গোৱালপাৰা
মিনু হাজৰিকা
গোৱালপাৰা
গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা ৷ ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩ খন জিলাত বিভক্ত কৰা হয়। গোৱালপাৰা , ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা। গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলাত অন্তভুৰ্ক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা ৷ গোৱালপাৰা আৰু লক্ষীপুৰ।
এই জিলাৰ মানুহে অসমীয়া আৰু বঙালী সংস্কৃতিৰ মিশ্ৰণ। প্ৰায় ৫৭,৫২% জনসংখ্যা মুছলিম , ৩৪,৫১% হিন্দু আৰু ৭.৭২% খ্ৰীষ্টান আৰু ০.৮% শিখ আৰু অন্যান্য। বেছিভাগ মানুহ ময়মনসিংহী বঙালী (বাংলাদেশী উপভাষা) আৰু কিছুমান মানুহে গোৱালপৰীয়া উপভাষাত ( অসমীয়া ভাষা ) কথা পাতে। যি সকলে গোৱালপৰীয়া উপভাষা ( অসমীয়া)ত কথা পাতে সিহঁতে উজানী আৰু ভাটিয়া সংস্কৃতি সমূহৰ লগতে ভাষাৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। আদিবাসী জনগোষ্ঠী, যি সকল সংখ্যাত কম, সিহঁতেও জিলা খনৰ সংস্কৃতিত অৱদান ৰাখিছে। জিলাখনত বসবাস কৰা কোচ জনগোষ্ঠীৰ লোক সকলোৰ সংস্কৃতিও বাৰেবৰণীয়া।
২০১১ চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা জিলাৰ জনসংখ্যা ১০,০৮,১৮৩জন। জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৪৩ নং স্থান লাভ কৰিছে। ২০০১-২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ২২.৬৪%। ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৭ গৰাকী। সাক্ষৰতাৰ হাৰ ৬৭.৩৭%। জিলা খনত বাস কৰা প্ৰধান সম্প্ৰদায়বোৰ হ’ল - ৰাভা, গাৰো, হাজং, কলিতা, কোঁচ, ৰাজবংশী, দেশী মুছলমান, অবিভাষী মুছলমান, বড়ো ইত্যাদি।
সংস্কৃতি বুলিলে ঠাই এখনৰ বাসিন্দাসকলৰ মাজত চলি অহা কুটিৰ শিল্প , গীত-মাত, লোক নৃত্য, পৰম্পৰাগত খাদ্য, বস্ত্ৰ, ৰন্ধন কলা আদি।
লোক সংগীত বুলিলে, গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী “ প্ৰতিমা পাণ্ডে বৰুৱা“ক স্মৰণ কৰিবই লাগিব। বনৰীয়া হাতী ধৰি পোহ মনাবলৈ দিনৰ পিছত দিন ঘৰৰ পৰা দূৰত কটাব লগা হোৱা মাউত, ফান্দী সকলৰ বিৰহত ছটফটাই থকা পত্নী তথা প্ৰেয়সীৰ মৰ্মবেদনা বৰ্ণনা কৰি গোৱা গোৱালপৰীয়া লোক গীত প্ৰেম আৰু কৰুণ ৰসৰ অভূতপূৰ্ব সংগম। সমগ্ৰ জিলাখনতেই অসংখ্য মঠ মন্দিৰ, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ বিল যেনে উৰপদ, কুস্ৰী আদি বিল আছে।
গোৱালপাৰাত চৈতন্য সংস্কৃতিৰ বিকাশৰ অৰ্থে ১৯৬৯ চনত চৈতন্য গৌডিয়া মথ প্ৰতিষ্ঠা কৰা হয়। শ্যামৰাই সত্ৰ প্ৰায় তিনিশ বছৰৰ পূৰ্বে গোৱালপাৰাত স্থাপন কৰা হৈছিল। এই সত্ৰই গোৱালপাৰাত সত্ৰীয়া সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। এই সত্ৰত মহাপুৰুষ শংকৰদেৱৰ অস্থি সংৰক্ষিত আছে বুলি জনা যায়। এই অস্থি শংকৰ জয়ন্তীৰ সময়ত ৰাইজৰ পৰিদৰ্শনৰ বাবে মুকলি কৰা হয়।
গোৱালপাৰাৰ পীৰ মাঝাৰ হজৰত চায়েদ আবুল কাচেম খাৰছানিৰ কবৰস্থান। গোৱালপাৰাৰ ইছলাম ধৰ্মী লোকসকলৰ কবৰস্থান সমূহ এই মাঝাৰক কেন্দ্ৰ কৰি স্থাপিত হৈছে। প্ৰতি বছৰে পীৰ গৰাকীৰ মৃত্যু তিথিৰ দিনা ইয়াত উৰোছ মোবাৰক পালন কৰা হয়।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতি সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান। দেশী-বিদেশীৰ পৰ্যটকৰ এক আকৰ্ষণস্থলী। উত্তৰপূৰ্বাঞ্চলৰ “ইলোৰা“ খ্যাত শ্ৰীসূৰ্য পাহাৰত এনে কেতবোৰ সমল লুকাই আছে যিবোৰে দেশবিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে। হিন্দু, বুদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্যৰ লগতে ইয়াৰ মনোমোহা। শ্ৰীসূৰ্য পাহাৰৰ শিলাত খোদিত একলাখৰ এটা কম অৰ্থাৎ ৯৯,৯৯৯ টা শিলত খোদিত শিৱলিঙ্গ আছে বাবে ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয়। গোৱালপাৰা চহৰৰ পৰা ১২ কিঃমিঃ পূৱ দিশত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ। মুঠতে ধৰ্মকেন্দ্ৰিক ঐতিহাসিক ঠাই সমূহৰ ভিতৰত সকলোতকৈ প্ৰখ্যাত ঠাইখনে হৈছে শ্ৰীসূৰ্যপাহাৰ। য’ত শিলে কথা কয়।
নামনি অসমৰ গোৱালপাৰা জিলাত অৱস্থিত ঐতিহাসিক সম্পদসমূহে বিশ্বৰ বুকুত জিলাখনৰ এক সুকীয়া পৰিচয় দি আহিছে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment