গ্ৰন্থ আলোচনা
যেতিয়া গ্ৰন্থ এখনৰ শিৰোনাম আৰু বেটুপাতৰ ব্যতিক্ৰম চকুত পৰে তেতিয়া সেই গ্ৰন্থখনে নিশ্চয় সকলো পাঠকৰে দৃষ্টি আৰ্কষণ কৰে আৰু যেতিয়া পাতনি বা আগকথা , মনৰ কথাবোৰ কবিতা কবিতা লাগে তেতিয়া বাওঁহাতত থকা গ্ৰন্থখনিৰ সোঁহাতৰ তৰ্জনীৰ আঙুলিটোৱে খপ্জপাই উঠে পাছৰ পৃষ্ঠাবোৰ লুটিয়াবলৈ ।
কবিৰ মতে , জীৱনটো হ'ল এক মায়াৰ ৰসায়ন , ই অবচেতন মনৰ পৰা চেতন মনলৈ বিক্ৰিয়াৰ প্ৰতিফলন ঘটে । তাৰে প্ৰমাণ কবিৰ নব্য কাব্য
গ্ৰন্থঃ---কেমিকেল ৰিয়েক্চন
কবিঃ--- চিন্তু সমীৰ বৰগোহাঁই
প্ৰকাশকঃ---শংকৰদেৱ প্ৰকাশন , নগাওঁ , অসম :৭৮২১২৪
বেটুপাতঃ--- নীলাভ সৌৰভ
আৰ্হি পাঠঃ--- ৰাজু দত্ত
ডি.টি.পি , অংগ সজ্জাঃ---ফাৰহান জাভেদ সহযোগঃ---ছা-বা-হাৰ্টি , ধন দাস , কল্যাণ মেধি ।
প্ৰথম প্ৰকাশঃ--- জুলাই , ২০২২
মূল্যঃ---১৪৯.০০ টকা
কালি নিশা ক'লৈ গৈ আছিলা
নিজান ক'ৰবাত
দেও লগা বতাহ এজাক মূৰ দাঙি
এটা বিষাক্ত সাপ হ'ব খুজিছিল ...।
----------------
----------------
অৰণ্য দিশেৰে অহা ঈগল এটাৰ
শোকসভা পাতি
কালি নিশা ক'লৈ গৈ আছিলা
ভটিয়াই বোবা আৰু অন্ধৰ মুখবোৰ...।
মই আৰম্ভণিতে কওঁ যে ,ওপৰত উল্লেখ কৰা " কালি নিশা ক'লৈ গৈ আছিলা " শীৰ্ষক কবিতাটিৰ এই ধৰণৰ কবিতাৰ পংক্তিবোৰে কবিতাৰ ছন্দ , উপমা , ৰূপক , চিত্ৰকল্প , শব্দৰ ব্যঞ্জনাৰে ইমান সুন্দৰ আৰু সাৱলীলভাবে কবিয়ে প্ৰকাশ কৰিছে যে কবিতাসমূহে নিশ্চয় পাঠকৰ মন জয় নকৰাকৈ নাথাকে।
" কেমিকেল ৰিয়েকচন " কবি চিন্তু সমীৰ বৰগোহাঁইৰ এখনি মননশীল কাব্যগ্ৰন্থ । কবিয়ে গ্ৰন্থখনিৰ আৰম্ভণিতে " কবিৰ মনৰ কথা " ত উল্লেখ কৰিছে যে ---
" কবিতা আৰু জীৱন মোৰ বাবে পৃথক নহয় , এটি আনটোৰ পৰিপূৰক "।
---- হয় , কবিতা হ'ল মানৱ জীৱনৰ একোখন দাপোণ । কবিতাৰ জৰিয়তে একো একোখন চিত্ৰৰ প্ৰকাশ পায় । এই দুদিনীয়া মানৱ জীৱনটোত নানান সমস্যাৰে ভৰপূৰ । এই সমস্যাসমূহৰ মাজতেই কবিয়ে মনৰ মাজত নিজাকৈ এখন সুখ-দুখৰ ভাবনাৰে এখন পৃথিৱী সৃষ্টি কৰি লয় । সেই মনৰ মাজত সৃষ্টি হোৱা চিন্তা-চেতনা , আবেগ-অনুভূতিসমূহক কবিয়ে নিজা অনুভৱে শব্দ আৰু ভাব-ভাষাৰ মাজেৰে একোটা নিজা বিশেষ শৈলীৰে মনৰ কথাবোৰ কবিতাৰ মাজেৰে ব্যক্ত কৰে আৰু তাৰে ফলস্বৰূপে ব্যক্তি আৰু সমাজৰ অন্যান্য দিশসমূহৰ ঘটনা-পৰিঘটনা বাস্তৱিক আৰু কাল্পনিক একোখন ছবি ফুটি উঠে । এই কথা পূৰ্বে জনমভূমিত প্ৰকাশিত "কেমিকেল ৰিয়েকচ্ন " এটি ব্যতিক্ৰমী কবিতাটিৰ শিৰোনামেৰে নামাকৰণ কৰা গ্ৰন্থখনিৰ কবিতাটিয়ে প্ৰমাণ কৰে ---
মগজুত কাউৰীৰ গণিত
উৱলি যোৱা মৃতদেহ পৰি থকা এটা নলা
আধৰুৱা ছবি এখন চাই
তালিবান পদুলিৰ মুখত ৰৈ আছিল তেজপিয়া ।
----------------
ছাইক'কিলাৰ এজনে বজাই বাঁহী
মৈথুন ৰাগ এটিত সাঁতুৰি-নাদুৰি
কিদৰে পাৰ হয় এই বাটৰ সাথৰ
কুমাৰী ছোৱালীৰ জুই ভেদ নুবুজা আজলী ।
----------------
কবিতা বুলিলে সৰ্ব সাধাৰণতে আমি হৃদয়ৰ অনুভৱ , আবেগ-অনভূতিক বুজোঁ । কিন্তু এই আৱেগ-অনুভূতিসমূহ বা কেৱল অনুভৱেই কবিতা নহয় । কবিতা সেইবোৰকহে কোৱা হয় ,যি আৱেগ-অনুভূতি নিয়ন্ত্ৰণত ৰাখি ভাষাৰ সৰলতা , ভাবৰ মুধৰতা , শব্দৰ ব্যৱহাৰ চমৎকাৰিতা আৰু কবিতাৰ ৰহস্যময়তাই যেতিয়া পাঠকৰ মনত এক আলোড়ণৰ সৃষ্টি কৰিব আৰু পাঠকক ভাবৰ আৰ্কষণে কবিতাৰ মাজত ডুবাই ৰাখি মানসিক পুষ্টি যোগাব পাৰে তেনেধৰণৰ কবিতাই হৈছে প্ৰকৃতাৰ্থত কবিতা । যিবোৰ কবিতা মেদহীন অথচ ৰসাল আৰু গভীৰ ভাবপূৰ্ণ , অৰ্থৱহ তেনে কবিতাই পাঠকৰ মন চুই যায়। ঠিক কবি চিন্তু সমীৰদেৱৰ " কেমিকেল ৰিয়েকচন" কাব্য গ্ৰন্থখনো ইয়াৰ ব্যতিক্ৰম নহয় । তাৰে কথা তেওঁ কবিতা পুথিখন পঢ়িলে বুজিব পৰা যায় । তাৰে দুটামান কবিতাৰ দুশাৰীমান দাঙি ধৰিলোঁ ---
মূলতে সকলো মানুহেই নাঙঠ
মূলতে সকলো মানুহেই নাঙঠ
ডাঙৰ মানুহ বুলি যিসকলে
অহংকাৰ পিয়াহ চুপি
বিচাৰি ফুৰে আইনাৰ আপেল
সেইসকল মানুহৰ জেপত অন্ধত্বৰ
শুকান তাবিজ ।
----------------------
পিং
পিং মাৰি ফুৰা মানুহবোৰ
অক্টোপাছ দুহাতত থাকে অদৃশ্য কীট
গেলাই গেলাই
সৰল পদূলিমুখৰ বকুল শুৱনি গান ।
------------------------
মানুহবোৰে বুকুত লৈ ফুৰে এখন মহাভাৰত
মানুহবোৰে বুকুত লৈ ফুৰে এখন মহাভাৰত
সঁচা আৰু মিছাৰ উগুল-থুগুলতাত সোমাই
পক্ষ বাছি লয় অজানিতে কৌৰৱ অথবা পাণ্ডৱৰ
শুকুনিৰূপী ভাগ্যই পাশা খেলে খেলে জীৱনৰ
সুকীয়াকৈ অলপ দুখে
বুকুত নিজস্ব এটা ঘৰ তৰি লয় কিমানৰ ?
-----------------------
বেশ্যা
সোনোৱালী চাদৰৰ আঁচল মেলি
যি ঠিকনাত তুমি জিলিকি থাকা
সেইদিশে
জীৱনৰ এশ এটা গল্প
বাটহীন পক্ষীৰ মাত ।
-------- এনে ধৰণৰ কবিতাৰ পংক্তিসমূহে প্ৰমাণ কৰে যে কবি চিন্তু সমীৰদেৱৰ কবিতাসমূহ অতি গভীৰ আৰু অৰ্থৱহ । তেখেতৰ কবিতাসমূহ অতি ৰঞ্জিত নহয় । তেখেতে পূৰ্বে বিভিন্ন আলোচনী , বাতৰি কাকতত প্ৰকাশিত হোৱা কবিতাসমূহ একত্ৰিত কৰি মুঠ চৌৰাল্লিশ (৪৪)টা কবিতা গ্ৰন্থ আকাৰে প্ৰকাশ কৰি সাহিত্যপ্ৰেমী পাঠক সমাজলৈ আগবঢ়াইছে ।
প্ৰিয় কবি গৰাকীৰ কবিতাসমূহ নিজস্ব চিন্তা-চেতনাৰে সমাজৰ বিভিন্ন দিশৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে খুউব সযতনে শব্দ , বাক্য , চিত্ৰকল্প , উপমা , ভাৱনা -কল্পনাৰে চালিজাৰি আবেগ নিয়ন্ত্ৰণত ৰাখি এক নিজস্ব কৌশলৰে নিদিষ্ট ঠাচত কবিতাসমূহ প্ৰকাশ কৰিছে । সেয়ে কবিতাসমূহ মননশীল আৰু উন্নত মানদণ্ডৰ । কবিগৰাকীৰ "কেমিকেল ৰিয়েকচ্নৰ " ৰ প্ৰতিটো কবিতাই পাঠকক ভাবনাত ডুবাই ৰাখিব পাৰে । কম শব্দৰে বহু কথাই কৈ যায় কবিতাসমূহে ।
কিবা এটা ভাল লাগিল কবিতাবোৰ । যিটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ । এই যে ,কিবা এটা ভাল লগা বুজাই ক'ব নোৱাৰা ,এইটোৱেই হৈছে আচলতে এক সুকীয়া মাদকতা । য'ত কবিৰ কলম সফল হয় । কবিৰ পূৰঠ চিন্তাধাৰাৰ নিপূৰ্ণ হাতৰ কাপেৰে নিগৰা এখনি শ্ৰেষ্ঠ কাব্য গ্ৰন্থ " কেমিকেল ৰিয়েকচ্ন " পঢ়ি অভিভূত হৈ সাধাৰণ পাঠক হিচাপে একলম লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ । আশা কৰোঁ সকলো সাহিত্যপ্ৰেমীয়ে গ্ৰন্থখন সংগ্ৰহ কৰি পঢ়ি চাব । মই এই কথাও ন দি ক'ব পাৰোঁ যে মোৰ দৰে আপোনালোকেও " কেমিকেল ৰিয়েকচন" কাব্য গ্ৰন্থখন পঢ়ি অভিভূত হৈ পৰিব । এই কথা মই বহলাই কৈছোঁ বুলি ভুলতো নাভাবিব । কাৰণ যি কবিতাই কথা নোকোৱাকৈ বহু কথাই কয় , যি কবিতা গীত নহ'লেও গীতৰ দৰে সুৰ তুলি প্ৰাণত জোৱাৰ তুলে আৰু মানসিক পুষ্টি যোগান ধৰিব পাৰে মোৰ বাবে তেনেবোৰ কবিতাই উত্তম কবিতা বুলি ভাবোঁ । মোৰ দৰে সাধাৰণ পাঠকৰ দৃষ্টিৰে কওঁ যে এইখন এখন প্ৰকৃত সুখপাঠ্য ।
শেষত , প্ৰিয় কবিজনাৰ ভৱিষ্যৎ উজ্বল কামনাৰে
সাধাৰণ পাঠক
ৰূপা গগৈ
জয়া নগৰ, গুৱাহাটী
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment