চৰি নুফুৰা দিনৰ ...
লখিমী নেওগ
শিৱসাগৰ
বাইচনীয়া কোবাই ফুৰিছে আজি
বুকুৰ দ লৈ পোত খোৱা শিপা এডালি
ৰঙাই থকা বুকুৰ পকনীয়াত
শিল এটা পঁচিবলৈ এৰি দিছো
(অনৰ্থক)
এচুকৰ হালি পৰা
পুৰণি ভেটি এটাত
ঘূণীয়া দিনবোৰৰ আয়ূ বাঢ়ি গৈছে
ক্ৰমাৎ ভোকাতুৰৰ ওফন্দা পেটৰ দৰে
আঁঠুৱনীয়া বিষ এখিনি এবুকু হোৱা দিনবোৰত
ৰ’দজাক হালি পৰে
মনৰ বৰ অসুখ হোৱা বাটতে
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment