প্ৰদূষণমুক্ত চিত্ৰৰ অংকন
দীপ্তি ঠাকুৰ গোস্বামী
দাদৰা নগৰ হাভেলি, দমন
কণজুনে উচুপি উচুপি মোৰ ওচৰলৈ আহিছে। আজি তাইৰ মনটো একেবাৰেই বেয়া। পোহৰৰ উৎসব তথা আলোকসজ্জাৰ উৎসৱ দীপান্বিতা কেইদিনমানৰ পিচতে উদ্যাপন কৰিবলৈ সকলো মানুহ সাজু হৈছে। সিহঁতৰ গাঁৱতো এই উৎসব পালন কৰিব। আজিকালি গাঁৱৰ বহু লোক নগৰমুখী হোৱাৰ কাৰণে গাঁৱতো আগৰ আনন্দবোৰ বহু পৰিমাণে কমা পৰিলক্ষিত হৈছে। আজিকালি সাধাৰণতে অমিতাৰ খোলাত বস্তি জ্বলোৱা দেখা নাযায়। নাহৰগুটি জ্বলোৱাৰ পিচত যি উজ্জ্বল পোহৰৰ দৃশ্যমান হয় সেয়া অতি মনোমোহা। নৱ প্ৰজন্মই এই সুন্দৰতাখিনি উপভোগ কৰিবলৈ সুবিধাই পোৱা নাই।
আজি ককায়েক বিবেকে দেউতাকৰ সৈতে কিছুমান ফটকা (পটকা) বজাৰৰপৰা কিনি আনিছে। সেয়েহে তাইৰ মনটো বেয়া। তাই ইমান সৰুতেই পৰিৱেশৰ ওপৰত গুৰুত্ব দিছে ভাবিলে মনটো আনন্দৰে ভৰি পৰিল। তাইৰ মতে ফটকা ফুটালে আকাশখন ধোঁৱাৰে কুঁৱলী-কুঁৱলী হ’ব।
তেতিয়া বায়ু প্রদূষণ হ’ব। লগতে সিহঁতৰ বাৰীৰ পিচফালে থকা আম, কঁঠাল, লেটেকু, নাৰিকল, তামোল গছবোৰত যথেষ্ট চৰাইয়ে বাহ সাজি আছে। সিহঁতে ফটকাৰ শব্দত বিহ্বল হৈ ৰাতি উৰিবলৈ আৰম্ভ কৰিব। এইবোৰ দৃশ্যই তাইক কন্দুৱায়। লগতে তাই মানসিকভাৱে এইকেইদিন অশান্তিত ভুগিছে। এইবোৰ কথা তাইৰ ককায়েক বিবেকক বুজায়ো একো কৰিব নোৱাৰিলে। পিচত বিবেকে কথাটো উপলব্ধি কৰিলে। তাৰ মনলৈ এটা সু-বুদ্ধি আহিলে। গাঁৱৰ কাষৰে বৈ যোৱা নদীখন যিখন নদীয়ে বাৰিষা পলস পেলাই সিহঁতৰ পথাৰখন শস্য শ্যামলা কৰি তোলে সেই নদীৰ পাৰতে ফটকাখিনি থৈ আহিল। সি প্রতিজ্ঞা কৰিলে কেতিয়াও আৰু ফটকা ফুটাই পৰিৱেশ বিনষ্ট নকৰে। তাৰ এনে কাৰ্য দেখি কণজুনৰ মুখখন হাঁহিৰে বিৰিঙি উঠাত তাৰো মনটো আনন্দৰে ভৰি পৰিল। সিহঁতে ভাবিলে যে মিঠাতেলৰ চাকিৰে উজলাই তুলিব সিহঁতৰ ঘৰখন। প্ৰদূষণ মুক্ত এটা পৰিৱেশৰ চিন্তা কৰি সিহঁত দুটাই নাচি নাচি গীত জুৰিলে সুমধুৰ কণ্ঠেৰে....।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment