হেজাৰ বসন্তৰ বিলাস
কৰবী ভূঞা
গোলাঘাট
সেউজীয়া নামে বসন্তৰ উদ্দীপনাত
মুঠি মুঠি উশাহত বৰষা নামে সংগোপনে।
চ’তৰ মাটিৰ কেঁচা গোন্ধ বিয়পে,
বসন্তৰ আবেলি এজাক বা-মাৰলি ব’লে।
কুলি-কেতেকীৰ চনকা মাত
হালধীয়া পাতত নৱ যৌৱনৰ ৰহণ।
বতাহত বিহু লাগিছে
নিজানত মৌ-পিয়াজাকৰ সুৰীয়া গীতৰ ৰাগ।
বনৰীয়া হাঁহজাকৰ ডেউকাত ৰঙা মদাৰৰ ৰং লাগিছে,
সৃষ্টিৰ আৱহগীতত বসন্তই বিনাই।
এপাহ কপৌ ফুলে ,
ঠিক হাছনাহানাৰ সুবাসৰ দৰে
তীব্ৰ হৈ পৰে সুগন্ধি।
ব’হাগী জোনটো, ফেৰেঙনিত ৰঙীন হৈ ওলমে
অপেক্ষা মাথোঁ সেউজীয়া বোৰলৈ !
পোহৰ হৈ ধৰা দিয়ক মনৰ উমানত
স্মৃতিৰ লুংলুঙীয়া এটা বাটেৰে।


No comments:
Post a Comment