আকৌ এবাৰ প্ৰেমত পৰিছো
লহৰজ্যোতি মৰাণ
আকৌ এবাৰ প্ৰেমত পৰিছো
নীলা খামৰ চিঠি সাজিছো;
সোণবৰঙীয়া শব্দৰ মালা গাঠিছো
অনুভৱৰ দলিছা পাৰিছো।
কম কম বুলি ভাবিও ক'ব নোৱাৰো
গোপন মনৰ গোপন কথাটি;
আকৌ এবাৰ ভাল পাই পেলাইছো
উৰিব ধৰা অচিন পক্ষীজনীক।
ভালপোৱা ভাললগা অনুভৱ বোৰ
ফেচবুক,ৱাইটচপ ইষ্টুটাচ দিওঁ
তোমাৰ নামৰ মিঠা অনুভৱবোৰ
শব্দমালাৰে প্ৰকাশ কৰিব খোজো;
কি দৰে ভালপাই পেলাইছো
তোমাক এবাৰো বুজাব নোৱাৰো ।
মাজনিশা উৰিচিঙা বিননীত
উজাগৰে নিশা সাৰে থাকো
তোমাৰ কথাকে ভাবি ভাবি;
শিতানৰ গাৰুটিত মূৰ গুজু
উৰে নিশা সপোন ৰচোঁ।
তুমি নজনাকৈয়ে চাগে মই
আকৌ এবাৰ প্ৰেমত পৰিছো।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment