যীশুখ্ৰীষ্ট
ৰঞ্জন বর্মন
বগীনদী, লখিমপুৰ
নদীৰ বুকুত মোৰ জন্ম
নদীৰ পৰাই শিকিছো স্বাধীনতাৰ গান
বুজা হোৱাৰে পৰা নীলা আকাশক
ঘৰ বুলি ভাবিছো
জোনাকী পৰুৱাৰ স’তে উদযাপন কৰিছো কত বিষাদ গধুৰ ৰাতি
মন গ’লেই নাও মেলি দিছো দূৰ দিগন্তলৈ। নাইবা
গা পুৰি নিয়া দুপৰীয়া এটাক পিঠিত লৈ পৰিভ্ৰমণ কৰিছো
বালিৰ উপত্যকা
মন গ’লেই দূবৰিৰ দলিচাত বহি কবিতা আওৰাইছো
চিনাকী-অচিনাকীৰ স’তে কথা পাতিছো কালমাক্স নাইবা
গান্ধীৰ
মন গ’লেই দুহত মেলি বৰষুণত তিতিছো
কাগছৰ নাও উটুৱাইছো
নাইবা দুভাগ ৰাতি ফুঁৱাই ফুৰিছো গৰখীয়া বাঁহী
মই নদীৰ দৰে হ’ব খুজিছিলো - স্বাধীন
চৰাইৰ দৰে হ’ব খুজিছিলো - মুক্ত
কিন্তু ৰজাঘৰীয়াই
মোৰ হাত আৰু ভৰিত গজাল মৰাৰ পাছৰে পৰা
মই যীশুখ্ৰীষ্ট।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment