মিচিং লোক-গীতত উৎসৱ আৰু ইহকাল-পৰকালৰ ছবি
ড॰ ৰঘুনাথ কাগ্য়ুং
উৎসৱত ভাগ লোৱা জনজীৱনৰ ছবি আলি-আঃয়ে-লৃগাঙত ‘লঃলে গীত’ৰ তালে তালে‘গুম্ৰাগ্ নৃত্য’ নচা হয়৷ মিচিং ডেকা-গাভৰুৱে এই নৃত্যত সমূহীয়াকৈ অংশ গ্ৰহণ কৰি কেনেদৰে আনন্দ প্ৰকাশ কৰে তাৰেই বৰ্ণনা ‘লঃলে নিঃতম’ত পোৱা যায়-
‘ল লঃলে লঃলে লঃলে,
দাব লঃলে লঃলে লঃলে
চিচুগ চুগ্ব চুগ্ব বদিয়া,
ৰৗগাম গাম্ব গাম্ব বদিয়া৷ ’
[হৰিণ-হৰিণীয়ে মিলি একেলগে আনন্দত জঁপিয়াই ফুৰাদি আমি ডেকা-গাভৰু আটায়ে মিলি উৎসৱত মতলীয়া হ’লোঁ৷ আহাঁ সমনীয়াসকল, আটায়ে সাজি-কাচি আহাঁ - আমাৰ ৰূপ-সৌন্দৰ্যই উৎসৱ ৰঙীন কৰি তুলিব৷]
গীতটিত জীৱনটো উদ্যাপন কৰিবলৈ কবিয়ে আহ৩ান জনাইছে৷ এই আহ৩ানৰ মাজত কবিৰ জীৱন সম্পকীৰ্য় এক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ মন কৰিবলগীয়া দিশ এয়ে যে জীৱনবোধৰ স্বাভাৱিক প্ৰকাশ লোক-সাহিত্যৰ অন্যতম প্ৰধান স্বৰূপ৷ এই ধৰণৰ জীৱনবোধ প্ৰকাশক অসংখ্য গীত মিচিং সমাজত প্ৰচলিত হৈ আছে৷ ‘লৃগাং’ গীতবোৰক এই ক্ষেত্ৰত উদাহৰণ হিচাপে ল’ব পৰা যায়৷
লৃগাং আৰু পঃৰাগ উৎসৱত গোৱা দুটা গীত হৈছে ‘গিনমুৰ পঃলঃ আঃদাক্কুবং কাজে মিচিঙা’ আৰু ‘দা-দাম-বনৗঙ্’৷ উৎসৱৰ আনন্দত মতলীয়া মিচিং লোকজীৱনৰ প্ৰতিচ্ছবিৰ বৰ্ণনা দুয়োটা গীততে পোৱা যায়৷ ‘গিন্মুৰ পঃল আঃদাক্কুঃবং’ গীতত বৰ্ণনা কৰিছে যে–
‘কেঃদাং আপ্পুন পুন্দুংকুবং কাজে মিচিঙা৷
চয়উ পৗত্তাং কাব্দুংকুবং কাজে মিচিঙা৷
কাজে কাজে কাজে কাজে মিচিঙা৷
আলি আঃয়ে চঃমান নাংকুই কাজে মিচিঙা৷ ’
[কপৌ ফুল ফুলিবলৈ লৈছে, কুলিজনীয়েও বিনাবলৈ ধৰিছে– আহক মিচিং সমাজ – আলি আঃয়ে বিহু মাৰোঁগৈ৷ ]
বিবাহ উৎসৱত লোকজীৱনৰ ছবি
বিবাহ গীত[মিদাঃ নিঃতম]ত মিচিংসকলৰ বিবাহ কেন্দ্ৰিক জনজীৱনৰ বৰ্ণিল ৰূপৰ চিত্ৰায়ণ দেখা যায়৷ বিবাহৰ প্ৰস্তুতি, কইনা আদৰাৰ প্ৰস্তুতি আৰু কইনাক কেনেকৈ জখলাইদি চাঙলৈ তুলি অনা হ’ব - ইত্যাদিৰ মনোৰম বৰ্ণনা মিদাং নিঃতমত পোৱা যায়৷ মিদাং নিঃতমত আছে -
‘বান্জি কঃবাং পাগেয়উলা কৗঃকৗঃ ৰান্দাঙা,
মাম কাম্পুম য়াম্চাঃনাপৗ কৗঃ কৗ ৰান্দাঙা৷ ’
[পমা কাঠেৰে এটা ধুনীয়া জখলা আৰু পীৰা সাজি উলিয়াম - এই পীৰা আৰু জখলাৰেই নবৌক চাঙলৈ উঠাই সাদৰে আদৰি আনিম৷ ]
মিচিং বিবাহ গীতত বিয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা তেওঁলোকৰ সমাজ-জীৱন, বিয়াৰ দিনা ন-ছোৱালীক কৰা ধেমালি আৰু ঠাট্টা-মস্কৰা, ন-কইনাৰ সৌন্দৰ্যৰ বৰ্ণনা, কি কি সাজেৰে-নিয়মেৰে-পদ্ধতিৰে ন-কইনাক আদৰা হ’ব, ক’ত ন-কইনাক বহুওৱা হ’ব আৰু ন-কইনাক কি কি অলংকাৰ-বস্ত্ৰ পিন্ধোৱা হ’ব ইত্যাদিৰ প্ৰতিচ্ছবি প্ৰাণস্পশীৰ্ ৰূপত চিত্ৰিত কৰা হয়৷ বিয়াত উৰুলি আৰু মংগলধবনি দিয়া কাৰ্য ঈশ্বৰৰ প্ৰতি ভক্তিপৰায়ণ ভাবৰে প্ৰকাশ৷ বিবাহত কৰা এইবোৰ মাংগলিক কাৰ্যৰ দ্বাৰা মিচিং জনজীৱনৰ অন্য এটি দিশ উন্মোচিত হয় - যাৰ ভিত্তিত মিচিং সমাজক ভক্তিপৰায়ণ সমাজ বুলি ক’ব পৰা যায়৷
ইহকাল-পৰকাল, আত্মা-পৰমাত্মাত বিশ্বাস-অবিশ্বাসৰ ছবি কাৰুণ্যই মিচিং বিননি গীতৰ প্ৰধান বিষয়বস্তু৷ কেইবাটিও মিচিং বিননি গীতত আত্মাৰ বিষয়ে বৰ্ণনা পোৱা যায়৷ মিচিং জন-বিশ্বাস মতে, য়াল’ বা আত্মাৰ পুনৰানয়ন হয়৷ য়াল’ ই দুটা অৰ্থ সূচায় ঃ ছায়া আৰু আত্মা৷ শৰীৰ অবিহনে ছাঁ অস্তিত্বহীন৷ আত্মাই শৰীৰ ত্যাগ কৰাৰ পিছতো মানুহৰ অগোচৰে ঘূৰি ফুৰি থাকে৷ কিন্তু শৰীৰ অবিহনে আত্মাও অস্তিত্বহীন৷ আত্মাক শৰীৰলৈ মিবুৰ যোগেদি ঘূৰাই আনিব পাৰে বুলি মিচিং সমাজে বিশ্বাস কৰে৷ এয়াই আত্মাৰ পুনৰানয়ন৷ এনেধৰণৰ জনবিশ্বাসৰ কথা আৰু কাহিনী মিচিং বিননি গীতত অনুপম ৰূপত বৰ্ণনা কৰিছে৷ বিননি গীতত বৰ্ণিত কাহিনী মতে, মৃত্যুৰ পিছত মৃত মানুহজনৰ আত্মাই বিভিন্ন ৰূপ ধাৰণ কৰে৷ বিননি গীতৰ কথাংশ[Motif]লৈ মন কৰিলেই সেয়া সহজে অনুমান কৰিব পৰা যাব-
‘পৗত্তাঙৗচিন কাব্দুবং অৃতৃগ্লা অৃবৃক্লা,
ঙক্কৗ আচিন অদুবং ৰংকিদলা ৰয়িত্লা৷ ’
‘আতঃগুঃমৃন কাঃঞৃলা চিনৗ-মঃব মৗঞিলা,
পৗকৃ তাংকি মাৰিঃপৗ ৰিঙাঙৗবৱৗ দুঃবনৗ৷ ’
[কিহৰ দুখত চৰাইজনীয়ে আমন্জিমন্কৈ কান্দি আছে? কাৰ হাত বাউলীত মোৰ হিয়াখন বিয়াকুল হৈ উঠিছে? মৃত উপৰি পুৰুষসকলে কিবা কাৰণত আমাৰ প্ৰতি অসন্তুষ্ট হৈ নাইবা মৃতকৰ দেশত [চিনৗ-মঃব] আত্মাই কিবা কাৰণত [খাবলৈ-পিবলৈ নোপোৱা কাৰণতো হ’ব পাৰে] কষ্ট পাই আমাৰ প্ৰতি বিতুষ্ট হৈ পৰিছে; সেয়ে, কপৌৰ ৰূপ ধৰি আমাক দেখা দিছে৷ ]
এই গীতটিত ইহকাল-পৰকাল সম্পকীৰ্য় ধ্যান-ধাৰণাৰ আভাস পাব পৰা যায়৷ লোক-সাহিত্যৰ স্বৰূপ নিৰূপণৰ অন্যতম ভিত্তি হিচাপে ইহকাল-পৰকাল সম্পকীৰ্য় বিশ্বাসক লোৱা হয়৷ উপৰিপুৰুষ, মৃতকৰ দেশ আৰু আত্মা-পৰমাত্মাৰ ধ্যান-ধাৰণাৰ জৰিয়তে লোক-সাহিত্যৰ স্বৰূপ নিৰূপণ কৰিব পৰা যায়৷
মিচিংসকলে কপৌ চৰাইৰ যোগেদি ‘চিনৗ-মঃব [মৃতকৰ দেশ]ৰ পৰা উপৰিপুৰুষৰ আত্মাই পো-নাতিসকললৈ বাতৰি পঠাই বুলি বিশ্বাস কৰে৷ সেয়ে ঘৰৰ মূধচত বা ওচৰৰ গছৰ ডালত পৰি কপৌ চৰায়ে ৰুণ দিলে উপৰিপুৰুষসকলে কিবা বাতৰি দিয়া বা কিবা কাৰণত অসন্তুষ্ট হৈছে বুলি ধৰি লোৱা হয়৷ মৃতকৰ দেশত খোৱা-বোৱাত কষ্ট পাই [কৗনৗঃ তৃঃলৃঃলা] পিণ্ড আশা কৰিছে বুলি ততালিকে তাৰ প্ৰতিকাৰৰো দিহা কৰে৷ ’ ইয়াত আত্মা-পৰমাত্মা, ইহকাল-পৰকাল সম্পকীৰ্য় লোকধাৰণাৰ প্ৰকাশ পাইছে৷
কোনো এখন সমাজৰ ইহকাল-পৰকাল সম্পকীৰ্য় লোকধাৰণাৰ মাজেদিও সেই সমাজখনৰ জীৱন-দৰ্শনৰ ভাব প্ৰকাশ পাব পাৰে৷ জীৱন-দৰ্শনৰ প্ৰকাশ যিকোনো লোক-সাহিত্যৰ স্বৰূপ নিৰ্ণয়ৰ আধাৰ হ’ব পাৰে৷ মিচিং লোক-সাহিত্যত প্ৰতিফলিত এনে জীৱন-দৰ্শনে মিচিং লোক-সাহিত্যক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে৷
ড॰ ৰঘুনাথ কাগ্য়ুং
মুৰব্বী আৰু সহযোগী অধ্যাপক, অসমীয়া বিভাগ, সোণাৰি মহাবিদ্যালয়
সম্পাদক, চৰাইদেউ জিলা সাহিত্য সভা
No comments:
Post a Comment