পোহনীয়া সপোনটো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, November 1, 2024

পোহনীয়া সপোনটো

 


পোহনীয়া সপোনটো


                                     অনিতা মেধি মিশ্র

                                              বঙাইগাঁও


বাঢ়ি অহা ৰাতিৰ কাচিজোনটো

নাৰিকল পাতেৰে সৰকি

সিঁচি দিছিল চোতালত

সুখৰ নিচুকনি গান। 


বিস্ৰুত বাৰিষাৰ স্মৃতিত

শৰতৰ সুন্দৰতাই পলস জাপে


দূৰৈৰ পাহাৰৰ ছাঁত

অলেখ সপোনৰ উকমুকনি 


কপাহী মেঘৰ আলোড়নত

কবিৰ বুকুত ভাবনাৰ হেন্দোলনি।


ঘন আন্ধাৰত নিয়ৰৰ টোপাল হৈ

আশাবোৰ চোতালত সৰে। 


ওৰহীন উদ্দীপনাত

প্ৰহৰে-প্ৰহৰে শিপাই মাটিৰ বুকুত

পোহনীয়া সপোনটো... 


কাণ উণাই উমান লওঁতেই

বিলীন হ’ল হিয়াৰ কোণত

আবেলিৰ ৰ’দালিত

জাক্ জাক্ বালিমাহী, শৰালি... 


আহিনৰ পথাৰত

আমেজ ভৰা সৃষ্টিৰ

সেউজীয়া ঢৌ


সপোনৰ পোহাৰ মেলি

দুচকুত জিলিকে

অনুপম সম্ভাৰ লৈ

জীৰ্ণ কামিজৰ প্ৰতিশ্ৰুতি। 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages