মিচিং নাৰীক বৰ্ণাঢ্য কৰা মচাং এগে
বাবুল গমুগ দলে
মূতলঃ নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতা সংস্কৃতি আৰু জীৱন-জীৱিকা নিৰ্বাহ কৰা মিচিং জনগোষ্ঠীৰ লোকসকল আদিৰে পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দিহিং, দিবাং আৰু সোৱণশিৰি নদীৰ পাৰত বাস কৰিছিল। নদীকেন্দ্ৰিক এই মিচিং জনগোষ্ঠীৰ শিল্প-সংস্কৃতিৰ ভাণ্ডাৰ অসমৰ আন যিকোনো জনগোষ্ঠীৰ শিল্প-সংস্কৃতিৰ ভাণ্ডাৰতকৈ বহুপৰিমানে বেছি। মিচিং নাৰীসকলে স্বাভাৱিকতেই বয়নশিল্পৰ প্ৰতি বেছি আকর্ষণ অনুভৱ কৰে। সৰুকালৰ পৰা মিচিং ছোৱালীসকলক বয়নশিল্পৰ লগত জড়িত হ'বলৈ ডাঙৰসকলে শিকায়। বয়নশিল্প কলাত অত্যন্ত পাৰ্গত মিচিং নাৰীয়ে ৰঙীণ কাপোৰ বৈ গৌৰৱ অনুভৱ কৰে। বয়নকাৰ্যৰ জৰিয়তে তেওঁলোকে তৈয়াৰ কৰা কাপোৰৰ ভিতৰত আছে-ৰিৱি গাচেং (স্কাফৰ দৰে এবিধ কাপোৰ গাদু বা মিৰিজিম (গৰম কাপোৰৰূপে সমাদৃত), গেৰ' (মচাং এগে আৰু মচাং গাচ’ ‘চাদৰ’ৰ ওপৰত কঁকালত মেৰিয়াই লোৱা এবিধ কাপোৰ) মিবু' গালুগ (মিচিং পুৰুষ সকলে পিন্ধা কাপোৰ বা চোলা) গনৰ উগন ( মিচিং চুৰিয়া) মচাং এগে (মিচিং মেখেলা) আদি। মিচিং নাৰীৰ দ্বাৰা সৃষ্ট এই কাপোৰবোৰৰ ভিতৰত ইয়াত কেৱল মিচিং নাৰীক বর্ণাঢ্য কৰা মচাং এগে অর্থাৎ মিচিং মেখেলাৰ বিষয়ে এটি চমু আভাস দিবলৈ যত্ন কৰা হৈছে।
মিচিং নাৰী সমাজৰ বয়নশিল্পৰ ভিতৰত মচাং এগেক প্ৰাথমিক হিচাপে বিবেচনা কৰা হয়। সাধাৰণতে অসমীয়া সমাজত কাপোৰ ব'বৰ বাবে চাৰিবাটি ব তোলা যি তাঁতৰ শাল ব্যৱহাৰ কৰে, সেই একেই তাঁতৰ শাল মচাং এগে বোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। মচাং এগে প্রস্তুত কৰোতে দীঘ আৰু বাণিত কেৱল বজাৰৰ পৰা সংগ্ৰহ কৰি অনা কেঁচা ক'লা সূতা ব্যৱহাৰ কৰা হয় যদিও সময়ৰ পৰিবৰ্তনৰ লগে লগে ইয়াৰ কিছু ব্যক্তিক্রম লক্ষ্য কৰা যায়। মচাং এগেত যি ফুল তোলা হয়, সেয়া ভিন্ন ৰঙৰ সূতাৰ দ্বাৰা তৈয়াৰী। সাধাৰণতে একোখন কাপোৰ তাঁতৰ শালৰ যি প্ৰক্ৰিয়াৰ জৰিয়তে বৈ সম্পুৰ্ণ কৰা হয়, ঠিক অনুৰূপ ধৰণেই একোখন মচাং এগে বোৱা হয়। মচাং এগেত তোলা ফুলক দুটা ভাগত ভাগ কৰিব পাৰি । সেয়া হ'ল- (ক) ঘাই ফুল আৰু (খ) বাবৰি ফুল। মচাং এগেত এই দুই ধৰণৰ ফুল থকাটো বাধ্যতামূলক। মচাং এগেৰ ফুলৰ তলৰ অংশৰ যিটো ভাগ তাক ঘাই ফুল আৰু ঘাই ফুলৰ ওপৰৰ অংশক বাবৰি ফুল বুলি কোৱা হয়। ঘাই ফুলৰ অংশতকৈ বাবৰি ফুলৰ অংশ কিছু বহল। মচাং এগেত ফুল তোলাৰ ক্ষেত্ৰত প্ৰথমতে ৰাঁচত ফুটা আৰু ফুলৰ ধৰণ অনুসৰি উঠোৱা আৰু নমোৱা সূতাৰ মাজত “কাপোৰৰ টোলোটাৰ দিশত এডাল ছিৰি ভৰোৱা হয়। তাৰ পিচত এই ফুলটো ‘সূতাৰ টোলোঠা’ এর্থাৎ তাঁতৰ আগলৈ লৈ গৈ ফুলৰ ব প্ৰস্তুত কৰা হয়। ফুলৰ ব অনুসৰি তাত এডাল বহল ছিৰি ভৰাই তাক জালৰ বৰ কাষলৈ আনি ফিটকৈ ৰাখি মাকো মৰা ঠাইত ফুলৰ সূতা ভৰাই তাক ভালকৈ ৰাঁচেৰে তৰিওৱা হয়। এনেদৰেই মচাং এগেৰ ফুল তোলা হয়। সাধাৰণতে একোখন মচাং এগেৰ দীঘ পাঁচ হাতমান আৰু প্ৰস্থ আঢ়ৈ হাতমান হ'ব লাগে।
এগৰাকী শিপিনীয়ে একোখন মচাং এগে সম্পূর্ণ কৰি তোলাৰ ক্ষেত্ৰত শিপিনীগৰাকীৰ অশেষ শ্ৰম আৰু সময় জড়িত হৈ থাকে। সেই শ্ৰম শাৰীৰিক আৰু মানসিক- এই দুইধৰণৰ হয়। সকলো মিচিং নাৰীয়েই মচাং এগে বোৱাত অত্যন্ত পাকৈত। এনে বয়নকাৰ্যৰ জৰিয়তে মিচিং নাৰীৰ মাজত আমি বিচাৰি পাওঁ একোটা কলাসুলভ মন। মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক মচাং এগেৰ ব্যৱহাৰো বিচিত্র। মিচিং উৎসৱ আলি আয়ে নৃঃগাত অংশগ্ৰহণ কৰা গাভৰু ছোৱালীবিলাকে মচাং এগে পৰিধান কৰে । ওৰম উই (মৃতকৰ সদ্গতিৰ কাৰণে কৰা সকাম) ত আগবঢ়োৱা যি শৰাই তাক যিজনে গ্ৰহণ কৰে আৰু যদি তেওঁ মহিলা হয়, তেতিয়া মচাং এগে পৰিধান কৰি ল'ব লাগে মচাং এগেৰ ই এক অনন্য ব্যৱহাৰ । মিচিং জনগোষ্ঠীৰ কাৰোবাৰ ঘৰলৈ যেতিয়া ন-কইনাৰ আগনম হয়, তেতিয়া সেই ন-কইনাক মচাং এগে পিন্ধিবলৈ দিয়া হয়। য়াল' গগনাম উই (গুৰুমতা সকাম)তো যাৰ বাবে গুৰু মতা হয়, তেওঁ (যদিহে মহিলা হয়) মাংগলিক কার্যকলাপত অংশ লওঁতে মচাং এগে পিন্ধি ল'ব লাগে। মিচিং জনগোষ্ঠীৰ সংস্কৃতিক উৎসৱ ‘পঃৰাগত গাঁৱৰ ৰাইজে উঠি অহা গাভৰু ছোৱালীক বৰপোৱালি, বৰানী আদি কিছুমান বিষয়া পাতি দিয়ে। এই বাবত থকা ছোৱালীবোৰে পঃৰাগ উৎসৱত মচাং এগে পৰিধান কৰে । মিচিং জনগোষ্ঠীৰ জাতীয় জীৱনত মচাং এগেৰ ব্যৱহাৰৰ পৰা আমি দেখা পাওঁ যে মিচিং সমাজত মচাং এগে অতি আদৰ আৰু সন্মানৰ বস্তু। অৱশ্যে, বর্তমান সময়ত মচাং এগেৰ ব্যৱহাৰ কেৱল মিচিং সমাজতে আবদ্ধ হৈ থকা নাই। অসমীয়া সমাজ জীৱনতো বৰ্তমান ইয়াৰ ব্যৱহাৰ অপৰিসীম। দেখা যায় যে আজিৰ বেছিভাগ অনামিচিং মহিলাই মচাং এগে পৰিধান কৰে আৰু পৰিধান কৰি গৌৰৱ অনুভৱ কৰে। অসমীয়া চিনেমা জগততো মচাং এগেৰ ব্যৱহাৰ হৈছে। তাৰ প্ৰমাণস্বৰূপে পুৰণি অসমীয়া বোলছবি যোগ-বিয়োগ'ৰ নায়িকাৰ কথা ক'ব পাৰি। অসমীয়া চিনেমা জগতৰ বৰ্তমানৰ ক্ষেত্ৰখনত মচাং এগেৰ ব্যৱহাৰৰ কথা নক'লোৱেই বা। অসমৰ সকলো জনসাধাৰণৰ মাজত মচাং এগেৰ যি ব্যাপকতা, সিয়ে প্ৰমাণ কৰি দিয়ে যে অৰ্থনৈতিক দৃষ্টিৰে মচাং এগেৰ মাজত লুকাই আছে এক বিপুল সম্ভাৱনা।
No comments:
Post a Comment