সাংবাদিকতা পাঠ্যক্রম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, October 5, 2022

সাংবাদিকতা পাঠ্যক্রম

 


সাংবাদিকতা পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই


  বৰ্তমান এটা জনপ্রিয় পাঠ্যক্রম হ’ল – গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম । ভাৰতত সাংবাদিকতা বহু ছাত্ৰ-ছাত্ৰীৰ বাবে এক পছন্দৰ কেৰিয়াৰ হৈ পৰিছে। সাংবাদিকতা এটা প্ৰত্যাহ্বানমূলক ক্ষেত্ৰ আৰু ই দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । এজন সাংবাদিকক সাধাৰণ মানুহৰ কণ্ঠ হিচাপে গণ্য কৰা হয় । এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম পঢ়িবই লাগিব কোনো ধৰা বন্ধা কথা নাই । গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম প্রথাগত পদ্ধতি অথবা দূৰ শিক্ষাৰ জৰিয়তে পঢ়িব পাৰি । এতিয়া কথা হ’ল- যি পদ্ধতিৰে গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰক বা নকৰক কিয় , সাংবাদিক হ’ব বিচৰা গৰাকীয়ে প্রমাণ কৰি দেখুৱাব লাগিব যে তেওঁৰ তেনে ধৰণৰ কাম কৰিবৰ বাবে যোগ্য ।

      এজন সফল সাংবাদিক হবলৈ কিছুমান দক্ষতা থকা দৰকাৰ , যেনে – ভাল যোগাযোগ দক্ষতা থকা , বিভিন্ন ধৰণৰ বাতৰি উৎসৰ লগত সংষ্পৰ্শ থকা , নেতৃত্বসুলভ গুণ থকা , সকলো ধৰণৰ ৰাজনৈতিক তথা সাম্প্রতিক ঘটনা প্রবাহৰ বিষয়ে সচেতন হোৱা , সঠিক আৰু চমুকৈ লিখিব পৰা দক্ষতা, প্রখৰ বুদ্ধি, উন্নত চিন্তাধাৰা, গভীৰ অধ্যয়ন , সাহসী বিশ্লেষণ ক্ষমতা ,কষ্ট কৰাৰ মানসিকতা আদি গুণ থকা প্রয়োজন।

    বিভিন্ন বিভাগৰ জাৰ্ণেলিজিম বা সাংবাদিকতাৰ পাঠ্যক্রম আছে। এইবোৰৰ ভিতৰৰ কিছুমান হ’ল – পলিটিকেল জাৰ্ণেলিজিম, ছাইন্স জাৰ্ণেলিজিম, বিজিনেচ জাৰ্ণেলিজিম, স্প’ৰ্টছ জাৰ্ণেলিজিম, ফটো জাৰ্ণেলিজিম, মাৰ্কেটিং জাৰ্ণেলিজিম, ক্ৰাইম্ জাৰ্ণেলিজিম , ইনভেষ্টিগেট জাৰ্ণেলিজিম, ইক’ন’মিক্স জাৰ্ণেলিজিম, লাইফষ্টাইল জাৰ্ণেলিজিম ইত্যাদি ।

    উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত সাংবাদিকতাৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। সাংবাদিকতাৰ চাৰ্টিফিকেট, ডিপ্লমা,স্নাতক , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি ।

    গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম সমাপ্ত কৰা পিছত ছপা আৰু ইলেক্ট্রনিক -দুইটা মাধ্যমতে চাকৰি পায় । সাংবাদিকতা পাঠ্যক্রম শেষ কৰাৰ পিছত চৰকাৰী-বেচৰকাৰী সংবাদ সংস্থা, বিভিন্ন প্রতিষ্ঠানৰ জনসংযোগ বিভাগ, বাতৰি কাকত, আলোচনী , ৰেডিঅ, টি.ভি. চেনেল, বিজ্ঞাপন সংস্থা , ৱেব মিডিয়া, ব্লগ, ৱেবছাইট, পৰ্টেল ,প্ৰকাশন বিভাগ আদিত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে – সংবাদদাতা (Correspondent),বৈশিষ্ট্য লেখক (Feature Writer),কপিৰাইটাৰ (Copywriter),প্ৰুফ ৰিডাৰ (Proof Reader),ফটো সাংবাদিক (Photojournalist),সম্পাদক (Editor), উপ-সম্পাদক (উপ-সম্পাদক),স্তম্ভলেখক (Columnist), মিডিয়া গৱেষক (Media Researcher),জনসংযোগ বিশেষজ্ঞ (PR Specialist),ছ’চিয়েল মিডিয়া মেনেজাৰ (Social Media Manager),সম্প্ৰচাৰ সাংবাদিক (Broadcast Journalist),বাতৰি প্ৰযোজক (News Producer),বাতৰি উপস্থাপক (News Presenter),সমালোচক (Critic),কাৰ্টুনকাৰ (Cartoonist),ডাটা জাৰ্নেলিষ্ট (Data Journalist) আদি। । মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে ।

    দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গণসংযোগ আৰু সাংবাদিকতা শিক্ষা গ্রহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে । গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম তথা প্রশিক্ষণ আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম বিশ্ববিদ্যালয় (www.aus.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in), অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in), কটন বিশ্ববিদ্যালয় (http://mcj.cottonuniversity.ac.in), অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in), ভট্টদেৱ বিশ্ববিদ্যালয় (https://www.bhattadevuniversity.ac.in) ,Turning Point Institute of Media & Creative Skills , অসম সাংবাদিকতা বিদ্যালয় , গুৱাহাটী আদি । 

   গুৱাহাটী বিশ্ববিদ্যালয়ত Master of Arts in Mass Communication (MAMC) পাঠ্যক্রমত আসনৰ সংখ্যা ৩৬ খন । লগতে M.Phil in Mass Communication আৰু PhD in Mass Communication পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

   তেজপুৰ বিশ্ববিদ্যালয়ত MA in Mass Communication & Journalism (MA MCJ) পাঠ্যক্রমত আসনৰ সংখ্যা ৩৯ খন আৰু MA in Communication for Development (MA C4D) পাঠ্যক্রমত আসনৰ সংখ্যা ১৩ খন । লগতে PhD পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

    অসম বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৪৬ খন আৰু সাংবাদিকতাৰ প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ১৫ খন। লগতে M.Phil, PhD আৰু D.Litt পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

    ডিব্রুগড় বিশ্ববিদ্যালয়ত MA in Mass Communication পাঠ্যক্রমত আসনৰ সংখ্যা ৫০ খন ।

    অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল- ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন(www.iimc.nic.in), ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেছন (www.simc.edu), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in) , কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in),বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in) , ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in), এছিয়ান কলেজ অৱ জাৰ্ণেলিজিম (www.asianmedia.org), ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্ণেলিজিম এণ্ড নিউ মেডিয়া(http://www.iijnm.org) ,ছফিয়া ইনষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেছন(http://www.scmsophia.com) ,লেডী শ্রীৰাম কলেজ (http://lsr.edu.in) ,খ্রীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in) ,ইন্দ্রপ্রস্থ কলেজ ফৰ ৱমেন(http://ipcollege.ac.in) ,জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেছন(www.xaviercomm.org) ,হায়দৰাবাদ বিশ্ববিদ্যালয় (https://uohyd.ac.in), মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com) ,এমিটি স্কুল অৱ কমিউনিকেছন (https://amityonline.com), মুদ্রা ইনষ্টিটিউট অৱ কমিউনিকেছন(www.mica.ac.in),ভাৰতীয় বিদ্যা ভৱন (https://bhavans.info) আৰু পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (www.pau.edu) ।

   এই শিক্ষানুষ্ঠানবোৰৰত গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।


   


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. :কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন(৯৪৩৫১৮৮৬৩০)কৰিব পাৰে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages