কিতাপঃ যুগ–যুগান্তৰৰ এজন বন্ধুৰ নাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

কিতাপঃ যুগ–যুগান্তৰৰ এজন বন্ধুৰ নাম


কিতাপঃ যুগ–যুগান্তৰৰ এজন বন্ধুৰ নাম


সুশান্ত দাস

গৌৰীসাগৰ, শিৱসাগৰ


গ্ৰন্থ অধ্যয়ন মানেই এজন ভাল বন্ধুৰ সঙ্গ পোৱা। এখন কিতাপে এখন নজনা ঠাই আৰু নোযোৱা ঠাইৰ সম্পৰ্কে বিশদ জ্ঞান প্ৰদান কৰে। আমি দূৰ দেশ বিদেশৰ ঠাই ফুৰা নাই বা ফুৰিবলৈ সততে সম্ভৱ হৈ নুঠে যাৰবাবে আমি বহু জ্ঞানৰ পৰা বঞ্চিত হ'ব লগা হয়। সেই আটাইবোৰ অভাৱ এখন গ্ৰন্থই পূৰণ কৰিব পাৰে। যেনেদৰে 'The Good Earth' নামৰ গ্ৰন্থখন আমি পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে, ঠিক তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ এখনে আমাক লৈ যায় সুদূৰ জাপান দেশলৈ । একেদৰে দেওলাংখুই পঢ়িলে আমি জানিব পাৰো আমাৰ অসম ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ ইতিহাসৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখনৰ সম্পৰ্কে জ্ঞান দিয়ে। নকৈ বিখ্যাত হোৱা ৰূপম দত্তৰ গ্ৰন্থ ' দ্যা লাইভ অফ এ ড্ৰাইভাৰ: কেবিনৰ সিপাৰে' নামৰ গ্ৰন্থখনৰ অধ্যয়নে আমাক ড্ৰাইভাৰ শ্ৰেণীটোৰ সম্পৰ্কে জ্ঞান দিয়াৰ উপৰিও মানুহৰ চৰিত্ৰৰ ভাল বেয়া দিশৰ সম্পৰ্কে বুজিবলৈ অৱকাশ দিয়ে। ই একেবাৰে সত্য যে কিতাপে মানুহক বহু ওপৰলৈ লৈ যোৱাত জখলা হিচাপে কাম কৰে। বৰ্তমান সময়ত বিদ্যালয়ত বা মহাবিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ দিশটো একেবাৰে অসন্তোষজনক । গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বিধৰ অৱস্থা । নগন্য সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাহিৰা কিতাপৰ প্ৰতি ৰাপ আছে যদিও পঢ়াত পৰিপক্কতা নাই। নহ'লেনো কিয় আজিৰ ছাত্ৰ ছাত্ৰীসকলক (সকলোকে কোৱা নাই) অসম সাহিত্য সভাৰ সম্পৰ্কে সুধিলে স্পষ্টকৈ উত্তৰ দিব নোৱাৰে ? কিবা এটা বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে তাৰ উত্তৰ সঠিকভাৱে দিবলৈ অপাৰগ হয়। হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে উত্তৰ দিব নোৱাৰিব। সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিষয়ে বা বাংলাদেশৰ বিষয়ে বা চীনৰ বিষয়ে সুধিলে উত্তৰ দিবলৈ অপাৰগ হ'ব। কুইজৰ প্ৰতিযোগিতাসমূহত আজিৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ টান পায়। ইয়াৰ মূলতে হ'ল গ্ৰন্থ অধ্যয়ন কৰা নাই, গতিকে যিকোনো বিষয়ত মগজুত জ্ঞানৰ সঞ্চয়ৰ ভঁৰাল উদং।  তেনে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ কুইজত অংশগ্ৰহণ কৰিব পাৰে। নিজৰ ৰাজ্যখনৰ বিষয়ে আমি কিমান জ্ঞাত ? বহু লোকে অসমৰ চোকে কোণে থকা বহু কথাই অৱগত নহয়। ইয়াৰ ঘাই কাৰণ হ'ল গ্ৰন্থ অধ্যয়নৰ অভাৱ। এখন সমাজৰ, এখন ঠাইৰ বিশদ বিৱৰণ লাভৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। সাম্প্ৰতিক সময়ত ভাৰত চৰকাৰে ভাৰতৰ প্ৰতি ৰাজ্যৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক, মহাবিদ্যালয় .. আদিত বিভিন্ন বিষয় সম্বলিত কিতাপ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ পৰ্যায়ত অসম চৰকাৰে প্ৰতি বিদ্যালয়তেই পুঁথিভৰালৰ ব্যৱস্থা কৰিছে। নানা বিষয়ৰ শিশু উপযোগী গ্ৰন্থ এই পুঁথিভৰাল সমূহত উপলব্ধ হৈছে। কেৱল আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবোৰ অধ্যয়ন কৰিবলৈ ইচ্ছুক হ'ব লাগে। পুথি অধ্যয়নৰ উপকাৰিতা মন কৰিবলগীয়া। মই আগৰ প্ৰবন্ধত এই বিষয়ে কিছু আভাস আপোনালোকক দিবলৈ প্ৰয়াস কৰিছিলো। ইয়াত বহলাই আলোচনা নকৰিলেও নিশ্চয় আপোনালোকে বিষয়টোৰ গুৰুত্বতাৰ সম্পৰ্কে বুজিবলৈ সক্ষম হ'ব। পুথি অধ্যয়নৰ জৰিয়তে হ'ব পৰা উপকাৰিতা --

১/ নানা তৰহৰ বিষয়বস্তুৰ জ্ঞান আহৰণত কিতাপে সহায় কৰে।

২/ গ্ৰন্থ অধ্যয়নৰ ফলত মানুহৰ শৰীৰত আৰু মনত সতেজতাৰ ভাৱ প্ৰকট হয়।

৩/ জ্ঞানৰ সঞ্চয়ৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়ন হ'ল মাইলৰ খুঁটি।

৪/ বিভিন্ন দেশ বিদেশৰ বৰ্ণনা ঘৰতে বহিয়েই লাভ কৰিব পাৰি।

৫/ নিদ্ৰাহীনতা আঁতৰোৱাৰ ক্ষেত্ৰত কিতাপ এক অন্যতম ঔষধ।

৬/ কিতাপ জ্ঞানৰ ভঁৰাল।

৭/ ধৈৰ্য্য , অধ্যৱসায়ৰ গুণ, মূল্যবোধৰ জ্ঞান, জীৱন যুঁজৰ সফলতাৰ মাৰ্গদৰ্শন আদি কিতাপৰ জৰিয়তে পাব পাৰি। 

যি গ্ৰন্থ অধ্যয়ন কৰিলে আমাৰ কামত আহে, ইস্পিত উদ্দেশ্য সাধিত হয় সেই গ্ৰন্থ আমি  পঢ়া উচিত। বিভিন্নজন লেখক লেখিকাই বিষয় অনুসৰি কিতাপ লিখি আমাক উপহাৰ হিচাপে আগবঢ়াইছে। অসমৰ লগতে দেশৰ পুঁথিভঁৰাল চহকী কৰি থৈ গৈছে । কেৱল প্ৰয়োজন অনুসৰি কিতাপখন বিচাৰি আনি আমি পঢ়িব লাগে। কিতাপ পঢ়াৰ কোনো ভাগ নাই। ভাগ কৰা উচিত নহয়। যি কিতাপ অধ্যয়ন কৰিলেও তুমি তাৰ পৰা এটা বিশেষ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'বাহঁক।  কিধৰণৰ পুথি অধ্যয়ন কৰিবা সেয়া পঢ়ুৱৈৰ ৰুচি-অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰে।  


১৯৯২ চনতে দশম শ্ৰেণীত পঢ়া ইংৰাজী বিষয়ৰ এটা পাঠ  - What is a Great Book ?  যিটো পঢ়ি বুজিছিলো যে মহান বা মহৎ গ্ৰন্থবোৰেই অধ্যয়নৰ যোগ্য। মহৎ গ্ৰন্থ হ'বলৈ হ'লে বিক্ৰীৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰতিপন্ন হ'ব লাগিব। জনপ্ৰিয়তা অৰ্জন কৰিব লাগিব। মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব লাগিব। তেনেধৰণৰ মহৎ গ্ৰন্থবোৰ আমি পঢ়া উচিত। ইয়ে আমাৰ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব পৰা যাব।

গ্ৰন্থ সংৰক্ষণ কৰা মানে হ'ল শত সহস্ৰ লোকৰ বাবে ভৱিষ্যতলৈ জ্ঞান সঞ্চিত কৰি ৰখা এক প্ৰক্ৰিয়া। বিভিন্ন ঘটনা , পৰিঘটনা সম্বলিত একোখন কিতাপ সংৰক্ষণ কৰি ৰাখিলে আগন্তুক দিনবোৰত ই ইতিহাসৰ দলিল হিচাপে পৰিগণিত হয়। ছপা আৰু পকাবন্ধা কিতাপৰ স্থায়ীত্ব বেছি। সেয়ে সংৰক্ষিত গ্ৰন্থবোৰে ভৱিষ্যতৰ দিনবোৰত এটা পৌৰাণিক দিনৰ বা যুগৰ ঘটনাপ্ৰৱাহ হিচাপে সাক্ষী হৈ ৰয়। আনহাতে একোখন কিতাপ মানেই হ'ল জ্ঞানৰ ভঁৰাল। এই জ্ঞানৰ ভঁৰাল সদৃশ গ্ৰন্থ মানুহৰ বাবে আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। সেয়ে আমি কিতাপ বা গ্ৰন্থ সংৰক্ষণ কৰা উচিত। 

     ছাত্ৰ অৱস্থাত প্ৰত্যেক ব্যক্তিয়ে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত পুথি বা কিতাপসমূহ পঢ়িবলগীয়া হয়। ই একপ্ৰকাৰৰ বাধ্যবাধকতা। কিন্তু কেৱল পাঠ্যপুথিয়েই শিক্ষাৰ্থী এগৰাকীক জ্ঞানবান কৰি তুলিব নোৱাৰে। নিজৰ কল্পনাশক্তিৰ বিকাশৰ বাবে, নিজৰ সৃজনশীল প্ৰতিভাক সাৰ-পানী যোগান ধৰাৰ মাধ্যম হিচাপে, নতুন নতুন চিন্তা-ভাৱনা বা জ্ঞান-প্ৰজ্ঞাৰ স’তে পৰিচিতি লাভৰ বাবে মানুহে পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়ে। এনে পঢ়নক আমি সাধাৰণভাৱে ‘বাহিৰা কিতাপ’ পঢ়া বুলি কওঁ। শিশুৱে প্ৰথম বাহিৰা কিতাপ পঢ়োতে আনন্দ লাভৰ বাবেই পঢ়ে। কিন্তু ক’ব নোৱাৰাকৈয়ে এনে পঠনে শিশুক জ্ঞানবান কৰিয়ো তোলে। ঈছপৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু আদিৰ দৰে গ্ৰন্থসমূহে মনোৰঞ্জন আৰু জ্ঞান দান দুয়োটা কামেই কৰে। মানুহে নিজৰ আজৰি সময় কটাবৰ বাবে একো একোটা কৰ্মক হবি বা চখ হিচাপে লয়। বহুতৰ বাবে বাহিৰা কিতাপ পঢ়াটোও এটা চখ। কিন্তু কিতাপ পঢ়া বা গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত ‘চখ’ অভিধাৰ প্ৰয়োগ সঠিক বুলি ক’ব নোৱাৰি। বৰঞ্চ গ্ৰন্থ অধ্যয়নক এক দায়িত্ব বা অতি আৱশ্যকীয় কৰ্তব্য হিচাপেহে বিবেচনা কৰা উচিত। 

কিতাপ হ’ল অশিক্ষাৰ বিৰুদ্ধে, অজ্ঞানতাৰ বিৰুদ্ধে, অসহিষ্ণুতাৰ বিৰুদ্ধে, কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামৰ অস্ত্ৰ। যদিও জীৱন কেৱল কিতাপকেন্দ্ৰিক হ’ব নোৱাৰে, তথাপি জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ, জীৱনৰ অভিজ্ঞতাৰ তাৎপৰ্য উন্মোচন কৰিবলৈ কিতাপৰ বিকল্প নাই, কাৰণ কিতাপে ব্যক্তিৰ মাজেৰে সমষ্টিৰ অভিজ্ঞতাকে প্ৰতিফলিত কৰে। এখন কিতাপ এজন মাত্ৰ লেখকৰ ৰচনা হ’লেও লেখকজনো যিহেতু এখন সমাজৰে এগৰাকী সদস্য, সেয়েহে সামাজিক জীৱনৰ বিভিন্ন পৰিঘটনাৰ সম্ভেদ কিতাপখনে পাঠকক দিয়ে। এনেদৰেই গ্ৰন্থ পাঠ কৰি পাঠক এগৰাকী সমৃদ্ধ হ’ব পাৰে। অৱশ্যে সকলো কিতাপেই যে নিজৰ এনে বিশিষ্টতা ৰক্ষা কৰে সেয়া নহয়। সেয়েহে পাঠকে গ্ৰন্থ এখন পঢ়িবলৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিছুমান নিজে নিৰ্ধাৰণ কৰি লোৱা সূচকৰ সহায় ল’ব পাৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ পঢ়া ৰুচিৰো পৰিবৰ্তন হয়। উদাহৰণস্বৰূপে আজিৰ পৰা পঞ্চাশ বছৰ আগতে তেনেধৰণৰ গ্ৰন্থই তেতিয়াৰ পাঠকক আকৰ্ষণ কৰিছিল, আজিৰ পাঠকক তেনেধৰণৰ গ্ৰন্থই সেই একেধৰণৰ আকৰ্ষণ নকৰিবও পাৰে। সময়ৰ পৰীক্ষাৰ উত্তীৰ্ণ হৈ কালজয়ী হিচাপে চিহ্নিত হোৱা গ্ৰন্থৰ বাহিৰে সাধাৰণ গল্প, উপন্যাস, কবিতা বা অইন কিছুমান গ্ৰন্থৰ ক্ষেত্ৰত এই কথাটো খাটে। তদুপৰি পাঠক এগৰাকীৰো বয়সৰ পৰিবৰ্তনৰ লগে লগে পাঠাভ্যাস সলনি হয়। ডেকা কালত যিগৰাকী পাঠকে গল্প-উপন্যাস পঢ়ি ভাল পাইছিল, প্ৰৌঢ়ত্বৰ দুৱাৰ-ডলি পাৰ হোৱাৰ পাছত সেই একেগৰাকী পাঠকৰেই প্ৰিয় হৈ পৰে প্ৰবন্ধ বা চিন্তামূলক ৰচনাৰ গ্ৰন্থ। বিজ্ঞানৰ গ্ৰন্থৰে অধ্যয়ন-যাত্ৰা আৰম্ভ কৰা পাঠকগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত আদৰি লয় ইতিহাস বা দাৰ্শনিক ভাবনাৰ গ্ৰন্থক। গ্ৰন্থ অধ্যয়ন মানুহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে যুগে যুগে পৰিলক্ষিত হৈ আহিছে। এলবাৰ্ট’ মেনগুৱেল নামৰ গ্ৰন্থপ্ৰেমিক লেখকগৰাকীয়ে তেওঁৰ বিখ্যাত A History of Reading নামৰ গ্ৰন্থখনত মানুহৰ পঠন অভ্যাসৰ এক পুংখানুপুংখ ইতিহাস আকৰ্ষণীয় আৰু সচিত্ৰ ৰূপত দাঙি ধৰিছে। এইখিনিতে এলবাৰ্ট’ মেনগুৱেলৰ বিষয়ে অলপ কৈ থ’ব পাৰি। মেনগুৱেল হ’ল এগৰাকী কানাডিয়ান লেখক। তেখেত একেধাৰে এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক আৰু সমালোচক। পিছে তেখেতে নিজৰ পৰিচয় দিব বিচাৰে এগৰাকী পাঠক হিচাপেহে। তেখেতৰ উল্লেখযোগ্য অইন গ্ৰন্থসমূহৰ ভিতৰত আছে Curiosity, A Reading Diary, Stevension Under The Palm Tree, The Library at Night, With Borges আদি গ্ৰন্থ। তেখেতৰ গ্ৰন্থসমূহৰ বিষয় প্ৰধানকৈ হ’ল গ্ৰন্থ। বৰ্তমানে তেখেতে কানাডাৰ উপৰিও ফ্ৰান্সৰ এখন সৰু গাঁৱত সলনা সলনিকৈ বাস কৰে। তেখেতৰ সংগী হ’ল ত্ৰিছ হাজাৰৰো ওপৰ কিতাপ। গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব আৰু তাৎপৰ্য উন্মোচনৰ ক্ষেত্ৰত এলৱাৰ্ট’ মেনগুৱেলে এক আন্তৰ্জাতিক দায়িত্ব পালন কৰিছে বুলি ক’ব পাৰি। মেনগুৱেলৰ A History of Reading আৰু Curiosity নামৰ গ্ৰন্থ দুখনে ইতিমধ্যেই ক্লাছিকৰ মৰ্যাদা লাভ কৰিছে। A History of Reading ত তেখেতে লিখিছে—


শিলাখণ্ড, মাটি বা তামৰ ফলি, কাঠৰ ফলি, গছৰ বাকলি (যেনে— সাঁচিপাত) আদিতেই প্ৰথমতে লিখন কাৰ্য চলিছিল। এয়া আছিল অতি সীমিত পৰিসৰত। গুটেনবাৰ্গে ছপা যন্ত্ৰ আৱিষ্কাৰ কৰাৰ পাছত সকলো সলনি হ’ল। গ্ৰন্থ পাঠকৰ বাবে সহজলভ্য হৈ পৰিল। মধ্যযুগৰ আগলৈকে লিখক সকলে ভাবিছিল যে তেওঁলোকৰ গ্ৰন্থ চকুৰে চোৱাতকৈ পাঠক সকলে শুনক। কাৰণ খুব সংখ্যক মানুহেহে পঢ়িবলৈ জানিছিল। পঢ়িবলৈ জনা সকলে কেবাজনো মানুহৰ সন্মুখত ডাঙৰ ডাঙৰকৈ এনে গ্ৰন্থ পাঠ কৰিছিল যাতে সকলোৱে ভালদৰে শুনিব পাৰে। পাঠ কৰা জনে এনেদৰে পঢ়িছিল যে সেয়া তেওঁৰ নিজৰ ৰচনাহে। শ্ৰোতাই সেই পাঠ শুনি যদি মন্তব্য কৰে যে পাঠটো শুনি ভাল লগা নাই, তেতিয়া তাৰ অৰ্থটো প্ৰকৃততে হৈছিল লেখাখিনি ভাল হোৱা নাই। এইবোৰ লেখা হৈছিল নুৰিয়াই থোৱা পাতত। এয়া এক ধৰণৰ কাগজেই আছিল। কাগজৰ নুৰাবোৰত আখৰবোৰৰ ওপৰে চকু ফুৰোৱাৰ দিশটো অঞ্চল আৰু গুণ ভেদে বেলেগ বেলেগ আছিল।


মেনগুৱেলে আৰু লিখিছে—

পছিমৰ দেশবোৰত এতিয়া লিখিত পাঠ শাৰীবোৰৰ বাওঁফালৰপৰা সোঁফাললৈ আৰু ক্ৰমে ওপৰৰপৰা তললৈ পঢ়ি যোৱা হয়। এই নিয়মটোৱেই বিশ্বজনীন। পিছে হিব্ৰু আৰবী পঢ়া হয় সোঁফালৰপৰা বাওঁফাললৈ, চীনা আৰু জাপানী ভাষা পঢ়া হয় ওপৰৰ পৰা তললৈ স্তম্ভ হিচাপে, মায়ান লিপি পঢ়া হয় যুগ্ম স্তম্ভ হিচাপে ওপৰৰ পৰা তললৈ। আনহাতে প্ৰাচীন গ্ৰীক পাঠ পঢ়িব লাগে শাৰীবোৰ সলনা-সলনিহৈ, অৰ্থাৎ পাছুৱাই আৰু আগুৱাই। এই পদ্ধতিটোক কোৱা হয় Boustrophedor, যেনেদৰে গৰুৱে পথাৰত হাল টানে ঠিক তেনে দিশত। পুৰণি কালৰ লেখাবোৰত য’তি-চিহ্নৰ ব্যৱহাৰ বিশেষ নাছিল, এনেবোৰ ব্যৱহাৰ আধুনিক যুগতহে সণ্ঢালনিকৈ হোৱা দেখা যায়।


প্ৰাচীন যুগৰ পৰা আধুনিক যুগলৈকে মানুহৰ পঢ়াৰ ইতিহাস সভ্যতাৰ ইতিহাসৰ সমানেই পুৰণি। নিজকে জানিবলৈ, সময় আৰু সভ্যতাক জানিবলৈ আৰু বুজিবলৈ গ্ৰন্থ অধ্যয়নৰ কোনো বিকল্প আমাৰ সন্মুখত নাই। গ্ৰন্থই আমাক অনুসন্ধিৎসু কৰে আৰু আমাৰ সকলো অনুসন্ধিৎসাৰ উত্তৰো আমি গ্ৰন্থৰ পৰাই পাওঁ। গ্ৰন্থক সভ্যতাৰ ধাৰক আৰু বাহক বুলি ক’ব পাৰি। পিছে আজিকালি প্ৰায়েই শুনিবলৈ পোৱা এটা অভিযোগ হ’ল— মানুহৰ পঢ়াৰ অভ্যাস কমিছে। হ’ব পাৰে। পিছে পঢ়াৰ এনে অনভ্যাসে ক্ষতিসাধন অকল সংশ্লিষ্ট ব্যক্তিৰেই নকৰে, ই সমাজকো সামৰি লয়। ছাত্ৰ-ছাত্ৰীসকলৰো বহুতেই এতিয়া কিতাপতকৈ স্মাৰ্টফোনটোৰ প্ৰতি অধিক আগ্ৰহী হোৱা বুলি অভিভাৱকসকলে অভিযোগ কৰে। কিন্তু ইয়াৰ বাবে অকল ছাত্ৰ-ছাত্ৰীসকলকেই দোষাৰোপ কৰিব নোৱাৰি। কাৰণ তেওঁলোকক পঢ়াৰ প্ৰতি, কিতাপৰ প্ৰতি আগ্ৰহী কৰাৰ প্ৰধান দায়িত্ব ঘৰখনৰেই। ঘৰৰ জ্যেষ্ঠজনে যদি কনিষ্ঠজনৰ সন্মুখত কিতাপ পঢ়াৰ আদৰ্শ দেখুৱাব নোৱাৰে, ঘৰখনত যদি কিতাপৰ আলমাৰী বা ৰেক এখনো নাথাকে, তেন্তে কোমল বয়সীয়া ছাত্ৰ বা ছাত্ৰী এগৰাকী কিতাপৰ প্ৰতি হ’ব কেনেকৈ? মাক-দেউতাকে টিভিৰ ৰিম’ট বা স্মাৰ্টফোন হাতত লৈ সন্তানক পঢ় পঢ়কৈ থাকিলে সেয়া সন্তানক সঠিক আদৰ্শ দেখুওৱা হ’ব জানোঁ? “মা, মোক অলপ চাওমিন বনাই দিয়াচোন”— এনেকৈ আব্দাৰ ধৰা ল’ৰাটোক বা ছোৱালীজনীক জানো কোনোবা মাতৃয়ে এনেদৰে কোৱা শুনো— “অলপ ৰ’বা দেই, মই কিতাপখনৰ এই অধ্যায়টো শেষ কৰি লওঁ।”


কিতাপৰ দাম এতিয়া কিছু বাঢ়িলেও আমি ব্যৱহাৰ কৰা বহুতো সামগ্ৰীতকৈ এতিয়াও কিতাপৰ দাম কম। সেয়েহে ঘৰুৱা বাজেটত কিতাপৰ বাবেও অলপ ধন ধাৰ্য কৰিলে সেয়া কব নোৱাৰাকৈয়ে ভৱিষ্যতৰ বাবে এক মূল্যবান বিনিয়োগ হিচাপে পৰিগণিত হব। পিছে প্ৰযুক্তিৰ বিপ্লৱে এতিয়া আমাৰ গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় ধাৰণাটোকে সলাই পেলাব খুজিছে। বিশেষকৈ স্মাৰ্টফোনৰ বহুল ব্যৱহাৰে একাংশৰ বাবে কিতাপৰ প্ৰয়োজনীয়তা কমাই পেলাইছে। তেনেদৰে ই-বুকৰ আৱিৰ্ভাৱেও ছপা কিতাপৰ প্ৰতি সংকট কঢ়িয়াই আনিছে। পিছে এনেবোৰ কাৰকে ছপা কিতাপক বিপদাপন্ন কৰাৰ সম্ভাৱনা নাই। কেমেৰা আৰু কম্পিউটাৰে যেনেদৰে চিত্ৰকলাক বিপদাপন্ন কৰিব পৰা নাই, টেলিভিছনে যেনেদৰে ছিনেমাক সংকটত পেলাব পৰা নাই তেনেদৰে ইলেক্ট্ৰনিক মাধ্যমেও গ্ৰন্থক পৰিহাৰ্য কৰিব নোৱাৰে। হয়তো ই ছপা কিতাপৰ সন্মুখত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে; কিন্তু কিতাপে ইতিমধ্যেই এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে। পুথি অধ্যয়নৰ জৰিয়তে দূৰৰ মানিক হাততে পোৱা যায় | আমাৰ পৰা চুৰ কৰিব নোৱাৰা কথা খিনিয়েই হৈছে জ্ঞান | লব্ধ জ্ঞান আমাৰ পৰা কোনেও চোৰ কৰি নিব নোৱাৰে | পুথি অধ্যয়নে আমাৰ জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰে | পুথি অথবা কিতাপ আমাৰ শ্ৰেষ্ঠ বন্ধু | সাম্প্ৰতিক সময়ত দেখা গৈছে যে ছাত্ৰ/ছাত্ৰী সকলৰ মাজত অধ্যয়ন স্পৃহা নোহোৱা হৈ গৈছে | আজিৰ তাৰিখত বিভিন্ন ইলেকট্ৰনিক মিডিয়াৰ দ্বাৰা সমগ্ৰ পৃথিৱীখনেই এখন গাঁৱত পৰিনত হৈছে যদিও গ্ৰন্থ অধ্যয়নৰ পিপাসা ই পুৰণ কৰিব পৰা নায় | তাৰবাবে চৰকাৰে ছাত্ৰ/ছাত্ৰীৰ মাজত অধ্যয়ন অভ্যাস গঢ়ি তোলাৰ বাবে সমগ্ৰ শিক্ষাৰ জৰিয়তে পঢ়ে ভাৰত বাঢ়ে ভাৰত আচনিৰ জৰিয়তে অনুদান প্ৰদান কৰি বিভিন্ন প্ৰকাৰৰ শিশু উপযোগী কিতাপ বিগ্যালয়ৰ পুথিভৰালৰ জৰিয়তে প্ৰদান কৰিছে | প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকলৈ সকলো ছাত্ৰ/ছাত্ৰীৰে অধ্যয়ন প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ অবিৰত অভ্যাস , বিকাশ আৰু পৰিমাৰ্জনৰ প্ৰয়োজন , যাৰ কাৰণে আমাৰ পুথিভড়াল সমূহত অতিৰক্ত কিতাপ ,দৈনিক সংবাদপত্ৰ আলোচনী আৰু অন্যান্য অধ্যয়ন সামগ্ৰীৰে সময়োপযোগী কৰি ৰাখিব লাগিব । কিতাপ, সাধাৰণতে কিতাপ বা পুথি বুলি কলে আমি চাৰিকোণীয়া পকাবন্ধা আকাৰৰ এটা বস্তু মনলৈ আহে | কিন্তু কিতাপ হৈছে এক মাধ্যম য'ত তথ্য বা চিত্ৰ আদি লিপিবদ্ধ কৰি ৰখা হয় | সাধাৰণতে কিতাপ ভিন্ন পৰিমাণৰ পৃষ্ঠা সম্বলিত | কিছু কিতাপ ডাঙৰ আকাৰৰ, কিছু মধ্যম আৰু কিছু সৰু আকাৰৰ | লিপি ব্যৱহাৰৰ যেতিয়াই উদ্ভাৱন হ'ল তেতিয়াই প্ৰাচীন যুগত মানুহে বিভিন্ন পদ্ধতিৰে লিখি ৰখাৰ ব্যৱস্থা কৰিছিল | প্ৰথমে মানুহে শিলত, জন্তুৰ চালত গছৰ চাল প্ৰশস্তি পত্ৰ আদিত লিখি ৰখাৰ ব্যৱস্থা কৰিছিল|


     মধ্যপ্ৰাচীন যুগত মানুহে বিশেষকৈ ইজিপ্তীয়ান সভ্যতাৰ সময়ত পেপিৰাছ নামৰ গছৰ চালেৰে পেপিৰাছ  কাগজ প্ৰস্তুত কৰি বিভিন্ন তথ্য বা চিত্ৰ অংকিত কৰি কিতাপ প্ৰস্তুত কৰিছিল|সেইদৰে প্ৰাচীন বিভিন্ন সভ্যতাসমূহত বিভিন্ন প্ৰকাৰে তেওঁলোকৰ তথ্যসমূহ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা আছিল৷ অৱশ্যে আমাৰ আলোচ্য বিষয় কিতাপ কেতিয়া ক'ত কিয় কেনেকৈ আবিস্কাৰ হৈছিল সেইটো নহয়, আমাৰ আলোচ্য বিষয় হৈছে আমি কিয় কিতাপ পঢ়িব লাগে |

       আমি মানি লোৱা ভাল যে আমাৰ মানসিক ক্ষুধাখিনি পুৰণ কৰিবলৈ কিতাপতকৈ উপযুক্ত একো নাই |নিজৰ মানসিক জগতখন জানিবলৈ কিতাপ পঢ়াৰ বাদে আন সহজ উপায় নাই | আনহাতেও কিতাপেই হৈছে একমাত্ৰ বিশ্বস্ত বন্ধু বা মিত্ৰ যি আমাক কেতিয়াও বিপদত নেপেলায়| আমি নিজৰ মানসিক ক্ষুধাখিনি নিবাৰণ কৰাৰ উপৰিও কিতাপে আমাক জ্ঞান অৰ্জনত সহায় কৰে |কাৰণ কিতাপ হৈছে সঞ্চিত জ্ঞানৰ ভঁৰাল| কিতাপত বহুতো গুণী-জ্ঞানী লোকৰ বা মহৎ ব্যক্তিৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক লিপিবদ্ধ কৰি ৰখা হয় | সেয়েহে সত্যনাথ বৰাদেৱে কৈ গৈছে যে কিতাপ অধ্যয়নৰ জৰিয়তে দূৰৈৰ মানিক হাততে পোৱা যায় |

    

   বিভিন্ন ৰুচিবোধৰ পুথি বা কিতাপ বৰ্তমান উপলব্ধ হয়| বিভিন্ন ৰুচিবোধৰ পুথিৰ কথা ক'বলৈ গলে আমি মনোৰঞ্জনধৰ্মী কিতাপ, ইতিহাসধৰ্মী, বিজ্ঞানধৰ্মী, ভ্ৰমনভিত্তিক, কৃষ্টি-সংস্কৃতি তথা ধৰ্ম বিষয়ৰ কিতাপৰ কথা মনলৈ আহে |বৰ্তমান বিজ্ঞানৰ জয়যাত্ৰাৰ যুগত পুথি বা কিতাপ প্ৰকাশৰ    সহজলভ্যতাই আমাক ন ন সমলযুক্ত কিতাপৰ যোগান ধৰাত কোনো কাৰ্পণ্যতা কৰা নাই | বিভিন্ন ন ন ৰুচিবোধৰ কিতাপৰ সমাজত পয়োভৰ ঘটিছে | মনোৰঞ্জনধৰ্মী সাহিত্যৰ কথা ক'বলৈ গলে সাধুকথা,গল্প, উপন্যাস, হাস্য-ৰস থকা পুথিৰ বিষয়ে ক'ব লাগিব| লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ "বুঢ়ী আইৰ সাধু", "টেটোন তামুলী" কাঞ্চন বৰুৱাদেৱৰ "অসীমত যাৰ হেৰাল সীমা" উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ "মিৰিজীয়ৰী" আদি সাহিত্যৰ কথা উল্লেখ কৰিব পাৰি | তাৰোপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লেখকৰ দ্বাৰা ৰচিত কিছুমান সাহিত্যও ঠাই নোপোৱা নহয় | যেনে উদাহৰণ হিচাপে মিচিং সমাজক আলম লৈ ৰচনা কৰা অনিল পাংগিংৰ দেৱৰ উপন্যাস "ক:য়াদ" য়েচে দৰজে ঠংচি দ্বাৰা ৰচিত "মৌন ওঁঠ মুখৰ হৃদয়" পাহাৰীয়া জনজীৱনক লৈ ৰচনা কৰা উপন্যাসৰ বিষয়ে উল্লেখ কৰিব পাৰি | য়েচে দৰজে ঠংচি এই উপন্যাসখনে সাহিত্য অকাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে | এনেবোৰ পুথি বা কিতাপৰ পৰা আমি নিদিষ্ট জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি,ৰীতি-নীতি আৰু সমাজব্যৱস্থাৰ বিষয়ে আভাস পাব পাৰি |


     মনোৰঞ্জনধৰ্মী পুথি উপৰিও আমি ইতিহাস বিষয়ৰ পুথিৰ কথাও আলোচনা কৰিব লাগিব | ইতিহাস বুলিলে আমি নিশ্চয়কৈ অতীতৰ ৰজা-মহাৰজাসকলৰ শাসন তথা যুদ্ধৰ কথাই মনলৈ আহে | কিন্তু ইতিহাস বুলিলে সেইয়া নহয় | বহল অৰ্থত কবলৈ গলে ইতিহাস হ'ল অতীতত যিবোৰ ঘটনা সংঘটিত হৈছে, যি ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় কাম-কাজেৰে সংঘটিত হৈছে সেইয়াই ইতিহাস | ইতিহাস বিষয়ৰ পুথিৰ বিষয়ে আমি প্ৰথমেই উল্লেখ কৰিব লাগিব কৌটিল্য বা বিষ্ণুগুপ্তৰ "অৰ্থশাস্ত্ৰ" কথা| যাক আমি চাণক্য নামেৰেও জনাজাত | এই অৰ্থশাস্ত্ৰ পুথিখনতে চাণক্যই দেশ শাসনৰ বিভিন্ন তথ্য লিপিবদ্ধ কৰি থৈ গৈছে যি কিছুমান তথ্য বা নীতি বৰ্তমান ৰ যুগতো প্ৰাসংগিক হৈ আছে | তাৰোপৰি আমাৰ নিজৰ জাতিৰ ইতিহাস পুথিৰ কথা উল্লেখ কৰিবলৈ গলে 1932 চনত অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত "দেও দাই অসম বুৰঞ্জী " বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা প্ৰকাশিত "অসম বুৰঞ্জী " আদি পুথিৰ নাম লব লাগিব | "শদিয়াৰ পৰা ধুবুৰীলৈ" প্ৰদীপ শৰ্মা দেৱৰ দ্বাৰা ৰচিত কিতাপখনৰ কথাও উল্লেখ কৰিব পাৰি| কিতাপখন বিস্তৃতভাৱে অধ্যয়ন কৰিলে আমি অসমৰ বিভিন্ন চুক-কোণে সিঁচৰতি হৈ থকা ঐতিহাসিক মঠ-মন্দিৰ তথা স্থানসমূহৰ বিষয়ে জানিব পাৰোঁ | সেইদৰে ধৰ্ম বিষয়ক পুথি  ব্যাসদেৱৰ মহাভাৰত, বাল্মিকীৰ ৰামায়ন, কথা-মহাভাৰত, পুৰাণশাস্ত্ৰ, শ্ৰীকৃষ্ণৰ গীতা, শংকৰদেৱৰ কীৰ্তনপুথি আদি পুথিৰ কথা উল্লেখ কৰিব পাৰি | এনেবোৰ পুথিৰ অধ্যয়নে আমাক নিজৰ ধৰ্মৰ বিষয়ে জনাত সহায় কৰে | তাৰোপৰি বিভিন্ন ধৰ্মৰ ধৰ্মীয় কিতাপ পোৱা যায় | যিবোৰে আমাক সমাজত চলিবলৈ সহায়ক কৰি তোলে|

   উপৰোক্ত ৰুচিৰ কিতাপৰ বাহিৰেও আমি প্ৰবন্ধ, ৰচনা, জীৱনীমূলক কিতাপ আদিৰ কথাও আলোচনা কৰিব লাগিব | এনেবোৰ কিতাপৰ অধ্যয়নে আমাক কোনো এটা বিষয়ৰ পূৰ্ণ আভাস দিয়ে| কিছুমান প্ৰবন্ধই আমাক বাহ্যিক আৰু আভ্যন্তৰীণ জীৱনৰ বিষয়ে জনাত সহায় কৰে |হোমেন বৰগোহাঞি দেৱৰ প্ৰবন্ধ ৰচনা যেনে "মানুহ হোৱাৰ গৌৰৱ" "প্ৰজ্ঞাৰ সাধনা" আদি পুথিয়ে  আমাক আধ্যাত্মিক জীৱনৰ বিষয়ে জনাত সহায় কৰে | জীৱনীমূলক গ্ৰন্থই আমাক আটাইতকৈ প্ৰভাৱিত কৰে | মহৎ লোকৰ নীতি-আদৰ্শ হাজাৰ জনক অনুপ্ৰাণিত কৰে উৎসাহ যোগায় | আত্মজীৱনী গ্ৰন্থসমূহত এনে মহৎ লোকৰ জীৱন কাহিনীয়ে বৰ্ণনা কৰা হয়| উদাহৰণ স্বৰূপে আব্দুল কালাম দেৱৰ আত্মজীৱনী "Wings of fire "নামৰ পুথিখনৰ কথা উল্লেখ কৰিব পাৰি |


   পুথি অধ্যয়নে যে আমাক প্ৰতি নিয়ত কেনেদৰে সহায় কৰে সেয়া সকলো শিক্ষিত লোকেই মৰ্মে মৰ্মে উপলব্ধি কৰে | পুথি অধ্যয়নৰ ফলত ব্যক্তি এজনৰ মানসিক উৎকৰ্ষ সাধন ঘটে| এনে উৎকৰ্ষ সাধনে ব্যক্তিজনক ন-ন সৃষ্টিৰ উন্মেষ ঘটায়|মানসিক উৎকৰ্ষৰ বিকাশে আমাক সৃষ্টিৰাজিতে সীমাবদ্ধ কৰি নাৰাখে আমাক জীৱনটো সুচাৰুৰূপে চলায় নিবলৈ লগতে সামাজিক কৰ্মত নিয়োজিত হ'বলৈ শক্তি প্ৰদান কৰে |আমি পুথি অধ্যয়ন কৰি জ্ঞান লাভতে সীমাবদ্ধ থাকিব নালাগে | নিজেও অধ্যয়নগত জ্ঞানৰ উপৰিও সামাজিকভাৱে জীৱনত লাভা  অভিজ্ঞতাক পুথি আকাৰত প্ৰকাশ কৰি আন হাজাৰ জনক জ্ঞান লভাত সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে | 

   অৱশ্যে অতি দুখৰ বিষয় যে বৰ্তমান সময়ত মানুহে কিতাপ পঢ়াৰ অভ্যাস এৰিবলৈ ধৰিছে| বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ শ্ৰেণীৰ পাঠ্যক্ৰমৰ বাহিৰে অন্য কিতাপ পঢ়াৰ ধাউতি কমি গৈছে| কমি গৈছে মানে কিছু মুষ্টিমেয় লোকৰ বাদে প্ৰায়সংখ্যক লোকে পুথি অধ্যয়নৰ অভ্যাস বাদ দিছে বুলি কব পাৰি | পুথি অধ্যয়ন কমি যোৱাৰ ফলতেই আজিৰ নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা দেখা গৈছে | 

      গতিকে সকলোৱে পুথি অধ্যয়নৰ উপকাৰিতাৰ কথা উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে | বিশেষকৈ নৱপ্ৰজন্মই এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগে | পুথি অধ্যয়নৰ বাবে তেওঁলোকে সকলো চেমনীয়াক সজাগ কৰি তুলিব লাগে| গাঁৱে-ভূঞেঁ চহৰে-নগৰে  পুথিভঁৰাল নিৰ্মাণৰ পৃষ্ঠপোষকতা কৰিব লাগে | কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ দল গঠন কৰিব লাগে | অভিভাৱক সকলেও নিজৰ সন্তানক গ্ৰন্থ অধ্যয়নৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰি তুলিব লাগিব তেহে আমাৰ দিনক দিনে স্খলিত সমাজখন পুনৰ সুশৃংখলিত ৰূপত ঠন ধৰি উঠিব | 


        পূৰ্বৰ তুলনাত আজিৰ সমাজত কিতাপ পঢ়াৰ মানুহ তেনেই কম। মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰৱনতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ পৰিবৰ্তে হ্ৰাস পাবলৈহে ধৰিছে। এয়া এখন সমাজৰ বাবে অশুভ সংকেত। নতুন প্ৰজন্মৰ কথা কৈ থাকোঁতে আমাৰ সময় গৈছে নিজে কিন্তু আমি প্ৰত্যেকেই কিতাপ পঢ়াৰ কথা নকওঁ। আনক কওঁ কিন্তু নিজে নকৰোঁ।  সময়ৰ ব্যস্ততাৰ কাৰণতেই হওঁক বা ইলেক্ট্ৰনিক মাধ্যমৰ ব্যাপক প্ৰভাৱতেই হওঁক  কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধৈৰ্য্য সচাঁকৈয়ে হেৰাই যোৱা যেন অনুভৱ হয়। কিতাপ পঢ়াৰ প্ৰতি ৰাপ নাথাকিলে কিতাপ সংৰক্ষণত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেয়ে আহক কিতাপ পঢ়ো, আনকো পঢ়ুৱাও আৰু সংৰক্ষণ কৰিবলৈ ভৱিষ্যত প্ৰজন্মৰ বাবে।  গ্ৰন্থ অধ্যয়ন এটা ভাল অভ্যাস। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ গুৰুত্ব কমি গৈছে। বৰ্তমান প্ৰেক্ষাপটত এই গ্ৰন্থ অধ্যয়নক এটা আন্দোলন কৰিব লাগিব। এতিয়া আন্দোলনে হে ইয়াক আকৌ প্ৰসাৰ কৰিব। বৰ্তমান নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নক চিনাকি কৰি দিব লাগিব আৰু ইয়াৰ বাবে আমাৰ বুদ্ধিজীৱী সকল সক্ৰিয় হব লাগিব।


ফোনঃ ৯১২৭২৪৭৫১৯


Doksiri দকচিৰি, মাৰ্চ, ২০২৩

 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages