ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ জন্ম তিথিত এটি প্ৰবন্ধ...
মিনু হাজৰিকা
মানুহৰ সুখ দুখৰ লগৰী সুন্দৰ সেৱক শিল্পী আৰু কবি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ বিমূৰ্ত সৌন্দৰ্যৰ পূজাৰী অথবা পলায়নবাদী ৰূপ সৰ্বস্ত সুকুমাৰ কলাৰ পৰিপোষক নাছিল তাৰবিপৰীতে তেওঁৰ বিশ্বাস আছিল যে কাব্য সাহিত্য, ভোগবিলাস বিনোদনৰ সামগ্ৰী ৰূপে যদি ব্যৱহৃত হয় তেন্তে তেনে সাহিত্যৰ কোনো সাৰ্থকতা নাথাকে। তেওঁ জনতাৰ সেৱাত লগা কলাৰ অনুশীলন হৈ আদৰ্শৰ পৰিপোষকতা কৰিছিল। তেওঁ কাব্য সাহিত্য জাতীয় পৰিচায়ক হ'লেও ভাৰতীয় আৰু বিশ্বজনীন ভাৱক সেই জাতীয় ভাৱনাই প্ৰতিবন্ধক ৰূপে বাধা দিয়া নাই। তেওঁ কবি হিচাপেও জাতীয়তাৰ ঘাঁহনিত সুন্দৰ সাধনাত আগবাঢ়ি যোৱা কবি অথবা চিত্ৰশিল্পী নাছিল। তেখেত বহুমুখী প্ৰতিভাৰ বৰ্ণাধ্য আৰু উন্মেষশালিনী আছিল। মানসিক সম্পদ হিচাপে তেওঁ অনুকুল উৎসাহ আৰু পৰিবেশ পাইছিল তেজপুৰত। বুকুৰ সান্নিধ্যত তেওঁ লগ পাইছিল প্ৰসন্নলাল চৌধুৰী, প্ৰফুল্ল বৰুৱা, ফুনু বৰুৱা, বিষ্ণু ৰাভা, তুলসী ভট্টাচাৰ্য, ৰাধিকা দাস, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, অন্নদা পদ্ম পতি, আদি ভালেকেইজন মঞ্চ শিল্পী। এই সকলৰ সান্নিধ্যৰ প্ৰভাৱে জ্যোতিপ্ৰসাদৰ প্ৰতিভা বিকাশত সহায় হৈছিল। অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ সংগীত, নাটক, অভিনয় জগতৰ চিত্ৰশিল্প, কবিতা, শিশু সাহিত্য কলা বিচাৰ আৰু স্বকীয় বিচাৰবোধ, সৌন্দৰ্য ধাৰণাৰ সুস্পষ্ট স্বাক্ষৰ ৰাখি গৈছে। ৰূঢ় বাস্তৱৰ মুখামুখি হৈ আদৰ্শক কাৰ্যত পৰিণত কৰিবলৈ তেওঁৰ জীৱনত অহোপুৰুষাৰ্থ চেষ্টা কৰিব লগাত পৰিছিল। তেনেকৈ অসমৰ কলা সাহিত্যৰ মজিয়া খনত নতুনত্বৰে স্থবিৰতা ভাঙি যি বৰঙণি দি গ'ল তাৰ তুলনা নাই। নিজস্ব ঐতিহ্য বিসৰ্জন দি সংস্কৃতিৰ সমন্বয় তেওঁ বিচৰা নাছিল। ভাৰতীয় দৰ্শনৰ, পাশ্চাত্য সংগীতৰ সমন্বয়ক প্ৰতিফলিত কৰিছিল। তেখেতৰ নাটকত কাব্য ধৰ্ম, নাট্য ধৰ্ম দুয়োটা দিশে পৰস্পৰ পৰিপূৰক শ্ৰেণীত ভাগ কৰিব পাৰি। তেওঁৰ বহুমুখী প্ৰতিভাৰ নি:সন্দেহে যিখিনি হিৰণ্ময় কবিতা কৰিছে সেইখিনিয়ে দেশৰ মানুহক, মাটিৰ মানুহক জীৱনৰ কলাক ধুনীয়া কৰি মানুহৰ প্ৰাণক ধুনীয়া কৰি মুক জনতাৰ মুখত সুন্দৰ ভাষা দিবলৈ প্ৰয়াস কৰি দীপ্ত সুৰত বাস্তৱৰেই লৈছে সংকল্প। ::::::
এটি কবিতাৰে
"ল'ৰালিতে ডেও দি ফুৰে কলিজাত ফুল ফুলে" ::::::
**************
মিনাৰত বহি থকা নহয় যে
তুমি জীৱন শিল্পী,
দিশহাৰা ৰুপসাগৰত
ডুবি ডুবি নহয় যে
নাৱিকৰ দৰে উদভ্ৰান্ত!
নিৰ্মল চকুপানীৰে মেলিবোৰ পখালি
হাড়ে হিমজুৱে তুমি জনতাৰ শিল্পী।
তোমাৰ জালিকটা সপোনপুৰীত
সৌন্দৰ্য পিয়াসী ৰূপ চঞ্চল
ল'ৰালিতে ডেও দি ফুৰে,
কলিজাত ফুল ফুলে
গছে পাতে জোন জ্বলে,
কল্পনাৰ পকষীৰাজে ফটা কাণিৰ পুতলা সাজে।
মনৰ কাহিনীত শুকান লাঠিডালে ঘোঁৰা হৈ চেকুৰ মেলে।
মাটিৰ সুবাস লোৱা
বোকাপানীৰ উম পোৱা,
প্ৰাণৰ হেঁপাহৰে
দেশৰ মানুহকে ধুনীয়া কৰি
আজি ৰূপকোঁৱৰ হ' লাহি।
পৃথিৱীয়ে জানে,
পৃথিবীয়ে কান্দে
পৃথিবীয়ে হাঁহে
জ্যোতিৰে জ্যোতি
পৃথিবী আলোকময়
অমৃত সমন্বয় ।
জ্যোতিপ্ৰসাদৰ কবিতাত গভীৰ স্বদেশানুৰাগ, দেশাত্মবোধ, উদ্দাত্ত আহ্বান, তেজস্বী শব্দ বিন্যাসৰ প্ৰদীপ্ত ভাষা প্ৰকাশ পোৱাৰ লগতে নতুন আৰু পুৰণিৰ একাত্মবোধ প্ৰবল ধাউতি আৰু মংগল ময় মহত্বৰ কামনাৰে ভাববাদী কবি হ'লেও সমাজৰ উদাসীন কবি নহয়, তেওঁৰ আদৰ্শই জগত প্ৰতিষ্ঠা কৰা নিৰৱ বিপ্লৱী কবিৰ ধাতুৰে গঢ়া।
No comments:
Post a Comment