অপেক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

অপেক্ষা



 অপেক্ষা


                  মিনু হাজৰিকা


ৰৈ আছো বহাগলৈ,

ফাগুনে আমনি কৰা বাবেই।

হঠাৎ ফাট মেলি আহিব খোজ,


ফাগুনৰ প্ৰথম বৰষুণ জাকে...

প্ৰবঞ্চনা কৰিব খোজা বাবেই 

তোলৈ বৰকৈ মনত পৰিছে।



কিমান চাই থাকিম আৰু ! 

লঠঙা গছৰ ঠৰঙা পাতৰ পগলিয়া ৰূপ।


পাতৰ ৰঙৰ দৰে সলনি কৰিবলৈ এবাৰ নাহিবিনে 

বিষন্নতাই ছানি ধৰা মানুহৰ 

মনৰ ৰং সলনি কৰিবলৈ।


দুখবোৰে হেজাৰ হানক,

হনা খোঁচা তাৰ কামেই।

তই আহিলে অন্তত বছৰ ভৰা 

কিছু সুখৰ আশা কৰো বুলিয়েই কৰো।


মনত প্ৰচণ্ড হেচা মাৰি 

যোৱা বাটে তইও যাবিগৈ।

তথাপিতো, তই যে তইয়েই 

তই মোৰ “বহাগ”,



মোৰ কলিজাৰ এফাল 

মোৰ হিয়াৰ আমঠু।।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages