ভাষা,সাহিত্য,সংস্কৃতি আৰু মিচিং সমাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

ভাষা,সাহিত্য,সংস্কৃতি আৰু মিচিং সমাজ



 ভাষা,সাহিত্য,সংস্কৃতি আৰু মিচিং সমাজ

জাতিৰাম কমান

গোগামুখ


       সাহিত্যই জাতিৰ দাপোন বুলি কোৱা হয়।আৰু সেই সাহিত্য সৃষ্টিৰ মূলতে হল ভাষা-সংস্কৃতি।এট‍া জাতিৰ ভাষা আৰু সংষ্কৃতি বিকশিত হোৱাৰ মূল আধাৰ হল সাহিত্য।সাহিত্য বিহনে এটা জ‍াতিৰ ঐতিহ্য প্ৰস্ফুটিত নহয়।সাহিত্য সৃষ্টি কৰিবলৈ আকৌ ভাষাৰ প্ৰয়োজন।ভাষা নহলে সাহিত্য অবান্তৰ।কাজেই,ভাষা আৰু সাহিত্য পৰিপূৰক অভিধা।ইটোৱে সিটোৰ অবিহনে অসম্পূৰ্ণ আৰু তিষ্ঠি থাকিব নোৱাৰে।থাউকতে কব গলে ভাষা আৰু সাহিত্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।ভাষা-সাহিত্যৰ সতে সংষ্কৃতিৰো এটা পৰিপূৰক সম্পৰ্ক বিদ্যমান।

   ভাষাক যদি এটা বৃত্তৰ কেন্দ্ৰবিন্দু বুলি ধৰা হয় তেন্তে ইয়াৰ কালি হব সাহিত্য আৰু পৰিধি হব সংষ্কৃতি।পাতনিতেই আমি ভাষা সাহিত্য আৰু সংষ্কৃতি সম্পৰ্কে এটি থূলমূল আভাস দিলো যদিও সম্যক আলোচনাৰ পূৰ্বে ভাষা সাহিত্য বা সংষ্কৃতিনো কি?ইয়াৰ এটা মোটা-মুটি ধাৰণা থকাতো প্ৰয়োজনীয়।

  প্ৰথমেই জনা যাওক ভাষা সম্বন্ধে।নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধব্নি উচ্ছাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য শব্দ বা অৰ্থ অথবা শব্দৰ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাৱ বিনিময় কৰাকে চমুকৈ ভাষা বুলি অভিহিত কৰিব পাৰি।অন্যাৰ্থত মানুহে ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাংকেতিক ধব্নি উচ্ছাৰণ কৰা শব্দৰ সমষ্টিকে ভাষা বুলিব পাৰি।একেবাৰে সৰল অৰ্থত__মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে যি কথা কয় এয়াই ভাষা।ভাষাৰ দুটা ৰূপ আছে এটা হল কথিত ৰূপ আৰু আনটো হল লিখিত ৰূপ।অকল কথিত ৰূপত থকা ভাষাক দোৱান বুলি অভিহিত কৰা হয় অন্যহাতে এটা স্বতন্ত্ৰ ভাষাৰ কথিত আৰু লিখিত ৰূপ দুয়োটাই থাকে।

   এতিয়া আহোঁ সাহিত্যলৈ।আমি পাতনিতেই কৈ আহিছো যে সাহিত্য হল সমাজৰ দাপোন স্বৰূপ।সমাজত বৰ্তি থকা আবেগ-অনুভূতি, মৰম-ভালপোৱা,আশা আকাঙ্ক্ষা,বিদ্ৰোহ,খং ৰাগ,অত্যাচাৰ অনাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলন ঘটোৱা হয়।সামাজিক জীৱনৰ প্ৰতিটো দিশকে সাহিত্যৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু ভাষা হল প্ৰকাশৰ মাধ্যম।সাহিত্য অবিহনে এটা ভাষা জীয়াই থাকিব নোৱাৰে আৰু ভাষা অবিহনে এটা জাতি।

    সাহিত্য এটা সামগ্ৰিক শব্দ।ই গদ্য আৰু পদ্য উভয়কে বুজায়।সাহিত্যক তিনিটা প্ৰাথমিক ধাৰাত ভাগ কৰিব পৰা যায়।যেনে_গদ্য,পদ্য আৰু নাটক।গদ্যৰ ভাগত পৰিল গল্প,প্ৰৱন্ধ,কাহিনী আৰু উপন্যাস।বাকী দুটা হল কাব্য আৰু নাট্য।

    সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ যোগেদি লিখিত ৰূপত প্ৰকাশ কৰা হয় এয়াই সাহিত্য।'সম'আৰু 'হিত'এই দুটি শব্দৰ পৰাই 'সাহিত্য' শব্দৰ সৃষ্টি হৈছে।

    এখন সমাজত ভাষা সাহিত্যৰ লগতে খোজ মিলাই যোৱা ধাৰাটো হল সংষ্কৃতি।সংস্কৃতি হল_মানৱ সৃষ্ট এনেকুৱা এটা কৌশল বা উপায় যাৰ মাধ্যমেদি তাৰ উদ্দেশ্য চৰিতাৰ্থ কৰে।একেবাৰে হোজা অৰ্থত সংস্কৃতি বুলিলে যিবোৰ পন্থাৰে মানৱ জাতিয়ে সকলো বৰ্বৰতা এৰি সম্পূৰ্ণ মানৱ ৰূপে পৰিচিত হয় বা সভ্য হয়। সংস্কৃতি সামগ্ৰিকভাৱে এটা জটিল অভিধা;যত কলা,জ্ঞান বিজ্ঞান,বিশ্বাস,আইন, নৈতিকতা,আচাৰ-বিচাৰ আৰু সামাজিক প্ৰাণী হিচাপে আহৰণ কৰা যিকোনো সাম্ভাৱ্য ক্ষমতা আৰু অভ্যাস অন্তৰ্নিহিত থাকে।

   ওৱাৰ্উৱিক বিশ্ব বিদ্যালয়ৰ এপ্লাইড্ ভাষা বিজ্ঞানৰ অধ্যাপক হেলেন স্পেন্চাৰ ওটি'ৰ মতে__"সংস্কৃতি হৈছে জীৱন,বিশ্বাস,নীতি, প্ৰক্ৰিয়া আৰু আচৰণগত কিছু অনুশীলনৰ প্ৰতি কিছুমান মৌলিক ধাৰণা,মূল্যবোধ আৰু মনোভাৱৰ এক অস্পষ্ট সংহতি।

  সংস্কৃতিৰ সাধাৰণ উপাদানসমূহ সকলো মানৱ সভ্যতাতে দেখা যায়।যেনে_কলা, সংগীত,নৃত্য,ধৰ্ম,অনুষ্ঠান,ৰন্ধন প্ৰণালী, বাসস্থান আৰু পোছাকৰ ব্যৱহাৰ।

ওপৰৰ আলোচনাৰ পৰা ভাষা সাহিত্য সংস্কৃতি সম্বন্ধে এটা আভাস পোৱা গৈছে।গতিকে মূল আলোচনালৈ আগ বাঢ়িব পৰা যায়। প্ৰথমেই কৰা যাওক ভাষাৰ ওপৰত।


মিচিং সমাজ আৰু ভাষা:-


  সাম্প্ৰতিক সময়ৰ আটাইতকৈ বেছি চৰ্চিত বিষয়টোৱেই হৈছে মিচিং ভাষাটো।মিচিং ভাষাটো এতিয়াও পূৰ্ণাংগ ৰূপ পোৱা নাই। লিখিত ৰূপত গোটাচেৰেক কিতাপ পত্ৰ থাকিলেও ভাষাৰ মৰ্যদা পোৱাৰ যোগ্য এতিয়াও পাঠ্য পুথি আৰু মৌলিক গ্ৰন্থৰ যথেষ্ট অভাৱ।স্বাধীনোত্তৰ কালৰে পৰা অসমীয়া বৰ্ণমালা ব্যবহাৰ কৰি দুই এখন সৰু পুথি প্ৰকাশ কৰা হৈছে যদিও মিচিং ভাষাৰ চৰ্চা সামগ্ৰিক ভাৱে হৈছিল বুলি কব পৰা নাযায়।১৯৭২ চনত মিচিং সাহিত্য সভা বা মিচিং আগম কৗবাং গঠন হোৱাৰ পাছৰ পৰ্য্যায়তহে আগতকৈ কিছু বেছি ভাষাটোৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ আগতে ভাষাটো দোৱনীয়া ৰূপতেই আছিল।অৱশ্যে এতিয়াও পূৰ্ণাংগ প্ৰাপ্তি হোৱা নাই ভাষাটো।

   মিচিং সমাজৰ অগ্ৰজ প্ৰতিম ব্যক্তি প্ৰয়াত ডা০ নোমল চন্দ্ৰ পেগু সমন্বিতে কিছু অগ্ৰণী ব্যক্তিয়ে মিচিং ভাষাৰ লিপি হিচাপে অসমীয়া লিপিৰ পৃষ্ঠপোষকতা কৰিছিল যদিও কিছু কাৰিকৰীগত কাৰণত লিপিটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লগীয়া হল মিচিং সমাজ।ভাষাতত্ববিদ প্ৰয়াত প্ৰফেছৰ টাবুৰাম টাইদৰ নেতৃত্বত মিচিং আগম কৗবাঙৰ দ্বাৰা সৰ্বসন্মতি ক্ৰমে ৰোমান লিপিকহে অগ্ৰাধিকাৰ দিয়া হল লিপি গ্ৰহণৰ ক্ষেত্ৰত।মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি/সম্পাদক দ্বয় প্ৰয়াত টাবু টাইদ আৰু সাহিত্যাচাৰ্য্য নাহেন্দ্ৰ পাদুনৰ আহোপুৰুষাৰ্থৰ লগতে তদানীন্তন সমসাময়িক বহু গন্য মান্য মিচিং অগ্ৰজৰ চেষ্টাত ৰোমান লিপিৰে ঠন ধৰি উঠি আজিৰ অৱস্থাত উপনিত হৈছে নিচেই চালুকীয়া অৱস্থাৰ পৰা মিচিং ভাষাটো।স্থানাভাৱত সকলোৰে নামোল্লেখ কৰিব পৰা নহল।

   ভাষা এটা পূৰ্ণাংগ ৰূপ পাবলৈ হলে লাগিব সেই ভাষাৰ এটা নিৰ্দিষ্ট লিপি,অভিধান, ব্যাকৰণ,অলংকাৰ শাস্ত্ৰ আদি।মিচিং ভাষাৰ তেনে পুথিৰ এতিয়াও যথেষ্ট অভাৱ।ভাষাটো পূৰ্ণাংগ অৱস্থালৈ আনিবলৈ এতিয়াও বহুতো পৰীক্ষা নিৰীক্ষাৰ যথেষ্ট প্ৰয়োজন।

   সৰ্ব ভাৰতীয় নতুন শিক্ষা নীতিৰ অচিলা লৈ অসম চৰকাৰে সকলো জনজাতীয় ভাষাক প্ৰাথমিক বিদ্যালয়ত পাঠ দান কৰাৰ মৰ্যাদা প্ৰদান কৰিছে।স্কুলসমূহত পাঠদানৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও সম্পূৰ্ণ হৈ উঠা নাইকিয়া।মাত্ৰ বুনিয়াদী স্তৰত পাঠদানৰ বিধান দিয়াৰ হেতু মিচিং তথা অসমৰ অন্যান্য জনজাতীয় ভাষা সংগঠন সমূহে বহুতো আন্দোলন,যুঁজ বাগৰ কৰিব লগা হল।সদ্যঘোষিত মিচিং ভাষাৰ পৰীক্ষাত এক বুজন সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সুকলমে উত্তীৰ্ণ হৈছে।এই মানৱ সম্পদখিনি মূলধন হিচাপে লৈ অসম চৰকাৰে আগম কৗবাঙৰ সহযোগত প্ৰাথমিক পৰ্য্যায়ত পাঠদান কৰাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰিব পাৰে।চৰকাৰে অকন মান মাথোঁ ত্যাগ স্বীকাৰ কৰি প্ৰয়োজনীয় মিচিং ভাষা শিক্ষক পদৰ সৃষ্টি কৰি মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি আৰু এখোজ আগ বঢ়াব পাৰি নতুন শিক্ষানীতি ২০২০ ক। লগতে মিচিং ভাষা শিক্ষকসকলৰ একাগ্ৰতা আৰু অধ্যশীলতা লাগিব পাঠদানৰ ক্ষেত্ৰত।বুনিয়াদী স্তৰত ছাত্ৰ ছাত্ৰীক নিজা মাতৃভাষাৰে পাঠদান কৰি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী গঢ়ি তোলাতো এক ডাঙৰ প্ৰত্যাহ্বান।সচৰাচৰ পাঠদান কৰি সাধাৰণ শ্ৰেনীৰ মানৱ সম্পদ  গঢ়াতো সাধাৰন কথা।কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য তেনে হোৱাতো উচিত নহয়।

 

মিচিং সমাজ আৰু সাহিত্য:

  

  সাহিত্য সৃষ্টিৰ মূলতে হল ভাষাটো।কাজেই ভাষাটো অত্যাৱশ্যকীয় সাহিত্য সৃষ্টিৰ বাবে।মিচিং সাহিত্য বুলি ক'লে আমি কিছু সংখ্যক গল্প কবিতা,প্ৰৱন্ধ উপন্যাস আৰু দুই এখন জীৱনীৰ লিখনিতে সীমিত কৰিব লাগিব সাহিত্যকৰ্ম হিচাপে।সাহিত্যৰ ক্ষেত্ৰখন বৰ বহল আৰু ব্যাপক।কোনো এটা ভাষাত মাত্ৰ কেইখন মান কবিতাপুথি,দুই এখন উপন্যাস আৰু কেইখনমান জীৱনী গ্ৰন্থক লৈ সাহিত্যৰ ক্ষেত্ৰ এখন গঢ়িব নোৱাৰি।প্ৰথমেই মিচিং ভাষাৰ বাবে প্ৰয়োজনীয় গ্ৰন্থবোৰ প্ৰণয়ন কৰিব লাগিব।তাৰবাবে স্থায়ীভাৱে মিচিং প্ৰকাশন পৰিষদ থাকিব লাগিব।প্ৰতিষ্ঠিত মিচিং লেখক লেখিকাই ব্যক্তিগত উদ্যোগত প্ৰকাশ কৰিলেও এয়া যথেষ্ট সংখ্যক নহয়।প্ৰকাশন পৰিষদে প্ৰয়োজনীয় গ্ৰন্থসমূহ ধাৰাবাহিক ভাৱে প্ৰকাশৰ ব্যৱস্থা কৰিলেহে সাহিত্য সৃষ্টিৰ এটা বাতাবৰণ গঢ়ি উঠিব।

মিচিং সাহিত্যৰ সমাহাৰ সমূহ হল_Gomsar(প্ৰৱন্ধ),Me':tom(কবিতা),

Gomlam(ব্যাকৰণ),Do:ying(গল্প),Do:deng(চুটিগল্প)Do:pi´n(বুৰঞ্জী)ইত্যাদি কবিতা,গল্প,প্ৰৱন্ধ,উপন্যাস,ইতিহাস,জীৱনী গ্ৰন্থ,অনুবাদ গ্ৰন্থ আদিৰ উপৰিও ভূগোল বুৰঞ্জী,জ্ঞান বিজ্ঞান,গনিত সমাজবিদ্যা বিষয়ক পাঠ্যপুথিও যথেষ্ট পৰিমাণে মিচিং ভাষাত প্ৰকাশ কৰাৰ উদ্যোগ ললেহে মিচিং সাহিত্যৰ ভড়াল চহকী হব।তাৰবাবে যথেষ্ট সংখ্যক সৃজনশীল লেখক লেখিকাৰো প্ৰয়োজন হব।মিচিং সাহিত্য চৰ্চাৰ বাবে উপযুক্ত মঞ্চ এটা তৈয়াৰ কৰি নললে মিচিং সাহিত্য চহকী কৰিব পৰা নাযাব।তাৰ বাবে মিচিং সাহিত্য সভা বা মিচিং আগম কৗবাঙে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিব লাগিব।মিচিং আগম কৗবাঙে এতিয়াৰ পৰা মাস্তাৰ প্লেন তৈয়াৰ কৰি কামত আগবাঢ়িলেহে ভাষাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখন গতিশীল হব।


মিচিং সমাজ আৰু সংস্কৃতি:-

   

   থাউকতে কবলৈ গলে মিচিং সংস্কৃতিটো,মিচিং অইনি:তম,মিচিং সাজপাৰ আৰু মিচিং খাদ্য সম্ভাৰতে প্ৰদৰ্শনীমূলক ভাৱে সীমাৱদ্ধ হৈ আছে যেন লাগে!মিচিং গীতি নৃত্য,মিচিং গীত,মিচিং সাজপাৰ আৰু মিচিং খাদ্যাভাসৰ লগতে মিচিং জনগোষ্ঠীৰ ধৰণ কৰণ,থকা মেলা আদি নিজস্ব বৈশিষ্ট্যৰে সমৃদ্ধ যদিও মিচিং সমাজে নিজা কৃষ্টি সংস্কৃতিক বৰ্তাই ৰখাত এতিয়াও পুৰ্ণোদ্যমে আহোপুৰুষাৰ্থ কৰা দেখা যেন নালাগে বুলি ক'লে মিচিং সমাজে আমাক চুইহে নিকিলাব!কিয় সংস্কৃতিক সামগ্ৰিক ভাৱে পালন কৰা নাই বুলি কোৱাৰ আঁৰত যুক্তি নথকা নহয়।আছে,নিশ্চয় আছে।

   ইয়াৰ জলন্ত প্ৰমাণ হিচাপে আমি দিব বিচৰা কথাটো হল পাৰম্পৰিক ভাৱে বহন কৰি অনা মিচিং সংস্কৃতিৰ প্ৰধান বাহক মিচিং বাসগৃহ,সাজপাৰ,গীত বাদ্য যন্ত্ৰৰ ব্যৱহাৰৰ লগতে প্ৰথাগত ভাৱে পালন কৰি অহা নীতি নিয়ম।

   প্ৰথমেই বাসগৃহৰ কথাকৈ অহা যাওক।আজিকালি আধুনিকতাৰ প্ৰভাৱত পৰি বা নগৰমুখী হোৱা বাবে পৰম্পৰাগত ভাৱে নিৰ্মান কৰি অহা মিচিং ছাংঘৰবোৰ নগৰাঞ্চলত প্ৰায় বিলুপ্তিৰ পথত।গাওঁসমূহত চাঙঘৰ,চাং-বঙলা আদিবোৰ দেখা যায় যদিও মফচলীয়া নগৰ আৰু চহৰাঞ্চলত তেনে মিচিং ছাঙঘৰ দেখা নাযায়।মফচলীয়া চহৰ নগৰ সমূহত সোমালে মিচিং মানুহৰ ঘৰ বুলি ধৰিবই নোৱাৰি।কংক্ৰিটৰ ঘৰবোৰৰ মাজত হেৰাই যায় মিচিং জনগোষ্ঠীৰ আবাসিক স্থানবোৰ।চীন তথা প্ৰাচ্যৰ অন্যান্য জাতি জনগোষ্ঠীয়ে নিৰ্মান কৰা নিজস্ব আৰ্হিৰ ঘৰ নিৰ্মাণৰ দৰে মিচিং সকলে টিপিকেল চাং ঘৰ সমূহ নিৰ্মান কৰি থাকিলেহে নিজস্ব শৈলীৰে থকাৰ পৰম্পৰা অব্যাহত থাকিব।

    দ্বিতীয়তে সাজ পাৰৰ কথালৈ আহোঁহক।

সাম্প্ৰতিক কালত মিচিং সকলে নিজা সাজ পাৰ পৰিধান কৰাত কিছু সজাগ সচেতন হৈছে কিন্তু এয়া অকল উৎসৱ পাৰ্বন,সভা সমিতিতহে সীমাবদ্ধ হৈ আছে।মিচিং মহিলাসকলে ব্যৱহাৰ কৰা সুন্দৰ ৰিবি গাছেং,মেখলা ছাদৰ,ছেগৰৗক আদিবোৰ অকল নিৰ্দিষ্ট উৎসৱ পাৰ্বন অথবা মেল মিটিঙতহে পিন্ধা দেখা যায়।বড়ো তিৰোতাই ব্যৱহাৰ কৰা দখনা,দেউৰী মহিলাই পিন্ধা সাজ পাৰৰ দৰে ব্যাপকতা লাভ কৰিবলৈ এতিয়াও বাকী মিচিং সমাজত।

   মিচিং কৃষ্টি সংস্কৃতিৰ মুখ্য ধাৰাটো হল মিচিং গীতি নৃত্য।মিচিং গীত বুলি ক'লে_মিবু আ:বাং,কাবান,ক: নি:নাম,অইনি:তম,আনু নি:তম আদিয়েই প্ৰধান।নৃত্যৰ ভিতৰত লেৰেলি চ:মান,চেল্লয়া নৃত্য,মিবু দাগনাম,

গুমৰাগ চ:মান,আনু চ:মান ইত্যাদি।

   তাৰোপৰি বাদ্যযন্ত্ৰ সমূহ হল _ডুমডুম(ঢোল) লুপ্পি(তাল),দেনদুন,গুংগাং,তাপুং,লে:লং মাৰবাং ইত্যাদি। অৱশ্যে ঢোল তাল মিচিংসকলৰ নিজা নহয়।দেনদুন গুংগাং আৰু তাপুং পৰম্পৰাগত ভাৱে চলি অহা মিচিং বাদ্যযন্ত্ৰ।

  প্ৰথাগত ভাৱে উপৰি পুৰুষৰ পৰা চলি অহা বহু নীতি নিয়ম আজিকালি মিচিং সমাজত পালন কৰা দেখা নাযায়।আধুনিকতাৰ ধামখুমীয়াত সেই প্ৰথাবোৰ লাহে লাহে লোপ পাব ধৰিছে!

    আমাৰ পূৰ্বজসকলে এনে নীতি নিয়ম বান্ধি চলি আহিছিল যিবোৰ নীতি নিয়ম দেখাত এলান্ধুকলীয়া যেন লাগিলেও ইয়াৰ বিজ্ঞানসন্মত আধাৰ নথকা নহয়।কিন্তু আমি ইয়াক পুৰণিকলীয়া ৰীতি বুলি দলিয়াই দিবলৈ লৈছোঁহক।

   এটি উৎকৃষ্ট উদাহৰণ হিচাপে আমাৰ পূৰ্বজে নিৰ্ধাৰণ কৰি অহা বিবাহ পদ্ধতিকে ধৰি লৈছো।অসম তথা ভাৰতবৰ্ষ নালাগে সমগ্ৰ বিশ্বতেই মিচিং সমাজৰ দৰে নিকা বিবাহ পদ্ধতি নাই বোধহয়।অন্য্যন্য জনগোষ্ঠীত সচৰাচৰ কৰাৰ দৰে আমাৰ মিচিং সমাজত একেই উপাধিৰ মিচিং লৰাই একেই উপাধিৰ মিচিং ছোৱালীক কস্মিন কালেও বিবাহ কৰিব নোৱাৰিব।একেই উপাধিটো বাদেই দিয়ক একে গোত্ৰৰ মিচিঙে কেতিয়াব বিবাহ বন্ধনত সোমাব নোৱাৰিব।এয়া নিষিদ্ধ আৰু ইয়াক পাপ বুলি গন্য কৰা হয়।কিন্তু উত্তৰ ভাৰতীয় হিন্দু সমাজত আকৌ একে গোত্ৰৰ মাজতহে বিবাহ বন্ধন প্ৰচলিত।

   চাবলৈ গলে ডাৰউইনৰ বংশগতি তত্ব'ক সাৰোগত কৰা সম্প্ৰদায়টো হল মিচিংসকল। আমাৰ পূৰ্বজ সকলে সেই তাহানি কালতেই উদ্ভাৱন কৰি উলিয়াই বিজ্ঞানসন্মত সহবাসৰ সূচনা কৰিছিল।ডাৰউইনৰ বংশগতি সূত্ৰমতে একেই বংশজাত জীনৰ সংস্পৰ্শ বা সংঘৰ্ষত সুস্থ সবল বংশজ উৎপাদন নহয়।সি নিশকতীয় আৰু দুৰ্বল হয় বিপৰীতে ভিন্ন জাতৰ জীনৰ সংস্পৰ্শতহে সুস্থ সবল জীনৰ সৃষ্টি হব পাৰে।

    কিন্তু বৰ্তমান কালত পূৰ্বজে নিৰ্ধাৰিত কৰি থৈ যোৱা সেই বিজ্ঞানসন্মত নিয়মবোৰ ভাঙি মেলি আজিকালি যথেমধে বিবাহ কাৰ্য্য কৰিবলৈ লৈছে।সমগোত্ৰীয় বিবাহো হবলৈ লৈছে এয়া উচিত কাৰ্য্য হোৱা নাই।

   আজিৰ তাৰিখত মিচিং সকল এতিয়াও পিছ পৰি আছে বুলি কোৱাতো সত্যৰ অপলাপ হব।তুলনামূলক ভাৱে মিচিং সকল আৰ্থ সামাজিক,সাংস্কৃতিক ও ৰাজনৈতিক ভাৱে যথেষ্ট অগ্ৰসৰ হৈছে।শৈক্ষিক ক্ষেত্ৰটো যথেষ্টখিনি উন্নতি সাধন হৈছে কিন্তু তথাপিও মিচিং সকল অধিক সজাগ,সচেতন আৰু স্বাভিমানী হোৱাৰ অৱকাশ এতিয়াও বিদ্যমান ভাষা সাহিত্যৰ ক্ষেত্ৰত,কলা সংস্কৃতিৰ ক্ষেত্ৰত,পৰিৱেশ্য কলাৰ ক্ষেত্ৰত,আৰ্থ সামাজিক উত্তৰণৰ ক্ষেত্ৰত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল শিক্ষাৰ ক্ষেত্ৰখনত।বানে গৰকা গৰিষ্ঠ সংখ্যক শ্ৰমজীৱি ভূমিহীন মিচিং কৃষক সন্তানৰ জীৱিকাৰ প্ৰধান বিকল্প হল উপযুক্ত শিক্ষা আৰু কৰ্ম সংস্থাপন॥


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages