মই সুখী
জিতেন নৰহ
জীৱনক লৈ মোৰ কোনো অভিযোগ নাই।
মই কেৱল উপভোগ কৰোঁ।
পুৱাই ভাই বোৱাৰীয়ে যচা ফিকা চাহকাপত
মই পঞ্চ তাৰকা হোটেলৰ চাহৰ আমেজ পাওঁ।
অসুখীয়া দেউতাৰ প্ৰসাৱ-পায়খানাত
আৰৱীয় নিশাৰ সুগন্ধ পাওঁ।
মানুহজনীয়ে পেলোৱা তামোলৰ পিকত
মই পাবলো পিকাচোৰ শিল্পকৰ্ম দেখা পাওঁ।
মোৰ কোনো অভিযোগ নাই।
মই বেজি-সূতা লৈ ফটা সপোনৰ সীয়নি চিলাওঁ।
জোৰা-তাপলি মাৰি চিলাবোৰ বতাহত উৰুৱাওঁ।
মাজে মাজে পক ধৰা চুলিবোৰ
ধান এটা লৈ তুলি আনো।
বল-তেজ নোহোৱা ফেনখনৰ ব্লেডলৈ চাই জীৱন জুখোঁ।
শত্ৰু-মিত্ৰই মোক লৈ কৰা চৰিত্ৰ পাঠ
"বাদ দিয়াহে" বুলি
একাণে শুনি সিকাণে উলিয়াই দিওঁ।
মোৰ কোনো অভিযোগ নাই
সেয়ে মই সুখী।
শূণ্য হাতে অহা মই মানুহজনক
জীৱনে কি দিয়া নাই?
সকলো দিছে।
সপোন দিছে পুহিছোঁ
ঘৰ দিছে সাৰি পুচি ৰাখিছোঁ
মন দিছে পিন্ধিছোঁ উৰিছোঁ
গাড়ী দিছে ঘূৰিছোঁ
জীৱিকা দিছে সততাৰে কৰ্তব্য পালন কৰিছোঁ।
মোৰ কোনো অভিযোগ নাই
সেয়ে মই সুখী।
ভগৱানৰ প্ৰসাদ পাবলৈ মই পুৰুষাৰ্থ কৰোঁ।
উপহাৰ পাবলৈ মই সময়ক সন্মান জনাওঁ।
জিভাৰ তলত তাবিজ বান্ধি
মই মৌন হৈ থাকোঁ
সেয়ে মই সুখী
জীৱনক লৈ মোৰ কোনো অভিযোগ নাই।
মই কেৱল উপভোগ কৰোঁ।
সেয়ে মই সুখী।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment