সাগৰ আৰু ঢৌ
হিমাংশু শইকীয়া
চঞ্চল ঢৌৱে সাগৰৰ প্ৰশান্ততাৰ সুযোগ লৈ
তোমাক চুই চোৱাৰ আপাহতে পাৰলৈ আহে
তোমাক চুলে ঢৌবোৰ দুষ্ট হৈ পৰে
বলিঘৰ ভাঙি সপোন হ'ব খোজে।
সাগৰে মৌনতা বুজে
ঢৌবোৰে থুনুকা মন
সাগৰে সাৱটি ল'লে
ঢৌবোৰে গান গাব জানে।
তুমি বিষণ্নতাবোৰ দি আহা সাগৰক
সাগৰে তোমাক ঢৌবোৰ
তাৰ পাছত সাগৰক কোনেও সাগৰ নুবোলে।
সাগৰক কঢ়িয়াই ফুৰা তোমাৰ চকুত;
মই তোমাৰ মৌনতা বুজি নাপাওঁ
তোমাৰ চকুজুৰিলৈ চাওঁ
ঢৌবোৰ দুষ্ট হৈ পৰে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment