অজগৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

অজগৰ



 অজগৰ


               কাৰ্চাং তাকাৰ



সময়ে দিলেগৈ মোৰ নতুন সূৰ্য

ককাঁল ভাঙি উজাল হ'ল এই শৰৎ


কহুঁৱাকো আমণি নকৰো

হৃদয় ভঙা পজা এতিয়া ঠেহ পাতা

সাগৰ,

অজগৰ !

সময়ো তাকৰ ॥


অজগৰে গিলিছে মোৰ বৰ্ষা 

আছিলো একালৰ চিৰিকালি

আছিলো মই অৰঙে-দৰঙে ফুৰা,

জুই-আঙনি।


হলেওঁ অজগৰ 

পিতাইৰ দেহো আতঙা 

আইয়ে  বান্ধিব কিমান?

পিতাইৰ তমাল ।


আইৰ দুপৰীয়া আহাৰে

ঘড়ীৰ কাটাডালকনো ঘুৰাবনো 

কিমান?

অজগৰ ॥



Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages