মিচিং নাৰী তুমি অনন্যা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

মিচিং নাৰী তুমি অনন্যা

 


মিচিং নাৰী তুমি অনন্যা 


দেৱজিৎ পেগু

   

মিচিং নাৰী তুমি অনন্যা।

তোমাক কৰিছোঁ শত কোটি প্ৰণাম।।

তুমি নহয় কেৱল এক নাৰী সত্ত্বা।

তুমি বিনন্দিয়া পৃথিৱীৰ সপোন সাকাৰ কৰোঁতা।।

তোমাৰ সৃষ্টি অতি অনুপম।

তোমাৰ হাতৰ পৰশত প্ৰাণৱন্ত বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্য।।

তুমি মিচিং সভ্যতা-সংস্কৃতিৰ বিৰল বাহক।

তোমাৰ হাততে জিলিকি উঠে নানা ৰঙী নানা ফুল তাঁতশালত। 

তোমাৰ মস্তিষ্কৰ উৰ্বৰতাত মিচিং জাতি আজি বিশ্বদৰবাৰত ভোটা তৰা।

তোমাৰ সৰলতাত আজিৰ কৃত্ৰিমতা নিষ্প্ৰভ।।

তুমি নহয় কেৱল কাৰোবাৰ ভগ্নী, মাতৃ কিম্বা পত্নী।

তুমি মিচিং জনগোষ্ঠীৰ বয়ন শিল্প সংস্কৃতিৰ এক অপৰাজয় সাধিনী।।

মিচিং নাৰী তুমি অনন্যা।

তোমাৰ হাতৰ পৰশত নীল আকাশৰ চন্দ্ৰ, সূৰ্য, তৰা

আৰু নক্ষত্ৰ জীৱন্ত হৈ উঠে তাঁতশালত।

তুমি নিৰক্ষৰ হৈও মহান তপস্বিনী।

তোমাৰ বক্ষতে বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্যতাৰ সদা জ্যোৰ্তিময়ী।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages