মোৰ সোঁহাতখন
প্ৰজ্ঞাপাৰমিতা বৰুৱা
কাৰ্বি আংলং
মোৰ সোঁহাতখন কেতিয়াবা মই বিচাৰি ফুৰোঁ।
ধুৰন্ধৰ হাতখন কেতিয়াবা মোৰ বাউসীত নাথাকে।
যেতিয়া মই কিবা এটা লিখোঁ বুলি বহোঁ,
জেঠিৰ ছিগা নেজডালৰ দৰে হাতখন গৈ ধৰফৰাই থাকে গৈ
চহৰখনৰ কদৰ্যময় আৱৰ্জনাৰ দ'মটোৰ ওপৰত।
আচৰিত ধৰণে
ছিঙা হাতখন দেখাৰ পিছতেই
বিষ এটা মোৰ শৰীৰেৰে উজাই আহে আৰু বাউসীৰ পৰা গজি আহে এখন নতুন হাত।
কেতিয়াবা ফুলত পানী দিবলৈ গৈ দেখোঁ, মোৰ সোঁহাতখন নাই।
তেতিয়াই বানে ছিগা মথাউৰিত কোনোৱা মাছুৱৈৰ জালত এখন ভচভচীয়া উঁৱলী যোৱা হাত উঠিছে বুলি খবৰ পাওঁ।
আকৌ এখন হাতে তেতিয়া বিষ-কোব লৈ নকৈ পোখা মেলি আহে।
হাতখন হেৰায়,
হেৰুৱাটো আজিকালি পুৰণি কথা।
নামঘৰলৈ যাওঁ,
সেৱাটো ল'বলৈ
বাওঁহাতখন আছে, সোঁহাতখন বিচাৰি নাপাওঁ।
কেতিয়াবা হাতখন
মজাৰলি পৰুৱা এবাহে চুঁচৰাই নি থকা দেখোঁ।
পৰুৱাৰ পিঠিত উঠি অকৰ্মণ্য হাতখন চুঁচৰি চুঁচৰি গৈ থাকে
জঠৰ আঙুলিবোৰে পিছমুৱা হৈ আঁকি গৈ থাকে
একাবেকা কিছু সোঁৱৰণীৰ আঁচ।
এনেকৈয়ে দিনে দিনে
নিজৰ আপোন হাতখন হেৰুৱাইছোঁ।
নতুন হাত এখন পিন্ধিছোঁ যদিও
নতুনবোৰ পুৰণি হৈ চিগি পৰা দেখিছোঁ।
হাতখন ছিগাৰ কোনো আগজাননী নাথাকে।
ছিগাৰ পিছতো না-বিষ, না-তেজ,
কেৱল গজি উঠিবলৈকে বিষবোৰ বাঢ়ে।
আজিকালি হাতখন হেৰুৱাবলৈ তিলমানো ভয় নালাগে।
নতুন হাতখনে গজাই অনা বিষটোৱেহে
কোঙা কৰে বাহু।
মোৰ সোঁহাতখন কেতিয়াবা বাউসীত নাথাকে,
হেৰুৱাটো অৱশ্যে আজিকালি পুৰণি কথা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment