ছাঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

ছাঁ


ছাঁ

ড° ৰঘুনাথ কাগ্‌য়ুং


শাওনৰ ভৰ দুপৰ দুপৰৰ দেহা ফলা ৰ'দ

এনেছেন প্রচণ্ড ৰ'দকো নেওচা কেওচা দি 

ছায়া নামৰ তাৱৈৰ ছোৱালীজনী

মন মর্জি নুশুনি নামানি কাৰো

হাক বচন

পথাৰত ওমলি থাকে দিনটো


কালতিৰ কেচেমা-কেচেম ঘাম বাজ কৰি 

ভূঁই ৰোৱা অৱশ ক্লান্ত জাকৰীয়া ৰোৱনীৰ 

শীতল কৰি গা 

গচকি ফেনেকি বোকাপানী তাই

এইখন পথাৰলৈ এবাৰ হ'লেও আছে দুপৰীয়া



তাইৰ উচ্চতাৰ মহিমা অপাৰ

দুপৰৰ বাওনা-গা বিয়লি হয় হিমালয়ৰ ছাঁ


সেয়ে হ'বলা তারেব গাবৰ ছোৱালীবোৰে 

তাইৰ ৰাখিছে দুইবেলা দুটা নামঃ

দুপৰীয়া বুঢ়ী

আবেলি লম্ব

আৰু দিনৰ পোহৰত

গাৰ ছাঁ হৈ ঘূৰি ফুৰা ছাঁ ৰাতি হ'লে নেদেখুৱাই গা


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages