'লেও কিন্তু তাইৰ প্ৰতি মাক দেউতাকৰ মৰমৰ অভাৱ কোনোদিনে হোৱা নাছিল।
মানুহহালৰ মনত জীয়েকৰ প্ৰতি যিদৰে আছিল অপৰিসীম মৰম আদৰ একেদৰে জীয়েকৰ ওপৰত দুয়োৰে আছিল অগাধ বিশ্বাস।
তাইৰ ওপৰত থকা বিশ্বাসৰ ভিত্তিতেটো তাইক ইমান দূৰলৈ পঢ়িৱলৈ পঠিয়াইয়ো মানুহ হাল নিশ্চিন্ত হৈয়ে আছিল।
কিন্তু....
মাক দেউতাকৰ বিশ্বাসক বুঢ়া আঙুলি দেখুৱালে তাই। তাই মানে নিধিয়ে।
আনৰ ঘৰে ঘৰে দিন হাজিৰা কৰি হলেওঁ তাইৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰা মানুহহালৰ সপোনবোৰ ভৰিৰে গচকি শেষ কৰি অৱশেষত নিজৰ প্রাণটোকো শেষ কৰি পেলালে নিধিয়ে।
সৰুৰে পৰা গাঁওৰ ৰক্ষণশীল পৰিবেশত ডাঙৰ হোৱা নিধি মহানগৰ পায়ে হয়তো অনুভৱ কৰিছিল নিজকে সঁজাৰ পৰা মুক্ত হোৱা এটা পক্ষীৰূপে।
সেয়ে তাই নিজৰ জীৱনৰ লক্ষ্যক মাক দেউতাকৰ সপোনক পিছলৈ থৈ নামি পৰিছিল জীৱন উদযাপনত।
জীৱন উদযাপন কৰিবলৈ গৈয়ে জীৱনটো শেষ কৰি পেলালে নিধিয়ে। প্ৰেমেৰে জীৱন উদযাপনৰ সপোন দেখি নিধি বন্দী হ'ল প্ৰেমৰ মায়াজালত।
কিন্তু প্ৰেমৰ নামত সিহঁতে কৰিলে দেহ উপভোগ।
একেখন ঠাইতে ঘৰ ভাড়া কৰি থকা প্ৰেমিক নিভানৰ কোঠালৈ নিধিৰ চলিল নিতৌ আহ যাহ।
আচলতে প্ৰতিদিনে ইজনে সিজনৰ দেহৰ সোৱাদ লোৱাটো যে দুয়োৰে বাবে এক অভ্যাসত পৰিণত হ'ল। এনেকৈয়ে নিধি এদিন অন্তঃসত্ত্বা হ'ল।
কথাটো গম পোৱাৰ পিছতে মুৰৰ ওপৰত আকাশখন ঘঁহি পৰা যেন অনুভৱ হ'ল নিধিৰ।
লগে লগে তাই ফোন লগালে প্ৰেমিক নিভানলৈ।
কিন্তু....
:এইটো সন্তানটো যে মোৰে সেয়া মই কেনেকৈ বিশ্বাস কৰিম!
যিজনে ছোৱালীয়ে মই এবাৰ বিচৰা মাত্ৰকে মোৰ ৰুমলৈ দৌৰ মাৰে সেইজনী ছোৱালী যে মই নথকাত আনৰ ওচৰলৈ নাযাব তাৰ কি মানে আছে!
নিভানৰ কথাখিনিত নিধিৰ অকল মুৰৰ ওপৰৰ আকাশখন খহি পৰাই নহয়... ভৰিৰ তলৰ মাটিখিনিয়ো যেন নোহোৱা হৈ গ'ল।
অৱশেষত আত্মহত্যাকে জীৱনৰ চৰমপন্থা গ্ৰহণ কৰিলে নিধিয়ে।
নিধিয়ে যি বিশ্বাসত নিভানৰ ওচৰত নিজক সপি দিছিল সেই বিশ্বাস নিভানে নৰখাৰ ফলস্বৰূপে তাই লোৱা পন্থাই একেলগে হত্যা কৰিলে মাক দেউতাকৰ তাইৰ ওপৰত থকা বিশ্বাসখিনিকো।
No comments:
Post a Comment