হেঁপাহৰ ঘৰখন
জয় দলে
ধেমাজি
মা তোলৈ মনত পৰিছে অ
তোৰ হাতৰ কচু শাকৰ আঞ্জাৰ
জুতি লবলৈ বৰ মন গৈছে ।
তহঁত চাগে সুখেৰে আছ
দুবেলা দুমুঠি হেঁপাহ পলুৱাই খাইছ ।
দেউতাই চাগে মোৰ নাম শুনিলেই
ৰুদ্ৰ মূৰ্তি ধৰে
আকাশ -পাতাল কপাই গৰ্জনী উঠে
মই আৰু দূৰলৈ যামগে মা
নাহো আৰু উভতি কোনোকাল
তোক চাই যাবলৈ বৰ মন গৈছে অ ।
তোৰ অবিহনে কিদৰে জীয়াই থাকো
অ মা ...........
হায়: ভগবান কি ভুল কৰিছিলোঁ মই
কি পাপৰ বুজা দিলা মোক
যাৰ বাবে আজি মই
জীৱিত থাকিও মৃত পাথীক ।
আকাশ -পাতাল শূণ্য হোৱাৰ দৰে
অন্ধকাৰৰ পৃথিৱীত মই.....
গছ -লতা, তৰু - তৃণ
লগত এজোপা বট বৃক্ষৰ ছাঁ
আজি নাই মোৰ কাষত ।
মেঘ শূণ্য আকাশখন আজি
সদায় ৰাতি বৰষে
অশ্ৰুৰ নিজৰা হৈ ।
কিমান আৰু বোৱাম তপত অশ্ৰু
কিমান দিম হম মই আপোনাকৰ চিৰ শত্ৰু
নিজৰী -নিগৰি বৈ অশ্ৰুৰ নিজৰা হৈ
মা তোৰ অলপো বেয়া লগা নাইনে
মোক কাষত নাপাই
মোক চাগে মৃত্যু হ'ল বুলি ভাবি ললি ন ।
চোৱা আজি মা তোমাৰ পুত্ৰ
জীয়াই-জীয়াই মৃত্যু ।
ফোনটো উলিয়াই ভাবো দিওঁ ভাল খবৰটো
থমকি ৰও শেষ দিনাৰ কথাটোৰ বাবে
জয় আৰু নাই .........
গুচি যা আঁতৰ হৈ চকুৰ আগৰ পৰা
নাহিবি কোনোকাল এই ঘৰলৈ
নাহিবি কোনোকাল এই ঘৰলৈ .......
No comments:
Post a Comment