মোক বিবস্ত্ৰ শৰীৰ নালাগে
ববী দত্ত
টীয়ক
মৰুভূমি নহয়, মৰুদ্যান লাগে
ফল ফুলেৰে জাতিষ্কাৰ এখন দেশ মোক লাগে
জোনাকী আৰু আকাশৰ তৰাৰ পোহৰত নিজক উজ্বলাব পৰা ঠাই এখন মোক লাগে
প্লাষ্টিক পুৰাৰ গোন্ধৰ সলনি নৱপ্ৰস্ফুটিত ফুলৰ সুঘ্রাণে বতাহত ঠিকনা লিখা সময় মোক লাগে
বিচাৰি চলাথ কৰিলেও নোপোৱা সময়ত কেঁচুৱাবোৰৰ কান্দোন আৰু হাঁহিবোৰ মঙ্গল আৰতি।
নাৰীক সদায় নাৰী হৈ থাকিবলৈ দিয়া। ডাইনী নসজাবা।
য’ত মুক্ত বতাহে বাউলি কৰিব পাৰে মেলি ৰখা চুলি
যি স্থানত নাৰী সুশক্তি আৰু সুসৃষ্টিৰ আধাৰ
সেই দেশতেই বাজে মাঙ্গলিক বাদ্য খটখতি কঁপাই
মেহগনী পালেঙত বিৰহ কাতৰা বিবস্ত্ৰ
শৰীৰ মোক নালাগে
নালাগে বুভুক্ষাৰ পেটত গামোচা বন্ধাৰ বিভৎস দিন
ৰেডক্ৰছ লাইন(শৰীৰ চোৱা প্ৰেমৰ নগ্ন স্বৰূপ)
মোক লাগে শৰীৰ ঢকা আদৰ্শৰ প্ৰেম, বহু দূৰত থাকিও ওচৰত থকা বিমল অনুভৱ!
জীৱনানন্দৰ চৰাইৰ বাহ।
উফ! কি আত্মিক প্ৰেমৰ মৰ্যদা!
মই বৃদ্ধৰ সংগীহীন জীৱন আৰু যন্ত্ৰণাৰ চকুপানী চাব নোৱাৰো। আকাশ চপৰা চপৰে খহি পৰে।
গলি গলি শেষ হয় মোৰ স্থিতপ্ৰজ্ঞতাৰ স্থিতি।
আই বোপাইৰ ৰঙচুৱা ধুতি আৰু চাদৰৰ আচলতে
বন্ধা থাকে যাউতিযুগীয়া মৰমবোৰ।
সোণত বাখৰ খটোৱা
লগৰীয়াবোৰৰ ধেমালি চুপতিবোৰ মৃত্যুঞ্জয় মন্ত্ৰ। সহোদৰৰ কান্ধত কান্ধ মিলাই যোৱাৰ হাবিয়াস
মুক্ত মনৰ মুক্তক ছন্দ।
আহাচোন আমি নীলা অকাশখনৰ তলত এখন অন্য আকাশ সাজোঁ।
হাঁহিবোৰ তৰা হওক, শিশুবোৰ ফুল হওক,
আই- বোপাই আশীৰ্বাদ হওক, সুখবোৰ উশাহ হওক
ৰংবোৰ জীৱন হওক, নাৰী শক্তি হওক
আৰু আমিবোৰ ?
আমি প্ৰত্যেকেই একো একোজন মানুহ হওঁ আহাঁ!
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment