নতুন বছৰৰ শুভেচ্ছাৰে
খগেন পেগু
জন্ম, বিবাহ, মৃত্যু—এই তিনিটা হ'ল অদৃষ্ট বা ভগৱানৰ হাতত৷ এই সংসাৰত যাৰ জন্ম হৈছে তাৰ মৃত্যু অনিবাৰ্য৷ পিছে জন্ম হোৱাৰ পিছত কাৰ মৃত্যু কেতিয়া হ'ব সেই কথা কোনেও আগতীয়াকৈ ক'ব নোৱাৰে৷
এই সংসাৰ বহুত বিচিত্ৰ৷ ইয়াত সৰু-ডাঙৰ বুলি তেনেকুৱা একো নিশ্চয়তা নাই৷ জন্ম হোৱাৰ পিছত কোনে আগত মৰিব আৰু কোনে পিছত মৰিব সেই কথা কোনেও ভৱিষ্যতবাণী কৰিব নোৱাৰে৷ আজিৰ সুন্দৰ সুঠাম দেহ লৈ থকা মানুহটোও কাইলৈ হঠাতে দুৰ্ঘটনাত পতিত হ'ব পাৰে; নতুবা প্ৰেছাৰ ষ্ট্ৰোক বা হাৰ্টফেল হৈ এই দুনিয়াৰ পৰা কাকো একো নোকোৱাকৈ হঠাতে বিদায় ল'ব পাৰে৷ জন্মকুণ্ডলী চাই বা বিভিন্ন ক্ষণ গণনা কৰি এজন জ্যোতিষী বা হস্তৰেখাবিদে আনুমানিক ভৱিষ্যত বাণীহে কৰে; কিন্তু মানুহৰ জীৱনটো কৰ্ম কৰাৰ অনুপাতেহে কিছুদূৰ আগবাঢ়ে৷
বহু যত্ন আৰু সচেতন মনোনিৱেশৰ ফলত কোনোবা কিছুদিন ভালকৈ জীয়াই থাকে আৰু তেনেকৈ জীৱনটো কিছুদিন উপভোগ কৰে৷ তৎসত্বেও প্ৰতিটো মূহুৰ্ত্ততে অসুখীয়া দুৰ্ব্বলসকলৰ ক্ষেত্ৰত জীৱন-মৃত্যুৰ অনিশ্চয়তাই বিৰাজ কৰি থাকে৷ আনকি স্বাস্থ্যৱান সুস্থজনো নিশ্চিত বিপদমুক্ত আৰু নিৰাপদ নহয়৷ সেয়ে কোৱা হয়, মানুহৰ জীৱনটো খন্তেকীয়া; কচুপাতৰ পানীৰ নিচিনা৷ জীৱনৰ বাটত কাল-ধুমুহা আহিলে ছিটিকি-উফৰি কেতিয়া পৰি যায় তাক কোনেও সতকাই ক'ব নোৱাৰে৷ গতিকে আজি জীয়াই থাকোঁতেই কৰিবলগীয়া ভাল কামবিলাক যিমান পাৰে, যেনেকৈ পাৰে তেনেকৈ এফালৰ পৰা নিজৰ সাধ্যানুসাৰে কৰি যাব লাগে৷
মনত ৰাখিব, অন্যায়, অধৰ্ম বা অনীতি আৰু পক্ষপাতিত্ব—এইবোৰ একো একোটা পাপ আৰু অপৰাধ৷ সংসাৰৰ অবাঞ্চিত যত অনৰ্থ, সেইবোৰৰ কাৰণেই সঘনে সংঘটিত হয়৷ এইটো অমুকৰ, এইটো তমুকৰ বুলি কৃপনালি নকৰি অকৃত্ৰিমভাৱে য'ত যি দিব লাগে সেয়া দিয়া উচিত; য'ত যি ক'ব লাগে সেয়া কোৱা উচিত; আৰু য'ত যি কৰিব লাগে সেয়া কৰৈ উচিত৷ তেতিয়া যাৰ যি প্ৰাপ্য তেনেকৈ পাই থাকিব৷ সেয়ে হ'লে সমাজ শৃংখলিত হৈ কিছু আগবাঢ়ি যাব আৰু দেশৰ উন্নতি হ'ব৷
নিৰপেক্ষ আৰু ন্যায্যতাৰে কাম কৰি গ'লে পূণ্য লাভ কৰি ভগৱানৰ কৃপাত স্বৰ্গগামী হ'ব৷ নিজক পবিত্ৰ আৰু নিৰ্মল কৰি সৎচিন্তাৰে সমাজৰ উপকাৰত অহা কামবোৰ ভগৱানৰ নাম কায়-বাক্য-মনে লৈ কৰি যাব পাৰিলে আত্মাৰো মুক্তিলাভ হ'ব৷ অন্যথা খাম-খেয়ালি আৰু কামনা-বাসনা বেছি হ'লে মৃত্যুৰ পিছত আত্মা চৌষষ্ঠি কোটি যোনিত প্ৰৱেশ কৰিব৷ তেনেকৈ সংসাৰ-চক্ৰত ঘূৰি ঘূৰি দুখ-যাতনা ভুঞ্জিব লাগিব৷
আমাৰ বিগত দুটা বৰ্ষ কভিড মহামাৰিৰে আক্ৰান্ত হৈ গুচি গ'ল৷ আমি এতিয়াও তাৰ প্ৰভাৱৰ পৰা একেবাৰে মুক্ত হোৱা নাই৷ তাৰেই মাজত কোনোবাই হয়তো কিছু পালে; আৰু কোনোবাই হয়তো বহুত হেৰুৱালে৷ তথাপি আগবাঢ়িছোঁ নতুন আশা আৰু সম্ভাৱনা লৈ৷ মনত অযুত স্বপ্ন—আকাশ চোৱাৰ সপোন— সকলো উভৈনদী হৈ সুখ-সমৃদ্ধি আৰু শান্তি-সম্প্ৰীতিৰে জীয়াই থকাৰ হেঁপাহ ৷
এতিয়াও সময়ে সময়ে কভিড-19 বা কৰ'ণা ভাইৰাছে ইয়াৰ প্ৰকৰণ সলায়ে আছে৷ ভয়ংকৰৰ পৰা ভয়ংকৰলৈ ইয়াৰ গতি-বিধি৷ কভিডৰ জন্মলগ্নৰ পৰা ইয়াৰ কেইবাটাও প্ৰকাৰ৷ ডেল্টা, ডেল্টা প্লাছ, বিটা, ডাব'ল মিউটেন্ট, অমাইক্ৰণ আৰু এতিয়া অন্য এটা ভয়ঙ্কৰ প্ৰকৰণ, যাৰ সংক্ৰমন ক্ষমতা ইয়াৰ আগৰ সংস্কৰণ বিলাকতকৈয়ো তিনিগুণ অধিক৷ নতুন ভেৰিয়েন্বনৰ দ্ৰুত সংক্ৰমনত পৃথিৱীৰ বিভিন্ন দেশত মানুহ মৰিবলৈ আৰম্ভ কৰিছে৷ চীন,জাপান, কোৰিয়া, হংকঙত বহুত মানুহ কভিডৰ নতুন প্ৰকৰণত মৃত্যু বৰণ কৰিছে৷ ভাৰতত এতিয়ালৈকে কভিডৰ শেহতীয়া ঢৌত আক্ৰান্ত হোৱা নাই যদিও দেশৰ জনসাধাৰণক চৰকাৰে সতৰ্ক কৰি দিছে৷ ৰাজহুৱা স্থানত য'ত মানুহৰ সমাগম বেছি তাত মাস্ক পিন্ধিবলৈ ছুপাৰিছ দিছে৷
আমাৰ ইয়াত এই পৰ্যন্ত কভিডৰ সংক্ৰমন প্ৰত্যক্ষ হোৱা নাই যদিও বিমানযোগে বিদেশৰ পৰা অহা যিকোনো মানুহক NTPCR টেষ্ট কৰাৰ কাড়া নিৰ্দ্দেশ দেশৰ চৰকাৰে জাৰি কৰিছে৷ বৰ্তমানৰ এনে জটিল পৰিস্থিতিত পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ জীৱনৰ লক্ষ্য আৰু জীয়াই থকাৰ মূলমন্ত্ৰ হোৱা উচিত৷ মুখত মাক্স পিন্ধাৰ অভ্যাস এৰিব নালাগে৷ অদেখা, অৰ্থাৎ অদৃশ্য শত্ৰু৷ কোনেও ক'ব নোৱাৰে ক'ত, কেতিয়া কি হৈ যায়৷ সেয়ে সময়ে সময়ে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি প্ৰতিৰোধীমূলক কামবোৰ অব্যাহত ৰাখিব লাগিব৷ তেনেকৈ সামাজিক দূৰত্ব সদায়ে বজাই ৰাখিব লাগিব৷
আহা, আমি অকপটে যি যেনেকৈ পাৰোঁ কৰ্ম কৰি যাওঁ আৰু তেনেকৈ সমাজ সেৱা কৰি যাওঁ৷ আমাৰ কামবোৰ নৱপ্ৰজন্মৰ বাবে আদৰ্শ আৰু পাথেয় হওক৷ সকলোৱে মনত ৰাখিব লাগিব, Service to man is service to God. সকলোৰে মঙ্গল হওক, সকলোৱে সুখত থাকক৷ অনাগত দিনবোৰ আনন্দময় হওক৷ সকলোটিলৈ নতুন বছৰৰ শুভেচ্ছা—Happy New Year!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment