সযতনে
নাজমিনা মজিদ
ধুবুৰী
যতনে আলফুলে থৈছোঁ
এবুকু মৰম তোমালৈ
হৃদয় কক্ষত কাইটৰ বেৰ জপনাৰে
সজাইছোঁ চোৰে সোমাব নোৱাৰাকৈ
সাতোৰঙী সপোনৰ বাটত ৰামধেনু
দেখাৰ হেঁপাহত আছোঁ ৰৈ
ৰচিছোঁ অলেখ্ সপোন
হ'বা এদিন মোৰ আপোন
তুমিয়েই হ'বা প্ৰেমৰ ব্যাকাৰণ
মইয়ে কৰিম তোমাক অধ্যায়ন।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment