লাচিত বৰফুকন
প্ৰৱীণ ৰাজ বংশী
জাজৰি, মৰিগাঁও
তুমি প্ৰাণৰো প্ৰাণ তুমি সচাকৈয়ে মহান
তোমাৰ বীৰত্ব সচাকৈয়ে অতুলনীয়।
তেওঁ আছিল আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰ
তেওঁ সাহসী আৰু মানৱীয় আছিল।
বৰফুকনৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নবেম্বৰত,গড়গাঁৱত লাচিতৰ বীৰত্ব, পৰাক্ৰমৰ উমান পায় আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতি বৰফুকন পদত নিযুক্তি দিছিল।
তাৰ পাছত মোগল সেনা মিৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহোতে এই আক্ৰমণ লাচিতে পৰাজয় কৰি বীৰযোদ্ধা হিচাবে পৰিচয় দিছিল।
এনেতে ১৬৭১ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত অন্তিমখন যুদ্ধ আৰম্ভ হয়। এইখনেই শৰাইঘাটৰ ৰণ বুলি জনা যায়। আহোম আৰু মোগলৰ মাজত মাজত হোৱা এই মহাযুদ্ধ খনৰ আহোমৰ প্ৰধান সেনাপতি আছিল মহাবীৰ লাচিত বৰফুকন। লাচিতৰ নেতৃত্বত শৰাইঘাটৰ ৰণত পৰাস্ত হলেও মোগল সেনাপতি ৰামসিংহই লাচিতক বীৰত্বৰ প্ৰশংসা কৰি কৈছিল লাচিত সামান্য বীৰ নহয়।
শৰাইঘাটৰ ৰণৰ পাছতেই ডাঙৰ বেমাৰ হ’ল আৰু
লাচিত বৰফুকনৰ মৃত্যু হৈছিল গুৱাহাটীত।
তেখেতলৈ শতকোটি প্ৰণাম
এই গৰাকী মহান বীৰ যোদ্ধাৰ পবিত্ৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতি বছৰে ২৪ নবেম্বৰ দিনটোক লাচিত দিৱস হিচাবে পালন কৰি আহিছে। আহোম বুৰঞ্জীৰ সৰ্বশ্ৰেষ্ঠ বীৰ সেনাপতি লাচিত বৰফুকন অসমৰ বীৰ প্ৰতীক ৰূপে চিৰযুগমীয়া হৈ থাকিব যুগ যুগ ধৰি।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment