জোনাকৰ জলপ্রপাত যেন অ’ মোৰ প্ৰাণৰ অৱনৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, November 1, 2026

জোনাকৰ জলপ্রপাত যেন অ’ মোৰ প্ৰাণৰ অৱনৰি



 জোনাকৰ জলপ্রপাত যেন অ’ মোৰ প্ৰাণৰ অৱনৰি


ৰুদ্ৰ সিংহ মটক


অ’ মোৰ বুকুৰ সোৱণশিৰি ! 


মোৰ পাহ মেলা হিয়াৰ লহপহ্ সেউজ দুপাৰ চুই                                   

কুলু-কুলু তই বৈ আছ যুগ যুগ অনন্ত কাল

মোৰ সপোনৰ স্থপতি যেন নজহা-নপমা এখন সোণৰ

সূতাৰ সাঁকোৰে


পুৱাৰ গান গোৱা চৰাইজনীৰ আকাশী চকুৰ মণিত

অথবা মোৰ ভাগৰৰ দুপৰীয়া চাকি থোৱা এবাতি

আপঙৰ দাপোণখনিত

বাৰে বাৰে জুমি চাওঁ তোৰ চঞ্চলা জিঞাপাখি মুখ

ৰি-বি-গাচেং ৰ’দৰ ঢউ খেলা বুকু


তোৰ লতাগুল্ম যেন শিলৰ সোঁতত বৰশী টোপাই

ককাদেউতাই হেনো নাদবামি আৰু বৰকাছ ধৰিছিল

আয়ে আবেলিৰ মিৰিঝিমৰ তাঁতৰ পাতত গুণাগুণাই গাইছিল

তোৰ নামৰ সোণফুলীয়া আখৰ


জোনাকৰ জলপ্রপাত যেন তোৰ তৰা তেজৰ হিৰণ্ময় স্থাপত্য ভাঙি, 

ব্যাকুল মই ৰূপালী মাছবোৰ খেদি ফুৰিছিলো,

নাচনী জলকুঁৱৰীহঁতক জোকাইছিলো এদিন দুদিন

বহুদিন


তোৰ শিল্পময় ওঁঠৰ মিনা কৰা নীলা চুই

তোৰ নাৰিকলপতীয়া আঁচলৰ ৰঙা মুকুতা-ফুলাম ঢৌ চুই

মোৰ যৌৱনৰ তৰাবোৰ তিৰবিৰাই জ্বলিছিল


আকাশ চুই মই পাখি মেলি উৰিছিলো এজাক বনৰীয়া হাঁহৰ স’তে

কপাহ-কোমল মেঘৰ মায়াময় সাঁকোৰে নাচি নাচি

মই নামি আহিছিলো পদুম পদুম এখন পোহৰৰ

ফুলনিলে’

হালি পৰা মাগুৰী ধানৰ হেঙুলীয়াৰ মাজলে... 


আলি-আই লৃগাঙৰ দিনা মোৰ সোণৰ সপোন

ভাগিছিল ওমলা বালিঘৰৰ দৰে


তোৰ ৰঙা-আলতীয়া দুপাৰৰ ৰ’দ-বৰষুণৰ

ভাস্কৰ্যখচিত সেই সুপ্রাচীন শিলছটাত বহি

লংকামজনীৰ স’তে উচুপি উচুপি কান্দিছিলো


হালোৱা মোৰ লগত শিক্ষিতা তাইক হেনো 

বিয়া সোমাব নিদিয়ে! ....


কান্দি কান্দি আমি শিলৰ দৰেই গহীন হৈ গৈছিলো

হুকহুকাই হুকহুকাই বতাহজাকো নুমাই গৈছিল চকুলোৰ  

সাগৰ-তলিত


ৰঙা তেজৰ গভীৰত তেতিয়াও জিলমিলাই

জ্বলি আছিল একুঁকি পবিত্র প্ৰেমৰ মণিক... 


সোৱণশিৰি অ’ !


থোকা-থুকি গধুলিৰ নিজান ভাঙি

এবাৰ তোক সুধিম বুলি ভাবিছিলো

সোণ-জিৰি-জিৰি তোৰ তেজৰ তলৰ আগ্নেয় ফলকতো

খোদাই কৰা আছে নেকি বাৰু জংকি-পানেইৰ

ফাটি পৰা পকা-ডালিম কলিজাৰ পোৱালমণি গুটি যেন

প্ৰজ্বলিত এথুপি আখৰ

নে তই লুকুৱাই থৈছ তোৰ থকবক চাকনৈয়া-বুকুত

সিহঁতৰ আধৰুৱা সপোনৰ ভগা-ছিগা পাপৰিৰ এটা ঘন নীলা

সুবৃহৎ শোকৰ কলচি? 


সাগৰ-বহল দৰদভৰা হৃদয়ৰ তইচোন 

ভালকৈয়ে জান, সোৱণশিৰি

লেলিহান ধনলিপ্সা, আত্মস্বাৰ্থৰ কূপমণ্ডুকতাত

অমৃতপুত্ৰই কিদৰে হেৰুৱাই ওঁঠৰ অমল হাঁহি

স্বপ্নময় জীৱনৰ শস্যোজ্বল সুজলা সুঁতি;

কিদৰে প্ৰেমহীন পলসহীন অনুৰ্বৰ হৃদয়বোৰ গোট মাৰি

অহল্যা শিল হয় ক’ব নেৱৰাকৈয়ে

সাতটি লয় ৰ’দহীন জোনাকহীন শেলুৱৈৰ চিৰ এন্ধাৰ

আদিম আকাশ


এই গুহা মানুহবোৰেই শিল-কুঁৱলিৰ আঁৰ লৈ

হায়েনাৰ হাতোৰাৰে যুগে যুগে থানবান কৰে

আমাৰ দৰে এটি কলি দুটি পাতৰ প্ৰেমময় জীৱনৰ

বা-ৰিব্-ৰিব্ বা-ৰিব্-ৰিব্

ৰঙা ফাগুনৰ গান


ঘনায়মান জোনাকৰ জলপ্ৰপাত যেন অ মোৰ 

প্ৰাণৰ অৱনৰী !


যুগ-যুগৰ মহাসাধনাৰে তপ্ত সূৰ্যময় সোঁতাল তোৰ

শোণিতপ্ৰভা কবিতাৰ বুকুৰ তড়িৎ উমেৰে

হৃদয়হীন মানুহৰ হৃদয়ৰ মমিবোৰ পাৰ যদি

ভাঙি-ছিঙি গলাই-পমাই সিহঁতৰ তেজৰ গভীৰতো

বোৱাই দিবি ঐনিতমৰ বাঁহীৰ দৰেই যুগমীয়া


দৈ-জিৰি-জিৰি দৈ-জিৰি-জিৰি

জীয়া প্ৰেমৰ এসুঁতি


(বিঃদ্ৰঃ যোৰহাট সাহিত্য সভাৰ বকুলবন বঁটা (২০০১) প্ৰাপ্ত কবিতা।)

          

ঠিকনাঃ

অম্বিকাগিৰি নগৰ,

হাউছ নং–তিনি, ত্ৰিবেণী পথ,

গুৱাহাটী -৭৮১০২৪,

ফোন-৭০০২৩০৩৮৮২


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages