অ' চম্পাৱতী তোৰ বুকুত ফুলিছেনে বসন্তৰ নানাৰঙী ফুল
ৰুনাল্ডো টাইদ
পিতাইৰ পদূলিত এতিয়া আমে মলিয়াইছে অ' চম্পাৱতী
বাৰী ঢাপৰ ফুলৰ সুগন্ধিত
বাটৰুৱাৰ নাক টঙাইছে অ' চম্পাৱতী
পাতি ঢোলৰ চেও
গৰখীয়াৰ বাঁহীৰ মাত
পদূলিত বিনন্দীয়া বহাগ
পথৰ দাঁতিত বনৰীয়া নাহৰৰ ফুল
বুকুজুৰি বৈ আছে কুলিৰ মাতৰ ঢল
অদূৰত গৰখীয়াৰ বাঁহীৰ মাত বুকুভঙা
বাঁহীৰ সুৰত উচুপিছে বিৰহী ৰাধা
বসন্ত আহিলে -- নানাৰঙী ফুলে মন জুৰায়
বসন্ত আহিলে--সেউজীয়া গছপাতে
ধুনীয়া ধৰণী সজাই
পদূলিয়ে পদূলিয়ে বহাগ
উলাহে নধৰে চম্পাৱতীৰ হিয়া!
ফোন: 86388 14629
ফৰকাটিং ৰেলৱে কলনী


No comments:
Post a Comment