এখন ভঙা দাপোন
ৰেখাৰানী দত্ত
অভয়াপুৰী, বঙাইগাওঁ
মই নজনাকৈয়ে সোমাই আহিছিলা
খুলি থোৱা দুৱাৰ খনেৰে তুমি ,
মোৰ কোঠালিলৈ।
আহিয়ে
মোৰ কোঠালিত থৈ দিয়া
দাপোন খন ভাঙি পেলালা,
কোঠালিটো খালি কৰি পেলালা ।
কি নো কৰিছিলো মই?
সেইখন অকল মোৰেই দাপোন নাছিল
অথবা
তোমাৰ আৰু মোৰ দাপোনো নাছিল,
সেই দাপোন খন
আমাৰ দাপোন আছিল।
ভবাই নাছিলোঁ কেতিয়াও
তোমাক দিয়া দাপোন খন
টুকুৰা টুকুৰকৈ ঘূৰাই পাম বুলি।
কেতিয়াবা আকৌ সেই দাপোন খনেই
জোৰা লগাই দিয়া ।
কিন্তু
এবাৰ ভঙাৰ পিছত
আগৰ দৰে জোৰা লগাব পাৰি জানো?
মইয়ো সদায় জোৰা লগাব খুজো
সেই দাপোন খনেই
বহুত চেষ্টা কৰো জোৰা লগাব ,
কিন্তু
দাপোনৰ ভঙা টুকুৰাবোৰে
বৰকৈ বিন্ধে সদায় ,
বহুত দুখ পাওঁ
বকু খন বৰকৈ বিষায় মোৰ,
দুচকুৰে অশ্রু নিগৰি পৰে।
এতিয়া বহুত কঠিন হৈ পৰিছে
সেই দাপোন খন জোৰা লগোৱা।
No comments:
Post a Comment