দেউতা
জয় দলে
দুটকা দি সহায় কৰক দাদা । এনেদৰে ৰেলখনৰ দবাটোত এজন বৃদ্ধ লোক উঠি আহিল । কোনোৱে দুই এটকা দিছে ,কোনোৱে আকৌ ধমক দিছে ,কাম নকৰে কিয় ? এনেদৰে খুজি -মাগি খোৱাতকৈ ! নাই অ দাদা মোকনো কোনে কাম দিব , নিজৰ লৰা - বোৱাৰী,ঘৰ -দুৱাৰ ,মাটি -বাৰী সকলো থাকিও নথকাৰ দৰেই । বৰ্তমান এইয়াই মোৰ কৰ্তব্য । বৃদ্ধ মানুহজনে বৰ দুখেৰে কলে আৰু আগবাঢ়ি গ'ল । দিনৰ দিনটো ৰেল খনত খুজি - মাগি দুবেলা দুমুঠি খাই জীয়াই আছো ।
এদিন হঠাৎ ৰেলৰে প্ৰাঞ্জলে গুৱাহাটীৰ পৰা আহি থাকোতে বৃদ্ধজনক লগ পালে । প্ৰত্যেক দিনৰ দৰে সেইদিনাও হাতত এটা ৰঙা মোনা লৈ ৰেলৰ দবাটোত প্ৰৱেশ কৰি কৈছিল দাদা বৃদ্ধ মানুহ দুপইচা দি সহায় কৰক । প্ৰাঞ্জলে বৃদ্ধজনক কলে "দেউতা আপুনি ইয়াত আৰু এনেকৈ" ! তেতিয়া বৃদ্ধজনে কপা - কপা মাতেৰে উত্তৰ দিলে " বোপা প্ৰাঞ্জল তই যি দেখিছ সেয়াই সত্য । ময়েই তোৰ বন্ধু মানসৰ দেউতাক ।
প্ৰাঞ্জল: মই আপোনাক চিনি নোপোৱা নহয় । মই আচৰিত হৈছোঁ এই কথাতহে আপুনিনো ইয়াত ভিক্ষা মাগি খাব লগা হৈছে কিয় ? মানসৰ এটা চাকৰি আছে আৰু মানসৰ পত্নী যুগমায়াৰো চাকৰি । ঘৰখনত দুজনকৈ চাকৰি কৰা মানুহ থাকি আপোনাক এনে কামত লিপ্ত কৰিছে । মই তালৈ এতিয়াই ফোন কৰো ৰব । তেতিয়া বৃদ্ধ জনে কলে বোপা বাবালৈ ফোন কৰিব নালাগে । বাবাই চাগে ব্যস্ত আছে । জনম লৈছো যেতিয়া এদিন মৰিব লাগিব আৰু কিমান দিন নো জীয়াই থাকিম । থকাকেইদিন এনেকৈয়ে চলি যাব । প্ৰাঞ্জলে মানসৰ দেউতাকক কলে আমাৰ ঘৰ পালোঁহিয়ে ঘৰলৈকে যাওঁ বলক বোৱাৰী লগতো চিনাকি কৰাই দিওঁ । লগতে ভাত এমুঠি খাই যাব । মানসৰ দেউতাকক লগত লৈ প্ৰাঞ্জল ঘৰ সোমাল ।
প্ৰাঞ্জলে ঘৰ সোমায়েই ৰুবিক মাত লগালে হেৰা শুনিছানে পানী এগিলাচ আনা । প্ৰাঞ্জল ৰ সহধামিনী ৰুবি এ পানী এগিলাচ আগবঢ়াই দি কলে লওক দেউতা পানী খাওক আৰু বহক বুলি কৈ ভৰিত ধৰি সেৱা জনালে । উঠ আই উঠ বুলি মূৰত হাতবোলাই দাঙি ধৰিলে । আৰু প্ৰাঞ্জলে চিনাকি কৰাই দিলে লগতে ভাত খুৱাই পঠোৱাৰ কথা কলে । ৰুবি পাকঘৰত লাগিল । প্ৰাঞ্জলে দেউতাকক কলে বাৰু দেউতা এতিয়া কওকচোন আপুনি কিয় এইবোৰ কৰিব লগা হৈছে । মানসৰ দেউতাকে কলে "আমি হৈছোঁ দুখীয়া মানুহ । মাৰ ঢুকুৱাৰ পাছত খেতি -বাতি কৰি খাইছিলোঁ লগতে বাবাক বহু কষ্টৰে পঢ়াইছিলোঁ । বাবাৰ চাকৰি হ'ল ,সংসাৰ হ'ল । বৰ্তমান দুয়োৰে চাকৰি । দুয়ো বাহিৰত থাকে । ঘৰত বৰ্তমান মই অকলে । বয়স হৈ আহিলত কাম-কাজ কৰিব নোৱাৰা হলো । সিহঁতেও মাহেকে-পুহেকে আহিবলৈ এৰিলে । যুগমায়াই হেনো গাঁওৰ বোকা পানী বৰ এটা ভাল নাপাই । সেয়েহে ৰেলতে খুজি মাগি দুই-এপইছা পাওঁ তাৰে কিবা এটা আনি যেনেতেনে ৰান্ধি খাওঁ । খোজনীয়া মানুহ একালো নাই ভৰালোঁ নাই । কোনোবাদিনা ৰেলখন বন্ধ হলেহে অসুবিধা হৈ ...... দুচকু অশ্ৰু ভৰি পৰিল তেওঁ আৰু একো কব নোৱাৰিলে । বাৰু বুজিলোঁ আজিৰ পৰা আৰু আপুনি ঘৰলৈ যাব নালাগে আমাৰ লগতে থাকিব । দেউতাকৰ দুচকুত চকুলো নিগৰীয়েই আছিল । তেওঁ কলে হব বোপা তুমি চিন্তা কৰিব নালাগে মই ঘৰলৈ যামগে । ঘৰখন এৰি এনেকৈ থাকিলে জানো হব । পাকঘৰৰ পৰা ৰুবিয়ে মাত লগালে ভাত হৈছে আহক । ভাত খাই থাকোতে ৰুবিয়ে কলে দেউতা আপুনি আৰু ঘৰলৈ যোৱাটো চিন্তা কৰিব নালাগে । ঘৰৰ বয় বস্তুবোৰ বাৰু এখেতেই মাজে -সময়ে গৈ চাই আহিবগৈ । আমি জানো আপোনাৰেই লৰা -বোৱাৰী নহয় । প্ৰথমতে অমান্তি হৈছিল যদিও শেষত মান্তি হ'ল । ভাত খাই থাকোতে দেউতাকে কলে । আমাৰ মাৰাই ঢুকুৱাৰ পাছত এনেদৰে এসাজ আৰু খোৱা নহল । মাছে মঙহে উপচাই ভালদৰে খুৱালীহক ।
মানস আৰু যুগমায়াই গুৱাহাটী চহৰতে এটা ফ্লেট লৈ আছে । দুয়োৰে চাকৰি । মাছে মঙহে দকচি খাই । বিলাতী বাহনত ঘূৰে । কিন্ত দেউতাকলৈহে খবৰ নোলোৱা হ'ল । এদিন হঠাৎ দেউতাকৰ গা -বেয়া বাবে প্ৰাঞ্জলে মানসলৈ ফোন কৰিলে
: হেল্ল !কোনে কলে
: মই প্ৰাঞ্জল ।
: অহ কোৱা কি খবৰ আৰু কিবা সকামত এনেকৈ ফোন কৰিলি ।
: মোৰ ভালে ভগৱন্তৰ কৃপাত কুশলে আছোঁ । ফোন কৰাৰ সকাম অবইছে ডাঙৰ । দেউতাৰ গা বেয়া পুৰহীৰে পৰা তোক বিচাৰি আছে অ ।
: প্ৰাঞ্জল মই আজৰি পালেও আমাৰ এওঁ বৰ আজৰি নাপাই সেয়েহে যোৱাত অসুবিধা অ ।
: দেউতা আৰু বেছিদিন থাকিবনে নাথাকে কব নোৱাৰো গতিকে পাৰ যদি দুদিনমানৰ বাবে হলেও অহা হলে ভাল আছিল ।
: যোৱা কথাটো মই তাইক সুধিব লাগিব ।
:বাৰু
বুলি কৈ প্ৰাঞ্জলে ফোন ৰাখিলে । আৰু দেউতাকক কলে মানস দুই এদিনতে আহিব । উপায়হীন হয় মিছাৰ আশ্ৰয় লব লগা হ'ল ।
দেউতাকে যেন মানসৰ মুখ খনহে চাবলৈ ৰৈ আছে । বোপা সচাকৈ বাবা আহিবনে ,অকলে আহিবনে বোৱাৰীও আহিব । আজি মোৰ ঘৰখনলৈ বৰ মনত পৰিছে অ বোপা । হাজাৰ হওঁক অতদিনে সেইখন ঘৰতে থাকিলোঁ । বাৰীখনো পাতিছিলোঁ । ফল -মূলবোৰ চাগে পকী-সৰি আছে । মানসে আহিয়েই দেউতা বুলি মাতষাৰ দিয়ে বাৰীলৈ যাব ইত্যাদি ইত্যাদি । দেউতাক আনন্দত আত্মহাৰা হ'ল । সেই সময়ত প্ৰাঞ্জলৰ এনে লাগিছিল কিয় বাৰু মিছাৰ আশ্ৰয় ললোঁ । এনেয়ে ইমানবোৰ সপোন দেখুৱাবলৈ । তথাপি ভালো লাগিছিল অন্তত দেউতাকে পুতেক আহিব বুলি মনত অলপ আনন্দ পোৱা দেখি ।
নাই মানস নাহিল । যুগমায়াৰ অফিচৰ কামত বোলে লণ্ডনলৈ যাব লগা হ'ল । আনফালে দেউতাকৰ বেছি গা বেয়া হৈ পৰিল ।
পুনৰ প্ৰাঞ্জলে মানসলৈ ফোন কৰিলে
: হেল্ল !
:হেল্ল ! মানস দেউতাৰ গা একেবাৰে ভাল নহয় ,পাৰ যদি আহ এপাক ।
:প্ৰাঞ্জল মই যাব নোৱাৰিম । যুগমায়াৰ অফিচৰ কামত লণ্ডনলৈ আহিব লগা হ'ল ।
প্ৰাঞ্জলে ফোন ৰাখিলে ।
দেউতাকে শেষ মুহূৰ্তত প্ৰাঞ্জলক কলে "বোপা বাবা আহিলে মাটি - বাৰী সকলো বিক্ৰী কৰি.......
দেউতাকৰ মৃত্যু হ'ল । অন্তুষ্টি ক্ৰিয়া প্ৰাঞ্জলেই কৰিলে । সকাম -নিকাম পাতিলে । মানস নাহিল ।
বহুদিনৰ মূৰত এদিন হঠাৎ দুয়ো আহি গাঁও পালেহি । গাঁৱলৈ অহা খবৰ পাই প্ৰাঞ্জল আহিল ।
প্ৰাঞ্জলে সকলোবোৰ কথা বিবৰী কলে । আৰু যুগমায়াই উত্তৰ দিলে
: বুঢ়া মৰিল ভালে হ'ল । এতিয়া এই মাটিডোখৰ বিক্ৰী কৰাৰ কথাহে ।
আমিনো ইয়ালৈ কিয় আহিছোঁ ভাবিছাঁ চাগে । ঘৰ বাৰী সকলো বিক্ৰী কৰি আজিয়েই যামগৈ ।
মানসে কলে আমি মাটি দুখৰ বিক্ৰী কৰি যামগৈ । তাতে নিগাজীকৈ থাকিম ।
প্ৰাঞ্জলৰ কথাষাৰ শুনি বৰ দুখ লাগিছিল । কি কৰিব উপাইটো নাই । সেয়েহে প্ৰাঞ্জলে কলে মাটি -বাৰী বিক্ৰী কৰি যোৱাটো ডাঙৰ কথা নহয় আচলতে দেউতা ঢুকুৱাৰ পাছত আহিছ অন্তত নিয়ম নীতি অলপ কৰ । হাজাৰ হওঁক দেউতা আছিল তোৰ । তেওঁ প্ৰয়োজনত খুজি খাইছিল সঁচা । যুগমায়াই তপৰাই উত্তৰ দিলে মৰা মৰিল এতিয়া আৰু এইবোৰ কৰিব নালাগে ।
তেওঁ এজন ভীক্ষাৰীহে আছিল । ৰেলে-ৰেলে খুজি ভাতমুঠি যুগাৰ কৰি খাইছিল ।
সেই মুহূৰ্তত প্ৰাঞ্জলৰ কব মন গৈছিল । দেউতা ভীক্ষাৰী আছিল সঁচা কিন্তু সেইজন মানসৰ দেউতা আছিল । মানসক পৃথিৱীখন দেখুওৱা মানুহজন তেওঁ আছিল । তেওঁক আজি তেনেদৰে কব পাৰিছ । তেওঁক ভীক্ষাৰী সজালে কোনে ? তহঁতৰ দৰে দুয়োটাই চাকৰি কৰাৰ পাছতো এমুঠি অন্ন যুগাৰ কৰি দিবৰ নোৱাৰাৰ বাবে নহয়নে ? দুয়োটাই চহৰত থাকি দেউতাক লৈ যাব পৰা নাছিলানে ? মৰাৰ আগমুহূৰ্তত এবাৰ আহিব পৰা নাছিলানে ? চাকৰিৰ দুদিন দৰমহা নাপালেহেঁতেন কিন্ত দেউতাক জানো পালা এতিয়া , কিন্তু প্ৰাঞ্জলে মুখেৰে একো নামাতিলে ।
প্ৰাঞ্জলৰ দুচকু সেমেকি আহিল আৰু মানস ক উদ্দেশ্যি কলে মানস আজি দেউতা ঢুকোৱা নাই । আজি ঢুকাইছে এজন ভীক্ষাৰী । সেয়েহে আজি তোৰ অলপো দুখ লগা নাই । আৰু যুগমায়াৰ শহুৰ দেউতাকহে ঢুকাইছে । কিন্তু দেউতা, দেউতাই হয়তো কাৰোবাৰ বাবে শহুৰ দেউতা । কাৰোবাৰ বাবে বৰদেউতা তথাপি দেউতা দেউতাই ।আজি যুগমায়াৰ দেউতা ঢুকোৱা হলে বুজিলাহেঁতেন দেউতা কি ? দেউতা কোন ? প্ৰাঞ্জলে আৰু নোৱাৰিলে কব ...
মানসো কান্দি কান্দি প্ৰাঞ্জলক সাৱটি ধৰিলে ।
No comments:
Post a Comment