পিতৃ
ৰূপা গগৈ
বৰষুণত তিতি
ৰ'দত শুকাই
প্ৰচণ্ড গৰমত বিৰিঙে দেহত ঘামৰ টোপাল
গাত থাকে একোটি নামত মলিয়ন ফটা বনিয়ন
লাজ নিবাৰণৰ বাবে মাথোঁ নামত এটুকুৰা বস্ত্ৰ ।
দুখ-ভাগৰ যেন নাই দেহত
এটুপি পানীৰে ভোক গুচাই
দিন-ৰাতি এক কৰি মাথোঁ কৰে পৰিশ্ৰম
কাৰণ তেওঁ এজন পিতৃ ।
মূৰৰ ওপৰত তেওঁ অলেখ বোজা
কাকনো ক'ব ,কোনেনো শুনিব জীৱনৰ কৰুণ কথা
জীৱন মানেই যে সংগ্ৰাম
বুজি উঠে প্ৰতিটো খোজত
নিজৰ বেলিকা ভাবিবৰ সময় নাই তেওঁ
পিতৃৰ দায়িত্ব কৰিবই লাগিব পালন ।
নোৱাৰে সন্তানক আনৰ আগত তুচ্ছ হ'বলৈ দিব
লাজত তলমূৰ কৰি খোজ দিবলৈ
নিজে মৰি সন্তানৰ মুখত হাঁহি বিৰিঙাই
ৰাখিবলৈ কৰে তেওঁ আপ্ৰাণ চেষ্টা ।
কত যে সহে কত জনৰ পৰা তিৰস্কাৰ
পুত্ৰৰ মুখখনিলৈ মনত পেলাই নীৰৱে সকলো সহি যায়
তেওঁ যে এজন দায়িত্বশীল পিতৃ
যাৰ তুলনা পাবলৈ নাই ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment