বিশিষ্ট সমাজ সংগঠক প্রয়াত মধুৰাম পেগু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 30, 2022

বিশিষ্ট সমাজ সংগঠক প্রয়াত মধুৰাম পেগু


 বিশিষ্ট সমাজ সংগঠক প্রয়াত মধুৰাম পেগু

জুবেল পেণ্ড

প্রাক্তন সম্পাদক

কেন্দ্রীয় দঃঞি পঃল য়ালাম কৗবাং 


      মিচিং সমাজ, ভাষা-সাহিত্য, ধৰ্মীয়-সংস্কৃতিৰ পৰিধিক সামৰি ওৰেটো জীৱন সমাজসেৱাত বৰ্তি থকা বিশিষ্ট সমাজ সংগঠক প্রয়াত মধুৰাম পেণ্ডৰ জন্ম হৈছিল ১৯৪৭ চনত উজনি মাজুলীৰ দীঘলগড়া গাঁৱত। মাজুলীৰ গেজেৰা এল পি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰি একাদিক্ৰমে গেজেৰা এম ই স্কুল, ধেমাজিৰ বেঙেনাগড়া হাইস্কুল, প্রাক স্নাতক ক’লা (PU Arts) ধেমাজি মহাবিদ্যালয়, প্রাক স্নাতক বিজ্ঞান (PU Science) ডিব্ৰুগড় কানৈ মহাবিদ্যালয়, স্নাতক ক'লা (BA) পাচিঘাটস্থিত জৱাহৰলাল নেহেৰু মহাবিদ্যালয়, স্নাতকোত্তৰ বুৰঞ্জী (MA History) বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুকলমে সমাপন কৰে।

     পৰৱৰ্তী সময়ত দুবাৰ অসম অসামৰিক সেৱা (ACS) পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈয়ো সমাজসেৱাৰ মানসিকতাৰে সন্মানীয় চৰকাৰী চাকৰিত যোগদান নকৰিলে। তাৰোপৰি সৰ্বভাৰতীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS) ৰ মূল পৰীক্ষাতো এবাৰ উৰ্ত্তীণ হৈছিল । পিছে বেমাৰৰ বাবে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। সেই সময়খিনিৰ পিছত ১৯৫৩ চনত স্থাপিত জনাই হাইস্কুলত (বর্তমান জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়) ১৯৭৯ চনত উচ্চতৰ শ্ৰেণী নতুনকৈ খোলা হৈছিল আৰু তাত বুৰঞ্জীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল। তাত কেইটামান বছৰ শিক্ষকতা কৰে যদিও চাকৰিৰ প্ৰতি হাবিয়াস নথকাৰ বাবে ভেন্সাৰ অৱস্থাত থকা উচ্চতৰ শ্ৰেণীৰ বিষয় শিক্ষকৰ চাকৰি পদত্যাগ কৰে। তাৰোপৰি জনাই মহকুমাৰ উচ্চশিক্ষাৰ প্ৰথম অনুষ্ঠান ১৯৮৪ চনত স্থাপিত মুৰ্কংচেলেক মহাবিদ্যালৰ প্ৰথম অধ্যক্ষৰ দায়িত্ব জনাইবাসী ৰাইজে প্ৰয়াত মধুৰাম পেণ্ডক অৰ্পণ কৰিছিল। কিন্তু সমাজসেৱাৰ প্ৰতি প্ৰবল ধাউতি থকা বাবে সেই দায়িত্বও তেখেতে গ্ৰহণ নকৰিলে।

     আমাৰ সম্বন্ধত ‘বাঃবই (খুড়া) সম্বোধন কৰা প্ৰয়াত মধুৰাম পেগুৱে জৱাহৰলাল নেহেৰু মহাবিদ্যালয় পাচিঘাটত অধ্যয়ন কৰা সময়তেই কেইজনমান সতীৰ্থৰ সহযোগত সভা আহ্বান কৰি অসম-অৰুণাচল মিচিং ছাত্ৰ সন্থা (বৰ্তমান মিচিংসকলৰ জাতীয় ছাত্র সংগঠন টি এম পি কে) ১৬ অক্টোবৰ ১৯৭১ চনতেই গঠন কৰাত অগ্রণী ভূমিকা পালন কৰিছিল। উক্ত ছাত্ৰ সস্থাত তেখেতে প্ৰতিষ্ঠাপক সহকাৰী সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰি অধ্যয়নৰ লগতে পাচিঘাটত লৃগাং উদযাপন কৰা, কাংকিন কীবাং অনুষ্ঠিত কৰা ইত্যাদি কর্মসূচীসমূহত ছাত্র সমাজক সংগঠিত কৰাত বিশেষ আগভাগ লৈছিল। স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি পৰবৰ্তী সময়ত জনাইত নিগাজিকৈ থাকোঁতে ১৯৭৪ চনত প্ৰতিষ্ঠিত মুৰ্কংচেলেক বাংকে মিচিং আগম কীবাঙৰ সম্পাদক আৰু সভাপতির দায়িত্বও পালন কৰিছিল। লগতে জনাইৰ অঞ্চলৰ বিভিন্ন সামাজিক কাম- কাজসমূহতো ওতপ্রোতভাবে জড়তি হৈ আগ-ভাগ লৈছিল।

     এখন ৰাজদূত মটৰচাইকেল চলাই জলসিঞ্চন আৰু অন্যান্য বিভাগত ঠিকাদাৰৰ ৰূপত ঘূৰি ফুৰা বাঃবই মধুৰাম পেগুক আমি জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতেই প্রথমে চিনি পাইছিলো। তেখেতৰ তকে গাঁওস্থিত বাসভৱনৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন চৰকাৰী সুলভ মূল্যৰ দোকান থকাও সেই সময়ত আমি দেখিছিলো।

     পৰৱৰ্তী সময়ত আমি মুৰ্কংচেলেক বাংকে মিচিং আগম কীবাঙৰ সম্পাদক হিচাপে তিনিটা কার্যকাল সম্পাদনৰ আৰম্ভণিৰ সময়ৰ পৰা সমাজপ্ৰিয়, প্ৰখৰ জ্ঞানেৰে সমৃদ্ধ প্রয়াত বাঃবইক আন্তৰিকতাৰে সান্নিধ্য লাভ কৰিবলৈ সুযোগ আৰম্ভ হয়। ৩১ ডিচেম্বৰ ১৯৮৬ চনত গলগ্ন বৰ্তী তালম ৰুকবৰ নেতৃত্বত অৰুণাচলত দঃঞি পণ্ডল য়াঁলাম কীবাঙে (ধর্মীয় সন্থা) প্ৰতিষ্ঠা লাভ কৰাত তাৰ এটা দহকৰ পিছত অসমলৈও দঃঞি পল য়াঁলাম কীবাঙৰ আঙুন বাঁদাং (পোহৰৰ পথ) প্ৰসাৰিত হয়। অৰুণাচলৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত প্রয়াত সুছেন পাৱ, পৰিবাৰ যমুনা পাৱ, জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্রয়াত টাকার চন্দ্ৰ মেদক, জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা মিচিং আগম কীবাঙ প্রাক্তন সভাপতি, সাহিত্যিক-সংগঠক প্রয়াত ডিৰাম কুম্বাং, প্রয়াত বিদ্যা দলে, মিচিং আগম কীবাঙৰ প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাছু, পৰিবাৰ সাবিত্ৰী লাগাছু, কৃষ্ণা পেগু, ডাঃ কৃপনাথ পেগু, পৰিবাৰ প্ৰয়াত নিদা পেগু, প্রয়াত গণেশ পেগু, পৰিবাৰ সত্যৱতী পেগু, প্রয়াত ডিম্বেশ্বৰ পাতিৰ, পৰিবাৰ অনিমা পাতিৰ, জয়শ্রী কুম্বাং, ঘন দলে, মানিক দাং, পৰিবাৰ ৰোহিনী দাং, লক্ষ্যনাথ পায়েং, ডঃ দীপক কুমাৰ দলে ইত্যাদি কৰি আৰু বহুকেইজন সমাজ সচেতন দূৰদৰ্শী বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত জনইতো ১৯৯৬ চনত দঃঞি পঃল য়ালাম কীবাঙৰ শাখা সমিতি গঠন হয় । উক্ত সকলোবোৰ কৰ্মসূচীতেই বাঃবই মধুৰাম পেগুৱে একানপটীয়াকৈ সংগঠকৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা পাইছিলো। জনাই মংকে দঃঞি পল য়ালাম কীবাঙত শ্ৰদ্ধাৰ সুছেন পার, টাকার চন্দ্ৰ মেদক আৰু ডিৰাম কুম্বাং ছাৰহঁতে কেইবাবছৰ ক্ৰমে সভাপতি, উপ-সভাপতি আৰু সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছত ১৯৯৯ চনত অৰুণাচলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধনীৰাম দলে আৰু আমি ক্ৰমে সভাপতি আৰু সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ। প্রয়াত বাঃবই মধুৰাম পেণ্ডৰ নেৰানেপেৰা প্ৰচেষ্টাতেই আমি দঃঞি পঃল য়ালাম কীবাঙৰ দৰে বয়োজ্যেষ্ঠ বিষয়ববীয়াৰে সমৃদ্ধ কাৰ্যনিৰ্বাহকত সম্পাদকৰ দৰে গুৰু দায়িত্ব লবলৈ অনুপ্ৰাণিত হৈছিলোঁ। লগতে ধর্মীয় দিশত আবতানি গোষ্ঠীক সংস্কাৰ, সংবর্ধন তথা সংৰক্ষণৰ বাবে নতুনকৈ প্ৰতিষ্ঠিত দঃঞি পল য়ীলাম কীবাঙত ন উদ্যমেৰে কৰ্মসূচী হাতত লৈ সংগঠিত ৰূপত আগুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। শ্ৰদ্ধাৰ মধুৰাম পেগু, ডাঃ ঘনকান্ত লাগাছু আৰু অন্যান্যসকলৰ উদ্যোগত আমি পাচিঘাটস্থিত কেন্দ্রীয় দঃঞি পঃল য়ালাম কীবাঙৰ বিভিন্ন সভাবোৰত যোগদানৰ সুযোগ পাইছিলো। এনেদৰে কেইবাবছৰ প্ৰশিক্ষণ আৰু অন্যান্য সভাবোৰত গৈ থকাৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰয়াত বাঃবই মধুৰাম পেগুৰ উদ্যোগত তথা শ্ৰদ্ধাৰ ডাঃ ঘনকান্ত লাগাছুৰ প্ৰস্তাৱত আমি ২০০৯ পৰা ২০১৭ চনলৈ কেন্দ্রীয় দঃঞি পঃল য়ালাম কীবাঙৰ তিনিটা কার্যকালৰ বাবে সহকাৰী সাধাৰণ সম্পাদক, যুটীয়া সম্পাদক আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সন্মানীয় সুযোগ পাবলৈ সক্ষম হৈছিলোঁ।

     অসম-অৰুণাচলৰ দঃঞি পণ্ডল ভক্তসকলৰ মাজত মধুৰাম পেগু নামেৰে স্বনামধন্য মানুজনৰ লগত ২০ বছৰৰো অধিককাল পাহাৰে-ভৈয়ামে দিন-বাতি একাকাৰ কৰি তেখেতৰ য়ামাহা মটৰচাইকেলখনেৰে দঃঞি পণ্ডলৰ কৰ্মসূচী লৈ ঘূৰি ফুৰাবোৰ আমাৰ সোঁৱৰণিৰ ফুলনিত ৰঙা-নীলা ফুল হৈ ফুলি থাকিব। বাঃবই মধুৰাম দঃঞি পঃলৰ কৰ্মসূচীৰ উপৰি বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা হোৱাৰ লগতে অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ অন্তৰ্গত অৰুণাচল বিকাশ পৰিষদৰ অসম-অৰুণাচলৰ সংগঠকৰ দায়িত্বও পালন কৰিছিল। লগতে তেখেত তাহানিৰ জনতা দল আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিও আস্থা প্ৰকাশ কৰিছিল। সেইসূত্ৰে আমাৰ মাজত মাজে-সময়ে কর্মসূচী ৰূপায়ণত কিছু মতানৈক্য হৈছিল, যদিও সেইবোৰ পৰবৰ্তী পৰ্যায়ত আন্তৰিক আলোচনাৰে সমাধা হৈছিল। মিচিং তথা আবতানী বংশৰ বিজতৰীয়া তথা বিশৃংখলিত ধর্মক প্রণালীবদ্ধ ৰূপতসংস্কাৰৰ স্বাৰ্থত, সংবর্ধনৰ স্বাৰ্থত, সংৰক্ষণৰ স্বাৰ্থত সাংগঠনিক ভাবে আর্থিক দুৰ্বলতা স্বত্বেও তেখেতৰ দৰে দূৰদৰ্শী আগৰণুৱাসকলৰ অনুপ্ৰেৰণাৰ ফলশ্ৰুতিত আজি বহু ভক্তৰ সমাগমেৰে দঃঞি পণ্ডল য়ালাম কীবাঙে আগুৱাই যাবলৈ সক্ষম হৈছে। 

     তাহানিৰ প্ৰতিকূল অবস্থাটো উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰশাসনিক সেৱাৰ দৰে উচ্চপদস্থ চাকৰিৰ ত্যাগ কৰি, মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যাপকৰ সন্মানীয় পদবীৰ মোহ ত্যাগ কৰি সমাজক সঁচা অৰ্থত ভালপোৱা মানুজনে সমাজৰ সেৱাতে ওৰেটো জীৱন অতিবাহিত কৰিলে সেয়ে আমি এটি পংক্তিৰে ক'ব খোজো-

“সোঁৱৰণীয়ে সাৰ পাই থাকিব

গাংগৃঙৰ সপ্তাহিক প্রার্থনাত 

সমবেত ভক্তই আওৰাই থাকিব

আপোনাৰ কৰ্মৰ গৰিমাত ।”

      উল্লেখ্য আমি যেতিয়া বহু পলমকৈ হলেও ২০১৫ চনত চৰকাৰী চাকৰিত যোগদান কৰিলোঁ, তেতিয়াৰ পৰা বাঃবই মধুৰামৰ লগত সঘন লগপোৱা কমি আহিছিল। শেষবাৰৰ বাবে ২০১৬ চনত আমাৰ য়ামনী লাঃচাং (বিবাহৰ কইনাক ঘৰ সোমোৱা) নিয়ম কৰোঁতে আমাৰ ঘৰলৈ আহিছিল আৰু আমাক দৰা-কইনা দুয়োকে দঃঞি পল লুবে-লুচাগ কৰি আশীৰ্বাদ দিছিল । লগতে কৈছিল তোমাৰ কইনাৰ মাক আৰু মই ভাই-ককাইৰ সন্তান। তোমাৰ কইনাৰ মাক মোৰ ভক্তি। এতেকে তুমি মোৰ ভাগিনিকহে বিয়া কৰিলা । আৰু এনেকৈয়ে সম্বন্ধবোৰ অটুট থাকিব বুলি আমাক উনুকিয়াই দিছিল । এই সূত্ৰে পাৰিবাৰিক তথা সামাজিক দুয়োটা দিশতেই প্রয়াত মধুৰাম পেগু আমাৰ চিৰস্মৰণীয় শ্ৰদ্ধাৰ বাঃবইৰ ৰূপত সাদয় সজীৱ হৈ থাকিব।

     শেহত আজি মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ০৯ ডিচেম্বৰ, ২০২২৩ পৰিয়ালে আয়োজন কৰা দদ্‌গাং অর্থাৎ মৃতকক অন্তিম শ্রদ্ধা জনোৱা পৰম্পৰাগত মূল শ্ৰাদ্ধ অনুষ্ঠানৰ দিনা অশ্ৰুসিক্ত অঞ্চলিৰে প্ৰাৰ্থনা জনালোঁ-

     ১০ নবেম্বৰ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সমাজ সংগঠক, সম্বন্ধত খুড়া মধুৰাম পেগুৰ বিদেহ আত্মাই দঃঞি পল থকা ঠাইত চিৰশান্তিৰে বিৰাজমান হৈ থাকক।

বময়ৗৰুং দঃঞি পঃল!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages