দুটা স্তৱক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

দুটা স্তৱক


দুটা স্তৱক

                    স্বপ্নালী কলিতা


এইখিনিতে কিছু ৰৈ হাঁহিটো খুলি 

দিলোঁ মুঠিৰ পৰা

দেও দি দেও দি বন্দী হ'ল মায়াত

চকুলৈ এজাক জীয়ন পক্ষী

সোমাই আহিল

ৰ'দ চিলিমিলি এখিলা পাতত

মূৰ থৈ শুই থাকিল

এপাহ আধা খোলা ফুল


মুঠিটো খুলি থ'লোঁ

বাজি থাকিল

এজাক বতাহৰ জুনুকা।


সেইখিনিতে মুখত মুখ থৈ

লুৰুকি আছিল যুঁজৰ শেষৰ

কথাবোৰ


এমোনা সৰিয়হ

কেইবস্তামান আলু

দুবটলমান খাইতেলে


এখন গাড়ী কঢ়িয়াই আনিছিল


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages