মিচিং ভাষা-শিক্ষা
খগেন পেগু
যোৱা সংখ্যাৰ পৰা….
নৱম খণ্ড(চতুৰ্থ ভাগ)
মিচিং ভাষাত কিছুমান শব্দ দীৰ্ঘ স্বৰান্ত৷ যিবোৰ শব্দ দীৰ্ঘ স্বৰান্ত, সেইবোৰৰ শেষত দীৰ্ঘস্বৰ চিহ্ন নিদিলেও অৰ্থ বুজাত বিশেষ অসুবিধা নহয়৷ তথাপি ধ্বনি স্পষ্টীকৰণৰ বাবে দীৰ্ঘস্বৰ চিহ্ন দিয়া ভাল হ'ব৷ যথা—
Tani:(তানিঃ)—মানুহ
Aki:(আকিঃ)—আকিঃ
Ki:ni:(কিঃনিঃ)—নাভি
Appi:(আপপিঃ)—চাৰি
Ajji:(আজজিঃ)—সৰু
Péki:(পৗকিঃ)—এচৰু বা একেৰাহী
Take:(তাকেঃ)—আদা
Ope:(অপেঃ)—বংশ
Lébe:(লৗবেঃ)—লেঙেৰা
Pébe:(পৗবেঃ)—ভাটৌ
Dole:(দলেঃ)—উপাধিবিশেষ
Ma:(মাঃ)—Ma:=Mang—
নাই বা নহয়৷ ইত্যাদি৷
মন কৰিব, দীৰ্ঘস্বৰ চিহ্ন ব্যৱহাৰ নকৰিলে কিছুমান শব্দৰ ক্ষেত্ৰত বানানৰ পাৰস্পৰিক পাৰ্থক্য বুজা কঠিন হ'ব৷ যেনে—
Lakke(লাককে)—বাওঁ
Lakke:(লাককেঃ)—হাতৰ আঙুলি
Ake(আকে)—কিছুমান
Ake:(আকেঃ)—(সুতা আদিৰ) নেছা
Take(তাকে)—কেঁকুৰা
Take:(তাকেঃ)—আদা৷ ইত্যাদি৷
দ্বিতীয়তে, মিচিং ভাষাত দুটা s একেলগ হ'লে প্ৰথম s-টোৰ উচ্চাৰণ t-ৰ নিচিনা লাগে৷ তেনেকৈ দুটা j একেলগ হ'লে প্ৰথম j-টোৰ উচেচাৰণ d-ৰ নিচিনা লাগে৷ যথা—
Assé>Atsé, Ajji:>Adji: ইত্যাদি৷ কিন্তু শব্দমূল স্পষ্ট কৰিবলৈ দুটা s আৰু দুটা j ব্যৱহাৰ কৰি বানান কৰা ভাল হ'ব বুলি মিচিং ভাষাৰ বানান পদ্ধতি কিতাপখনত কোৱা হৈছে৷ উদাহৰণ—
Asi+é=Assé(আচচৗ) (চায়াং-মঃয়ৃং—Asié)—পানী
Kasi+é=Kassé(কাচচৗ) (মঃয়ৃঃ-চাঃয়াং—Kasié)—কাঁচি
Pési+é=Péssé(পৗচচৗ) (মঃয়ৃং-চাঃযাং-Pésié)—বেজী
Péji+é=Péjjé(পৗজজৗ) ( চাঃয়াং-মঃয়ৃং—Péjié)—চোৰাত পাত
তেনেকৈ Ajji:, Jojjé ইত্যাদি৷
তৃতীয়তে, মিচিং ভাষাৰ পদ আৰু বাক্য-গাঁথনি বিভক্তি আৰু প্ৰত্যয়ৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল৷ বিভক্তি আৰু প্ৰত্যয় পৰাধীন প্ৰকৃতিৰ শব্দাংশ(Syllable); সেয়ে সেইবোৰ সদায় সম্পৰ্কিত মূল শব্দ বা ধাতুৰ লগত লগ লগাই লিখা যুগুত হ'ব বুলি মিচিং ভাষাৰ বানান পদ্ধতি কিতাপখনত কোৱা হৈছে৷ উদাহৰণ—
No(ন)—তই, তুমি, আপুনি
No+lu=Nolu(নলু)—তহঁত, তোমালোক, আপোনালোক
Nolu+k=Noluk(নলুক)—তহঁতৰ, তোমালোকৰ, আপোনালোকৰ
Noluk+ké=Nolukké(নলুককৗ) (মঃয়ৃং-চাঃয়াং—Noluké)—তহঁতৰ, তোমালোকৰ, আপোনালোকৰ
Nolukké+lo=Nolukkolo(নলুককল')(চাঃয়াং-মঃয়ৃং—Nolukélo)—তহঁতৰ তাত, তোমালোকৰ তাত, আপোনালোকৰ তাত
Nolukkolo+pé=Nolukkolo:pé(নলুককলঃপৗ)(চাঃ-মঃ Nolukélo:pé)—তহঁতৰ তালৈ, তোমালোকৰ তালৈ, আপোনালোকৰ তালৈ
Nolukkolo:pé+sin=Nolukkolo:pésin(নলুককলঃপৗচিন)(চাঃ-মঃ—Nolukélo:pé-té)—তহঁতৰ তালৈও, তোমালোকৰ তালৈও, আপোনালোকৰ তালৈও
Gí(গৃ)— যা (ধাতু)
Gíbo(গৃব')— লগত লৈ যা
Gíbogor(গৃব'গৰ)—লগত লৈ সোনকালে যা
Gíbogormang>Gíbogorma:(গৃব'গৰমাং/গৃব'গৰমাঃ)—লগত লৈ সোনকালে নাযায়৷
তেনেকৈ Gíbogorma:mílo (গৃব'গৰমাঃমৃল')—লগত লৈ সোনকালে নগ'লে৷ ইত্যাদি৷
কিছুমান শব্দ আছে যিবিলাক অকলশৰীয়াকৈ মুক্ত(Free) ৰূপত অথবা অন্য শব্দৰ লগত বদ্ধ(Bound) ৰূপত ব্যৱহাৰ হয়৷ যেনে—(i) Ko:dém boyépé, অৰ্থাৎ ল'ৰাটো কোলাত ল'ব; আৰু (i) Ko:dém gíboyépé, অৰ্থাৎ ko:dém gíboyépé, ইয়াত প্ৰথম (i নং) বাক্যটোত boyépé শব্দ বা পদটো মুক্ত ৰূপত আছে; কিন্তু দ্বিতীয়(ii নং) বাক্যটোত -boyépé ৱদ্ধ ৰূপত আছে৷ সেয়ে মূল বা সম্পৰ্কিত ধাতু gíৰ লগত -boyépé লিখিব লাগিব৷ যথা—Ko:dém gíboyépé, এনেকৈ লিখিব লাগিব৷ অৰ্থাৎ বদ্ধ ৰূপত থকা সকলো বিভক্তি বা প্ৰত্যয় এনেকৈ সম্পৰ্কিত শব্দৰ লগত লগ লগাই লিখা ভাল হ'ব বুলি 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপত কোৱা হৈছে৷
আগলৈ.....
No comments:
Post a Comment