মই তীব্ৰবেগত
দৌৰিব নোৱাৰোঁ
ধ্ৰুৱকুমাৰ তালুকদাৰ
ঘোঁৰাবোৰ দৌৰে
গাড়ী-মটৰ আৰু মানুহবোৰ
পিছে পিছে কুকুৰ
মই মেঘৰ দৌৰ চাই আছোঁ
এইখন পৃথিৱীত
কোন নদৌৰাকৈ আছে!
দৌৰি থাকোতেই
নিজৰ ভেটিত সাঁচ বহুৱাই থৈ যোৱাৰ কথা
নভবাকৈ আছে
চকুৰ পচাৰতে সলনি হৈ গৈ থকা সময়
টিকনি তাৰ আগফালে উৰি যোৱা
মই দেখি আছোঁ
কি এইজাক বতাহ
ক'ৰ পৰা বলিছে
গছৰ দৰে থাকিবলৈ বিচৰাজনকো দেখোন
ভাগ লোৱা যেন লাগিছে
প্রতিযোগিতাত
মই গুৰু-গোসাঁই মানি চলোঁ
শান্ত সংসাৰৰ মায়া বন্দী
আৰু হাজাৰ সৰু সপোনৰ গৰাকী
দৌৰবোৰৰ গুণ-গান গাই ভাল পাওঁ
সতি-সন্তানক দৌৰবিদৰ সাধু শুনাই
যাত্ৰা কৰোঁ
নিজক ফাকি দিওঁ ঠিক
পিছে মাটিক দিয়াৰ মন্ত্ৰ পাওঁ কত!
ভৰিৰ তলৰখিনি কি
তলমুৱা হৈ চাই
মূৰত কথা কাটো
শহাৰ লগত দৌৰোঁ নে কাছৰ লগত
নদৌৰা বেলিটো আৰু ৰাতিৰ আকাশৰ নক্ষত্ৰবোৰ
সাক্ষী
ছাল ছিগা মানুহ
তীব্ৰবেগত মই দৌৰিব নোৱাৰোঁ।


No comments:
Post a Comment