তাই
প্ৰিয়ানুজ হাজৰিকা
তাই নীলা আকাশৰ কথা এনেকৈ কৈছিল যে
মই তাইৰ নাম থৈছিলোঁ নীলাভ প্ৰিয়া ।
নীলসমুদ্ৰৰ মাজত বিলীন হৈ
মেঘাচন্ন আকাশৰ বুকুত তাই ৰচিছিল
হেজাৰটা সুৰীয়া সাধু ।।
তাই তৰাবোৰৰ কথা এনেকৈ কৈছিল যে
তাইৰ নাম ৰাখিছিলো নীহাৰিকা ।
সেই তৰাবোৰ চাই তাই নিজকে প্ৰশ্ন কৰিছিল
কিয় ইমান মসৃণ তৰাৰ পোহৰ
কিয় সূৰ্যৰ দৰে উজ্জ্বল নহয় জোতিষ্ক ?
তাই সেউজীয়াবোৰৰ কথা এনেকৈ কৈছিল যে
মই তাইৰ নাম থৈছিলোঁ শ্যামলীমা ।
তাইৰ কেনভাচত জিলিকি উঠিছিল
চিৰসেউজ অৰণ্য আৰু কিবা কিবি
মূলতঃ সেউজীয়া আৰু সেউজীয়া।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment