বড়ো জনগোষ্ঠীৰ “বৈশাগু উৎসৱ” এটি অৱলোকন
নাছিৰ আহমেদ
শিমলাবাৰী, গোৱালপাৰা
বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী। ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়ো সকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰে পৰা হিমালয়ৰ উত্তৰে চীন দেশৰ পশ্চিমে অৱস্থিত “বডো, (Bodo)” দেশৰ বাসিন্দা সকলে খৃষ্টঃপূঃ প্ৰায় পোন্ধৰ শতিকাতেই গোটেই পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লিখিত কিৰাত সকলেই এই পূব ভাৰতৰ বড়োসকল। এসময়ত “বডো (Bodo)" অঞ্চলত বসবাস কৰা বাসিন্দা সকলক বডো ফিচা বা বডোচা বুলি কোৱা হৈছিল। বডো মানে ভূমি ফিচা বা চা মানে সন্তান অৰ্থাৎ ভূমিৰ সন্তান। কালক্ৰমত তেওঁলোকক বডো বা বড়ো বুলি জনাজাত হয়।
এই বড়ো জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহ হ'ল কোকৰাঝাৰ, চিৰাং বাক্সা আৰু ওদালগুৰি জিলা। ইয়াৰ উপৰিও কাৰ্বি আংলং, গোৱালপাৰা, কামৰূপ, নলবাৰী,দৰং, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, মঙ্গলদৈ আদি জিলাত বড়োসকল সিঁচৰতি হৈ আছে। এসময়ত গোটেই গুৱাহাটীত বড়োসকল গিজগিজাই আছিল। তদুপৰি পশ্চিমবঙ্গ, মেঘালয়, অৰুণাচল ভূটান, নেপাল, বাংলাদেশ আদি দেশতো বড়োসকলে বসবাস কৰি আছে।
এই বড়ো জনগোষ্ঠীৰ মাজত কেইবাটাও হিন্দু, খৃষ্টান ধৰ্মীয় অনুষ্ঠান বা উৎসৱৰ উপৰিও বড়ো জনগোষ্ঠী হিচাপে অতি প্ৰাচীন কালৰে পৰা এওঁলোকে বিভিন্ন সাংস্কৃতিক বৈচিত্ৰময় পৰম্পৰাগত উৎসৱ উদযাপন কৰি আহিছে। তাৰ ভিতৰত প্ৰধান উৎসৱ হ’ল বৈচাগু বা বৈশাগু উৎসৱ। বড়ো উচ্চাৰণ মতে बैसागु ইংৰাজী উচ্চাৰণ Bwishagu. বৈচা বা বৈশা মানে নতুন বছৰ, আগে বা আগু মানে আৰম্ভণি; অৰ্থাৎ নতুন বছৰৰ আৰম্ভণি। ব’হাগ মাহৰ আৰম্ভণিতে অসমৰ সকলো জনগোষ্ঠীয়ে অসমীয়াৰ বাপতি-সাহন ৰঙালী বিহু তথা ব’হাগ বিহু উদযাপন কৰাৰ উপৰিও নিজৰ নিজৰ জাতীয় উৎসৱ পালন কৰাৰ দৰে বড়োসকলেও নতুন বছৰৰ আৰম্ভণি ব'হাগ মাহক বৈশাগু উৎসৱ পালন কৰি নতুন বছৰক আদৰণি জনায়। বৈশাগু উৎসৱ বড়ো সকলৰ মাজত প্ৰচলিত এটি কৃষি-কেন্দ্ৰিক বসন্তকালীন উৰ্বৰা উৎসৱ। ভিন্ন লোকাচাৰ আৰু লোকবিশ্বাসৰ মাজেৰে তেওঁলোকে এই বৈশাগু উৎসৱ পালন কৰে। প্ৰকৃতিয়ে যেতিয়া নৱ ৰূপ লয়, গছে কুঁহিপাত মেলে, আমে মলিয়ায়, কপৌ ফুল পাহ ৰমকজমক হৈ পৰে,তগৰ ফুলৰ গোন্ধত মন-প্ৰাণ আমোলমোলাই যায়, কুলি-কেতেকীয়ে গছৰ পাতৰ আঁৰত মধুৰ গীত জুৰে। ডেকা-গাভৰুৰ মন থৌকি বাথৌ কৰে, তাঁত শাল, ঢেঁকীশাল গমগমাই উঠে। বৰদৈ চিখলাজনীৰ আগমন ঘটে, তেতিয়া বৈশাগু উৎসৱ পালন কৰা হয়। এই চ’ত সংক্ৰান্তিৰ দিনাৰ পৰা (যাক বড়ো ভাষাত মসৌদোমাহী বুলি কয়) একেলেথাৰিয়ে সাতদিন ধৰি উদযাপন কৰা দেখা যায়। প্ৰথম দিনটিক কোৱা হয় মাখাউ বা মাচাউ অৰ্থাৎ গৰু বিহু। মোসৌনি বৈশাগু বুলিও কোৱা হয়। গৰুক নদীত গা ধুওৱাবলৈ লোৱাৰ আগতে গৰুক ধান খাবলৈ দিয়ে, শিঙত আৰু খুৰাত সৰিয়হৰ তেল সানে, ভাতৰ চৰুৰ ছাই, কাজল আৰু সৰিয়হ তেল মিহলাই গৰুৰ গোটেই গাত ফুট ফুটিয়াকৈ চিন লগাই দিয়ে। বড়ো সকলে গৰুক মাইনাও (লক্ষ্মী) বুলি মৰম-স্নেহ যাঁচে। নদী বা বিলৰ পাৰত গা ধুওৱাৰ আগতে তেওঁলোকে গৰুৰ গোটেই গাত হালধি সানে। তাৰ পিছত চাকৰ পৰা চকল চকলকৈ কাটি অনা লাউ, বেঙেনা গৰুৰ গালৈ দলিয়াই দি দীঘলতী পাতেৰে গৰুৰ গাত ফুৰাই ফুৰাই কয় –
“লাও জা ফানথাও জা
বৈচৰে বৈচৰে এৰ হাঞ্জা হাঞ্জা
বিমানী খিতেৰ বিফানী খিতেৰ
নংজাগন হালোৱা গিদেৰ
বিমা গাইদে বাদি দাজা
ফিফা বলদ বাদি জা
বাৰি খনানি এম্বু বংলা
বেবাদি জা গিদিৰ জাঙ্গীলা।
(লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু।
চাপৰ নহ'বি বলধৰ দৰে ডাঙৰ হ’বি। ওচৰত থকা বেং-ভেকুলীৰ দৰে ডাঙৰ হ’বি।”
গা ধুওৱাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্ন গোহালিত নতুন পঘাৰে বান্ধি ৰাখি বৈশাগু বুলি বৰা চাউলেৰে বনোৱা স্বৰাই খাবলৈ দিয়া হয় আৰু গিচিপৰে (বিচনীৰে) বা দিয়া হয়। সেই দিনাখন বড়োসকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ নিয়ম অনুসৰি নানা শাক-পাচলিৰ ব্যঞ্জন ৰান্ধি খায়। বহুতে আকৌ সাতদিনৰ ভিতৰত এই নিয়ম পালন কৰে। এশ এবিধ শাকৰে বনোৱা খুংখা নিমপাত আৰু বিভিন্ন পাচলিৰ সৈতে অমাবেদ (গাহৰি) বা কুকুৰাৰ মাংস ৰান্ধি খায়।
দ্বিতীয় দিনাখন মানসী অৰ্থাৎ মানুহ । সেইদিনা বাথৌ দেৱতাৰ পূজা আৰু পূৰ্ব পুৰুষক সুঁৱৰি শ্ৰদ্ধা জনায়। বড়ো সকলে সিজু গছক বাথৌ দেৱতা ৰূপে গণ্য কৰে।
বাথৌ দেৱতাৰ সন্মুখত পূজাৰ উপাচাৰ আৰু বলিৰ জীৱ-জন্তু, পশু-পক্ষী আদি থৈ দেওধনীয়ে পূব ফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পাছত বহি আঁঠু লৈ মন্ত্ৰ মাতে। ওজাৰ পাছত গাঁৱৰ বুঢ়া-মেথা বহে।দেউৰীয়ে দেওধনীৰ বাওঁফালে কিছু আঁতৰত বহে। সেই সময়ত খেৰাই নৃত্য চলি থাকে। এই খেৰাই নৃত্য বা উৎসৱ প্ৰজনন আৰু উৰ্বৰা শক্তিৰ প্ৰতীক-স্বৰূপ। ই বসন্তকালীন উৎসৱ। আই-মাতৃক সন্তুষ্ট কৰাৰ বাবে বাথৌ পূজা চলি থকাৰ পাছতো এই খেৰাই নৃত্য বা উৎসৱ চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি বাদ্য এই খেৰাই নৃত্য বা উৎসৱত ব্যৱহাৰ কৰা হয়।
মানসি বৈশাগুৰ দিনা বড়োসকলে তেওঁক উপাস্য দেৱতা বাথৌক কৃষি ক্ষেত্ৰৰ উৎপাদনৰ বাবে জৌ বিদৈ আৰু কুকুৰা উচৰ্গা কৰে। ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি গা পা ধুই বাথৌ দেৱতাৰ সন্মুখত নৈৱেদ্য আগবঢ়োৱাৰ উপৰিও চোতালৰ দক্ষিণ দিশত পূৰ্ব-পুৰুষৰ উদ্দেশ্যে তামোল-পাণ, মাছ-মাংস, ফলমূল জৌ বিদৈ আদি অৰ্পণ কৰি পূজা অৰ্চনা কৰে। এইদিনাখন সৰুৱে ডাঙৰক সেৱা আগবঢ়ায়। ডাঙৰে সৰুক আশীৰ্বাদ কৰে। ছোৱালী বিলাকে “আৰনাই, গামোচা দি নতুন বছৰক আদৰণি জনায়। মানসি বৈশাগুৰ দিনা খেৰাই নৃত্য বা উৎসৱ পালন কৰাৰ উপৰিও বড়োসকলে দলবান্ধি গাঁৱৰ চোতালে চোতালে বা পথাৰত পৰম্পৰাগত বাদ্য যন্ত্ৰ বজাই বজাই বৈশাগু নৃত্য বা গীতৰ আৰম্ভণি কৰে। তাতেই তেওঁলোকে অমাবেদৰ (গাহৰি) ৰ সৈতে জৌ বিদৈ (চাউলৰ পৰা তৈয়াৰ কৰা একপ্ৰকাৰৰ পানীয় বা দেশী মদ) খাই দলবান্ধি এঘৰৰ পৰা আন ঘৰলৈ গৈ বৈশাগু নৃত্য বা গীত পৰিৱেশন কৰে।
“দাওদৈ নানগৌ
দাওদৈ দাওদৈ দাওদৈ
দাওদৈ গুয়াবলা
ইচিং খনানি জৌ বিদৈ।”
(আমাক কণী লাগে। যদি কণী নাই, তেন্তে আমাক পাকঘৰত থকা জৌ বিদৈ লাগে)
তৃতীয় দিনাখন চাইমা বা সৈমা বৈশাগু (কুকুৰ) চতুৰ্থ দিনাখন অমা (গাহৰি) বৈশাগু পঞ্চম দিনাখন দাও বৈশাগু (কুকুৰা, পক্ষী বৈশাগু) ষষ্ঠ দিনাখন হাংস ফাৰ বৈশাগু (হাঁহ আৰু পাৰ বৈশাগু) সপ্তম দিনাখনক খুৰমা বৈশাগু (আত্মীয়-স্বজন বৈশাগু) বুলি কোৱা হয়।
এনেদৰে সাতদিন ধৰি বৈশাগু উৎসৱ বড়ো জনগোষ্ঠীৰ লোকসকলে বিভিন্ন লোকাচাৰ আৰু লোকবিশ্বাসৰ আধাৰত উদযাপন কৰে। ইয়াক অসমীয়া সাত বিহুৰ লগত তুলনা কৰিব পাৰি।
বৈশাগু উৎসৱৰ সময়ত তেওঁলোকে বাগৰুম্বা আৰু বৰদৈচিখলা নৃত্য প্ৰদৰ্শন কৰে। জৌইলাউ (পুৰুষ) সকলে চিফুং বাঁহী, চেৰজা (ভায়লিনৰ দৰে) থৰকা (টকা) খাম (ঢোল) চিখলা (গাভৰু) সকলে গংগনা (গগণা) জথা, বাথা, বিবুং (তাল) লৈ ঘৰে ঘৰে বা পথাৰত পৰম্পৰাগত বাদ্য যন্ত্ৰ বজাই বজাই পৃথিৱীক শস্য- শ্যামলা কৰিব বিচাৰে।প্ৰকৃতিৰ মনোমোহা উৎসৱ বৈশাগুত বড়ো চিখলা (গাভৰু) সকলে প্ৰকৃতিৰ মাজত উপলব্ধ সেউজীয়া, হালধীয়া ৰঙৰ দখনা, সেউজীয়া, ৰঙা ৰঙৰ জুম্ব্ৰা ব্যৱহাৰ কৰে। আজিকালি নানা ৰঙৰ দখনা পিন্ধা দেখা যায়। এতিয়া দখনাৰ লগত ব্লাউজো ব্যৱহাৰ কৰে। মূৰত কপৌ ফুল পিন্ধে।পুৰুষ সকলে গামোচা ধুতিৰ দৰে ব্যৱহাৰ কৰে। ছোৱালী বিলাকে “আৰনাই দি (গামোচা) প্ৰেমাস্পদক নতুন বছৰৰ দিনা উপহাৰ দিয়ে। সংক্ষেপে বড়োসকলৰ বৈশাগু উৎসৱৰ বিষয়ে আলোচনা কৰা হ’ল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment