নীলা খামৰ চিঠি
মৰমৰ ,
তোমাক কি নামেৰেনো সম্বোধন কৰোঁ তাকে ভাবিছোঁ । ভালে আছা চাগে তুমি ? নাজানো কলিজাৰ স্নেহসিক্ত চিঠিখনি ডাকোৱালে তোমাৰ হাত পোৱাইগৈ নে নোপোৱাই ! হৃদয়ৰ একোণত সদায় থাকিলেও নিলিখো বুলিয়েই ভাবিছিলো তোমালৈ চিঠি । কিন্তু কি কৰিম ? মোৰ অভিমান আৰু জেদৰ নদীখনৰ দুয়োটি পাৰ অতি আলসুৱা । শুনিব নিবিচাৰিলেও আহিনৰ কুঁৱলীৰ মুকুতা পিন্ধা দুৱৰিৰ দলিচাখনত জিলিকি থকা প্ৰতি পাহ শেৱালীয়ে চোন তোমাৰেই কথা কয় । শুভ্ৰতা ভাল লগা নাছিল তোমাক লগ পোৱাৰ আগতে...। তুমি প্ৰিয় বাবেই চাগে ভাললগা হৈ পৰিছিল তোমাৰ প্ৰিয়বোৰ । শাৰদী সন্ধিয়া মনৰ নিজানৰ খিৰিকীখনৰ মুখত ৰৈ আজিও চাওঁ এসময়ৰ দুয়োৰে প্ৰিয় আকাশখনলৈ । কিন্তু ........ বাদ দিয়া সেইবোৰ । আকাশ আজিও ভালপাওঁ জানা? কিন্তু তাহানিৰ দৰে সৌন্দৰ্য্যৰ বাবে নহয় উদাৰতাৰ বাবেহে ।
বিশেষ নিলিখো । জানো মৰমবোৰ একেই আছে আৰু একেই আছা তুমিও, মাথো সলনি হৈছে সময় । মৰমবোৰ একেই থাকক সদায়ৰ কাৰণে । -
ইতি,
তোমাৰ ...
নীলাক্ষি
No comments:
Post a Comment